যোৱা সাত বছৰত আমেৰিকাত এটাও সম্পূৰ্ণ সূৰ্যগ্ৰহণ হোৱা নাই। গতিকে সোমবাৰৰ সম্পূর্ণ সূৰ্যগ্ৰহণৰ লগে লগে আমেৰিকাৰ বিভিন্ন ৰাষ্ট্ৰত উন্মাদনাৰ সৃষ্টি হৈছে। সজাই পৰাই তোলা হৈছে বিভিন্ন অঞ্চল ৷ সূৰ্যগ্ৰহণ চোৱাৰ বাবে নাছাই কেইবাটাও বিশেষ পদক্ষেপ গ্ৰহণ কৰিছে।
নাছাই গ্ৰহণ উপলক্ষে চাৰিটা নতুন প্ৰকল্প উদ্বোধন কৰিছে ৷ এক নিৰ্দিষ্ট উচ্চতাৰ পৰা গ্ৰহণ পৰ্যবেক্ষণৰ বাবে আকাশলৈ প্ৰেৰণ কৰা হৈছে বিশেষ গৱেষণা বিমান। নাছাৰ ডব্লিউ বি-৫৭( WB-57) উচ্চ উচ্চতাৰ গৱেষণা বিমানখনে সমুদ্ৰপৃষ্ঠৰ পৰা ৫০ হাজাৰ ফুট উচ্চতাত উৰিব। সেই বিমানখনৰ পৰাই সূৰ্যগ্ৰহণৰ সময়ত সূৰ্যৰ ক’ৰ’না মাত্ৰা নিৰীক্ষণ কৰা হ’ব । ইয়াৰ উপৰিও আমেৰিকাৰ বিভিন্ন প্ৰান্তত সূৰ্যগ্ৰহণ চাবলৈ বিভিন্ন ব্যৱস্থা কৰা হৈছে। স্কাইডাইভিঙৰ ব্যৱস্থাও কৰা হৈছে ৷
সোমবাৰৰ সূৰ্যগ্ৰহণৰ বিশেষত্ব হ’ল ইয়াৰ স্থায়িত্ব। এই সমগ্ৰ প্ৰক্ৰিয়া কেইবা ঘণ্টা ধৰি চলিব। কিন্তু চন্দ্ৰই চাৰি মিনিটৰ বাবে সূৰ্য্যক সম্পূৰ্ণৰূপে আবৰি ৰাখিব। এই সময়ত পৃথিৱীত আন্ধাৰ নামিব। চন্দ্ৰৰ ছাঁই সূৰ্য্যক আৱৰি ৰখা এই সময়ছোৱা পূৰ্বৰ বহু সূৰ্যগ্ৰহণতকৈ দীঘলীয়া। বিজ্ঞানীসকলে কয় যে বিগত ৫০ বছৰত ইমান দীঘলীয়া সম্পূৰ্ণ সূৰ্যগ্ৰহণ হোৱা নাই। গতিকে সোমবাৰৰ সূৰ্যগ্ৰহণক কেন্দ্ৰ কৰি আমেৰিকাত এক সুকীয়া উন্মাদনাৰ সৃষ্টি হৈছে ।
ভাৰতীয় সময় অনুসৰি সোমবাৰৰ নিশা ১১.৩৭ বজাৰ পৰা আৰম্ভ হ’ব গ্ৰহণ । আমেৰিকাৰ সময় অনুসৰি গ্ৰহণৰ সময় পুৱা ১১.৭ বজাত। গ্ৰহণ শেষ হ’ব আমেৰিকাৰ সময় অনুসৰি সন্ধিয়া ৫.১৬ বজাত। আমেৰিকাত শেষবাৰৰ বাবে সম্পূৰ্ণ সূৰ্যগ্ৰহণ দেখা গৈছিল ২০১৭ চনৰ ২১ আগষ্টত।
উত্তৰ আমেৰিকাৰ পৰা এই সূৰ্যগ্ৰহণ স্পষ্টকৈ দেখা যাব বুলি বিজ্ঞানীসকলে জানিবলৈ দিয়ে। আমেৰিকাৰ কেইবাখনো প্ৰদেশ, মেক্সিকো আৰু কানাডাৰ পৰা এই সূৰ্যগ্ৰহণ দৃশ্যমান হ’ব। যোৱা কেইদিনমানৰ পৰা কানাডাৰ নায়েগ্ৰা জলপ্ৰপাতৰ সন্মুখত সূৰ্যগ্ৰহণ চাবলৈ ৰাইজে ভিৰ কৰি আহিছে। নায়েগ্ৰাক সূৰ্যগ্ৰহণ চাবলৈ অন্যতম উত্তম স্থান হিচাপে স্পষ্টভাৱে চিনাক্ত কৰা হৈছে। বহু দূৰৰ পৰা তালৈ গ্ৰহণ চাবলৈ লোক আহিছে। জনসমাগমৰ সৈতে মোকাবিলা কৰিবলৈ নায়েগ্ৰা প্ৰশাসনে জৰুৰীকালীন অৱস্থা ঘোষণা কৰিবলৈ বাধ্য হৈছে ৷
ভাৰতৰ পৰা এই সূর্যগ্ৰহণ দেখা নাযাব। কাৰণ এই সূৰ্যগ্ৰহণৰ সময়ত ভাৰতত নিশা হব। সূৰ্য্য আকাশত নাথাকিব। কিন্তু কেৱল ভাৰতেই নহয়, নাছাই এনে ব্যৱস্থা কৰিছে যাতে পৃথিৱীৰ যিকোনো প্ৰান্তৰ পৰা সূৰ্যগ্ৰহণ দেখা যায়। তেওঁলোকৰ অফিচিয়েল ৱেবছাইটত এই গ্ৰহণৰ লাইভ ষ্ট্ৰীমিং কৰা হ’ব ৷