গুজৰাটৰ সোমনাথ মন্দিৰত আজি পূজা অর্চনা কৰে হাৰ্দিক পাণ্ডিয়াই। এইবাৰৰ আই পি এলত এতিয়ালৈকে এখনো মেচত জয়ী হোৱা নাই মুম্বাই ইণ্ডিয়ানছ। সেই দলৰ অধিনায়ক হার্দিক। যোৱা বছৰ তেওঁ গুজৰাট টাইটানছৰ অধিনায়ক আছিল। হাৰ্দিকৰ জন্ম হৈছিল গুজৰাটত।
১ এপ্ৰিলত ৰাজস্থান ৰয়েলছৰ বিৰুদ্ধে মুম্বাই পৰাস্ত হৈছিল। পৰৱৰ্তী মেচ দেওবাৰে অনুষ্ঠিত হ’ব । ছয় দিনৰ বিৰতি লাভ কৰিছে মুম্বাই দলে । সেই সময়ত গোটেই দলটো ভ্ৰমণৰ বাবে গুজৰাটলৈ গৈছিল। সংবাদ সংস্থা পিটিআইয়ে প্ৰকাশ কৰা এটা ভিডিঅ’ত এই ভ্ৰমণৰ সময়তে হাৰ্দিকক সোমনাথ মন্দিৰত পূজা কৰা দেখা গৈছে।
মুম্বাইয়ে এই পৰ্যন্ত তিনিখন মেচ খেলিছে। তিনিওখনতে পৰাজিত হৈছে দলটো ৷ আহমেদাবাদত গুজৰাট টাইটানছৰ বিৰুদ্ধে পৰাজয়ৰ পৰা হাৰ্দিকৰ পুৰণি দলটোৱে আৰম্ভণি কৰিছিল। ইয়াৰ পিছত ছানৰাইজাৰ্ছ হায়দৰাবাদৰ বিৰুদ্ধে পৰাস্ত হয়। সেই মেচত হায়দৰাবাদে ২৭৭ ৰান সংগ্ৰহ কৰিছিল। সেই ৰানৰ প্ৰত্যুত্তৰত মুম্বাইয়ে ২৪৬ ৰান সংগ্ৰহ কৰে। শেষৰখন খেলত ৰাজস্থানৰ বিৰুদ্ধে পৰাস্ত হৈছিল মুম্বাই। পাঁচবাৰৰ আই পি এল বিজয়ী দলটো এতিয়াও লীগ টেবুলৰ তলত আছে। অহা ৭ এপ্ৰিলত জয়লাভ কৰি আই পি এলত বিজয়ী তালিকালৈ ঘূৰি আহিব বিচাৰিব হাৰ্দিকে। ৱাংখেদেত দিল্লী কেপিটেলছৰ বিৰুদ্ধে খেলিব মুম্বাইয়ে। সেই মেচৰ আগতে অধিনায়কে পূজা আবঢ়ায় ৷
দিল্লী মেচৰ পূর্বে মুম্বাইয়ে সূৰ্যকুমাৰ যাদৱক পুনৰ দলত স্থান দিছে৷ ইমান দিনে আঘাতৰ বাবে খেলিব পৰা নাছিল যাদৱে। তেওঁ পুনৰ দলত যোগদান কৰাৰ লগে লগে মুম্বাইৰ বেটিং অধিক শক্তিশালী হ’ব।