২০২৬ চনৰ ভিতৰত নাছাই চন্দ্ৰলৈ মহাকাশচাৰী প্ৰেৰণ কৰাৰ পৰিকল্পনা কৰিছে। “আৰ্টেমিছ” অভিযান পূৰ্ণগতিত চলি আছে। ইফালে আমেৰিকাৰ ৰাষ্ট্ৰপতি জো বাইডেনে কয় যে নাছাৰ এই অভিযানেৰে সময়তে আন বিদেশী লোকেও চন্দ্ৰত ভৰি দিবলৈ ওলাইছে। এতিয়ালৈকে কেৱল আমেৰিকাৰ নাগৰিকেহে চন্দ্ৰত ভৰি দিছে। এইবাৰ আন এখন দেশেও নাছাৰ হাতত ধৰি সেই কৃতিত্ব লাভ কৰিব। এজন জাপানীয়ে চন্দ্ৰত খোজ কঢ়া প্ৰথমজন বিদেশী হ’ব, যিগৰাকী আমেৰিকাৰ নহয় ৷
শেহতীয়াকৈ জাপানৰ প্ৰধানমন্ত্ৰী ফুমিঅ’ কিছিদাই আমেৰিকা ভ্ৰমণ কৰিছিল। বাইডেনে তেওঁৰ সৈতে সংবাদমেলত এই কথা ঘোষণা কৰে। জাপানৰ সৈতে হাতে হাত ধৰি নাছাৰ চন্দ্ৰ অভিযান সন্দৰ্ভত তেওঁ কয় যে নাছাৰ ভৱিষ্যত অভিযানত দুজন জাপানী মহাকাশচাৰী থাকিব। ইয়াৰে এজন হ’ব চন্দ্ৰত খোজ কঢ়া প্ৰথমজন অ-আমেৰিকান।”
জাপানৰ প্ৰধানমন্ত্ৰীয়ে বাইডেনৰ এই ঘোষণাক আদৰণি জনায়। দৰাচলতে আমেৰিকাৰ মহাকাশচাৰী নীল আৰ্মষ্ট্ৰং প্ৰথমে চন্দ্ৰত ভৰি দিছিল। তেওঁৰ লগত আছিল এডউইন এলড্ৰিন। ১৯৬৯ চনৰ জুলাইৰ পৰা ১৯৭২ চনৰ ডিচেম্বৰলৈকে নাছাৰ এপ’ল’ অভিযানৰ অংশ হিচাপে মুঠ ১২ জন মহাকাশচাৰীয়ে চন্দ্ৰলৈ গৈছিল। তেওঁলোক সকলো আমেৰিকান। এতিয়ালৈকে আমেৰিকাৰ বাহিৰৰ কোনো দেশক চন্দ্ৰত অৱতৰণ কৰাৰ কৃতিত্ব দিয়া হোৱা নাই। ২০২৬ চনত যদি নাছাৰ আৰ্টেমিছ অভিযান সফল হয় তেন্তে চন্দ্ৰত ভৰি দিয়া প্ৰথমজন অ-আমেৰিকান মহাকাশচাৰী হ’ব এজন জাপানী ব্যক্তি।
চীনে চন্দ্ৰলৈ মহাকাশচাৰী প্ৰেৰণৰ পৰিকল্পনাও কৰিছে। ২০৩০ চনৰ ভিতৰত তেওঁলোকেও এই কৃতিত্ব লাভ কৰিব বুলি দাবী কৰিছিল। জাপানৰ মহাকাশ গৱেষণা সংস্থাই নাছাৰ সৈতে মিলি আৰ্টেমিছ অভিযান সফল কৰি তুলিবলৈ প্ৰদক্ষেপ লৈছে ৷ শেহতীয়াকৈ তেওঁলোকে নিজৰ মহাকাশযানো চন্দ্ৰলৈ প্ৰেৰণ কৰিছিল।