চুবুৰীয়া ৰাজ্য তামিলনাডু কৰ্ণাটকৰ কাবেৰী নদীৰ পানী মুকলিক লৈ বিতর্ক অব্যাহত আছে ৷ কাবেৰী নদীৰ পানী মুকলি কৰাৰ প্ৰতিবাদত শুকুৰবাৰে কৰ্ণাটক বন্ধৰ আহ্বান জনাইছে কানাড়া সমৰ্থক সংগঠন আৰু কৃষক সংগঠনে। শুকুৰবাৰে পুৱা ৬ বজাৰ পৰা সন্ধিয়া ৬ বজালৈ বন্ধৰ আহ্বান জনোৱা হৈছে ৷পুৱাৰে পৰা বেংগালুৰুকে ধৰি কৰ্ণাটকৰ বিভিন্ন প্ৰান্তত বন্ধৰ প্ৰভাৱ পৰিলক্ষিত হৈছে ৷ বেংগালুৰুত বন্ধ কৰি দিয়া হৈছে সকলো শিক্ষানুষ্ঠান। অপ্ৰীতিকৰ পৰিস্থিতিৰ পৰা হাত সাৰিবলৈ আৰক্ষীয়ে মহানগৰীৰ বিভিন্ন প্ৰান্তত ১৪৪ ধাৰা জাৰি কৰিছে। মাণ্ডিয়া জিলাতো ১৪৪ ধাৰা জাৰি কৰা হৈছে।
বিগত কিছুদিন ধৰি কৰ্ণাটকত তামিলনাডুৰ কাবেৰী নদীৰ পানী মুকলি কৰাক লৈ প্ৰতিবাদ অব্যাহত আছে ৷ বিভিন্ন অঞ্চলত অচলাৱস্থাৰ সৃষ্টি হৈছিল। ইফালে কানাড়া সমৰ্থক সংগঠন ‘কানাড়া অকুটা’ আৰু বিভিন্ন কৃষক সংগঠনে শুকুৰবাৰে ১২ ঘণ্টীয়া বন্ধৰ আহ্বান জনায়। কৰ্ণাটকৰ অটো ৰিক্সা আৰু হেল ৰাইডাৰ্ছ এছ’চিয়েশ্যনে এই ধৰ্মঘটলৈ সমৰ্থন আগবঢ়ায়। ফলত শুকুৰবাৰে কৰ্ণাটকৰ পথত ওলা, উবেৰৰ দৰে কেব সেৱা বন্ধ হৈ পৰে । শ্বপিং মল, চিনেমা হল আদিও বন্ধ থাকে । বন্ধৰ ফলত বিমান সেৱাও প্ৰভাৱিত হোৱা পৰিলক্ষিত হয় ৷
অৱশ্যে কৰ্ণাটক ৰাজ্য চৰকাৰৰ পৰিবহণ নিগম আৰু বাংগালুৰু পৰিবহণ নিগমৰ বাছ সেৱা অব্যাহত ৰাখিছে । খোলা থাকে বেংকসমূহ। চিকিৎসালয়, এম্বুলেন্সৰ দৰে জৰুৰীকালীন সেৱাসমূহ কাৰ্যক্ষম কৰি ৰখা হৈছে ৷ বিজেপি, জেডিএছৰ দৰে দলসমূহেও এই বন্ধক সমৰ্থন কৰিছে। বন্ধক কেন্দ্ৰ কৰি সৃষ্টি হ’ব পৰা পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে নিৰাপত্তা ব্যৱস্থা কটকটীয়া কৰি তোলা হৈছে ৷
কাবেৰী নদীৰ পানীক লৈ কৰ্ণাটক আৰু তামিলনাডুৰ মাজত বিবাদ দীৰ্ঘদিন ধৰি চলি আহিছে। শেহতীয়াকৈ কাবেৰী পানী বিতৰণ ব’ৰ্ড বা কাবেৰী পানী ব্যৱস্থাপনা কৰ্তৃপক্ষই কৰ্ণাটকক ১৫ দিনৰ বাবে তামিলনাডুলৈ ৫ হাজাৰ কিউচেক পানী এৰি দিবলৈ নিৰ্দেশ দিছে। এই সিদ্ধান্তত উচ্চতম ন্যায়ালয়ে হস্তক্ষেপ কৰিব বিচৰা নাছিল। ইয়াৰ পিছত কৰ্ণাটকত বন্ধৰ আহ্বান জনোৱা হয় ৷