অস্কাৰত ভাৰতক প্ৰতিনিধিত্ব কৰা অসমীয়া চুটি ছবি মোৰ ঘোঁৰাৰ দুৰন্ত গতি (The Horse from Heaven) ইউটিউবত দর্শকৰ বাবে মুকলি কৰি দিয়া হৈছে ৷ এতিয়াৰে পৰা দর্শকসকলে ইউটিউবৰ জৰিয়তে ছবিখন উপভোগ কৰিব ৷ উল্লেখ্য যে মোৰ ঘোঁৰাৰ দুৰন্ত গতি (The Horse from Heaven) ১৫ মিনিটৰ এখন অসমীয়া চুটি ছবি। ছবিখনৰ পৰিচালনা আৰু চিত্ৰনাট্য মহৰ্ষি তুহিন কাশ্যপৰ। ছবিখন বেংগালুৰু আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱকে ধৰি কেইবাখনো ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় ছবি প্ৰতিযোগিতাত বটাঁ লাভ কৰাৰ লগতে দর্শকৰ প্ৰশংসা লাভ কৰিবলৈ সক্ষম হৈছে ৷ ইয়াৰ পিছতেই চুটি ছবিখনে অস্কাৰলৈ যোগ্যতা অৰ্জন কৰে। অতুল পাচনীয়ে ছবিখনৰ মুখ্য চৰিত্ৰত অভিনয় কৰিছে। এই ছবিখনেই অস্কাৰত ভাৰতক প্ৰতিনিধিত্ব কৰা প্ৰথমখন অসমীয়া চুটি ছবি ৷ অৱশ্যে ইয়াৰ পূর্বে ৰীমা দাসৰ ভিলেজ ৰকষ্টার্চ নামৰ ছবিখনে অস্কাৰত ভাৰতক প্ৰতিনিধিত্ব কৰিছিল ৷ পূর্ণদৈর্ঘ্যৰ ছবিৰ শিতানত ৰীমা দাসৰ ছবিখনে অস্কাৰত ভাৰতক প্ৰতিনিধিত্ব কৰিছিল ৷
ছবিখন মুক্তি সন্দর্ভত প্ৰসিদ্ধ নাট্যকর্মী হিমাংশু প্ৰসাদ দাসে ফেচবুকত লিখিছে “অস্কাৰ প্ৰতিযোগিতালৈ যোৱা প্ৰথমখন অসমীয়া চিনেমাৰ কথা আমি সকলোৱে জানো।ৰীমা দাসৰ ভিলেজ_ৰকষ্টাৰচ।কিন্তু তাৰ পিছত আৰু এখন অসমীয়া চিনেমাই ভাৰতবৰ্ষক প্ৰতিনিধিত্ব কৰি অস্কাৰ প্ৰতিযোগিতালৈ যাবলৈ সক্ষম হৈছিল। মহর্ষি তুহিন কাশ্যপৰ সেই চিনেমা খনে ইতিমধ্যে বিশ্বৰ বিভিন্ন প্ৰান্তৰ সন্মানীয় প্ৰতিযোগিতাত শ্ৰেষ্ঠ চিনেমাৰ সন্মান বুটলিবলৈ সক্ষম হৈছে।সক্ষম হৈছে শ্ৰেষ্ঠ পৰিচালকৰ সন্মান পাবলৈও।নাম শুনি থকা চিনেমাখন , হয়তো আপুনি চাবলৈ সুযোগ পোৱা নাই।এতিয়াৰ পৰা উপলব্ধ হৈছে ইউটিউবত । চাওকচোন ঘোঁৰাটোৰ গতি কেনেকুৱা !”