অসমৰ ৫টা সমষ্টিত অনুষ্ঠিত হ’ব উপ নিৰ্বাচন। ছেপ্টেম্বৰত অসমৰ ৫ সমষ্টিৰ হ’ব উপ-নিৰ্বাচন অনুষ্ঠিত হোৱাৰ সম্ভাৱনাৰ কথা ব্যক্ত কৰে ৰাজ্যিক মুখ্য নিৰ্বাচনী বিষয়াই । শুকুৰবাৰে ৰাজ্যিক মুখ্য নিৰ্বাচনী বিষয়াই উপ নিৰ্বাচন সন্দৰ্ভত দিশপুৰস্থিত জনতা ভৱনত সংবাদমেল সম্বোধন কৰি কয় যে চামগুৰি, ছিদলী, ধলাই, বঙাইগাঁও আৰু বিহালী সমষ্টিত হ’ব উপ-নিৰ্বাচন। পুৰণি বিধানসভা সমষ্টি অনুযায়ীয়ে উপ নিৰ্বাচন অনুষ্ঠিত হ’ব ।
ৰাজ্যিক মুখ্য নিৰ্বাচনী বিষয়াগৰাকীয়ে প্ৰকাশ কৰা অনুসৰি ২০ আগষ্টত প্রকাশ পাব চূড়ান্ত ভোটাৰ তালিকা। শনিবাৰে ৰাজনৈতিক দলসমূহক খচৰা ভোটাৰ তালিকা প্রদান কৰা হ’ব। ২৭ জুলাইৰ ভিতৰত দলসমূহে মতামত জনাব লাগিব বুলি স্পষ্ট কৰি দিয়ে।
আনহাতে ৩০ জুলাইত খচৰা ভোটাৰ তালিকা প্রকাশ কৰা হ’ব ৷ অৱশ্যে দাবী আৰু আপত্তি অনলাইনযোগে আবেদন কৰিব নোৱাৰিব। জিলা আয়ুক্তৰ কাৰ্যালয়ত বিএলঅ’ৰ জৰিয়তে পূৰণ কৰিব লাগিব প্র-পত্র। উল্লেখ্য যে শেহতীয়া নির্বাচনত এই ৫ টা সমষ্টিৰ বিধায়কে সাংসদ হিচাপে জয়লাভ কৰিছিল ৷ যাৰ ফলত এই সমষ্টিসমূহত নাছিল কোনো জন প্ৰতিনিধি ৷