১২টা দীঘলীয়া বছৰৰ পাছত ভাৰতত আয়োজন কৰা হৈছে বিশ্বকাপ। বৃহস্পতিবাৰৰ পৰা ইংলেণ্ড বনাম নিউজিলেণ্ডৰ খেলৰ জৰিয়তে এই প্ৰতিযোগিতা আৰম্ভ হয়। বিদেশৰ পৰা বহু অনুৰাগীয়ে খেল চাবলৈ আহে, ঘৰুৱা অনুৰাগীসকলেও এখন ৰাজ্যৰ পৰা আনখন ৰাজ্যলৈ ভ্ৰমণ কৰিব ৷ ১০খন চহৰত খেলা হ’ব বিশ্বকাপৰ মেচ । এটা ব্যক্তিগত সংস্থাৰ হিচাপ অনুসৰি বিশ্বকাপৰ বাবে ভাৰতীয় অৰ্থনীতিয়ে প্ৰায় ২৬ হাজাৰ কোটি টকা লাভ কৰিব।
আৰম্ভ হৈছে বিশ্বকাপ। আৰু কিছুদিনৰ পাছত সমগ্ৰ দেশতে আৰম্ভ হ’ব উৎসৱৰ বতৰ। ফলত বিশ্বকাপ চোৱাৰ উপৰিও অনুৰাগীৰ মাজত বজাৰ কৰাৰ আগ্ৰহো বাঢ়িব। বিশ্বকাপৰ ফলত ভ্ৰমণ আৰু হোটেল সেৱাৰ ক্ষেত্ৰত অধিক আৰ্থিক লাভ হ’ব। ইয়াৰ উপৰিও ভাৰতৰ এই ১০খন চহৰ ভ্ৰমণ কৰিবলগীয়া দেশ-বিদেশৰ অনুৰাগীৰ এটা অংশই উৎসৱৰ বতৰত বজাৰ কৰিব বিচাৰিব। ফলত সেই দিশতো লাভৰ পৰিমাণ বৃদ্ধি পাব।
টিভি আৰু ডিজিটেলৰ সৈতে মিলি বিশ্বকাপ চোৱা লোকৰ সংখ্যাও যথেষ্ট বৃদ্ধি পাব বুলি অৰ্থনীতিবিদসকলে আশা কৰিছে। যোৱা বিশ্বকাপত সেই সংখ্যা আছিল প্ৰায় ৫৫ কোটি। এইবাৰ ১০০ কোটি অতিক্ৰম কৰিব পাৰে। ফলত ১০,৫০০ কোটিৰ পৰা ১২ হাজাৰ কোটি টকাৰ আয় হ’ব পাৰে। বিশেষজ্ঞসকলে দাবী কৰিছে যে উৎসৱৰ বতৰৰ বাবে মানুহৰ খুচুৰা বজাৰৰ প্ৰতিও আগ্ৰহ বাঢ়িব।
কিন্তু এইটোও মন কৰিবলগীয়া যে বিশ্বকাপৰ আশে-পাশে মুদ্ৰাস্ফীতি বৃদ্ধি পাব। ইতিমধ্যে বিশ্বকাপৰ বাবে বিমান ভাড়া, হোটেলৰ ভাড়া আকাশলংঘী হৈছে। আগন্তুক দিনত ই অধিক বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে। বিশেষজ্ঞসকলৰ মতে অক্টোবৰ আৰু নৱেম্বৰ মাহত মুদ্ৰাস্ফীতি ০.১৫-০.২৫ শতাংশ বৃদ্ধি পাব।
চৰকাৰেও যথেষ্ট লাভৱান হ’বলৈ গৈ আছে। টিকট বিক্ৰী, হোটেল, ৰেষ্টুৰেণ্ট, খাদ্য ডেলিভাৰী আদি বহু ঠাইৰ পৰা কৰ পাব। অনুৰাগীৰ আগ্ৰহ বৃদ্ধিৰ লগে লগে লাভ বৃদ্ধি পাব। ভাৰতৰ অৰ্থনীতি শক্তিশালী হ’ব বিশ্বকাপৰ জৰিয়তে ।