আহোম ৰাজত্ব কালত ৰজাঘৰীয়া কৰ-কাটলে খেতিয়কক বৰকৈ ব্যতিব্যস্ত কৰা নাছিল। কিন্তু১৮২৬ খষ্টাব্দৰ ২৩ ফেব্ৰুৱাৰী তাৰিখে ইষ্টইণ্ডিয়া কোম্পানীয়ে ইয়াণ্ডাবু সন্ধিৰ জৰিয়তে অসমক ইংৰাজৰ অধীনলৈ নিলে, লগে লগে ভূমিনীতিৰ দৃষ্টান্তমূলক পৰিবৰ্তন ঘটিবলৈ ললে। ১৮৫৮ খীষ্টাব্দত সমগ্ৰ ভাৰতবৰ্ষৰ শাসনৰ বাঘজৰী ইংৰাজৰ হাতলৈ যোৱাৰ ফলশ্ৰুতিত অইন বিষয়ৰ লগতে অসমৰ প্ৰাকৃতিক সম্পদৰ ওপৰত অতিৰিক্ত ৰাজহ সংগ্ৰহকে ধৰি মাটিৰ খাজনা বৃদ্ধি ,অতিৰিক্ত কৰ-কাটল লগাই কৃষক ৰাইজৰ ওপৰত লুণ্ঠন প্ৰক্ৰিয়া আৰম্ভ কৰিলে।
অসমৰ ৰাইজৰ লগতে চিন্তাশীল সচেতন ৰাইজে জাতীয় চেতনাৰে উদ্বুদ্ধ হৈ আন্দোলনৰ পথ লবলৈ বাধ্য হয়। গোটেই ভাৰত বৰ্ষৰ বিভিন্ন প্ৰান্তৰ লগতে অসমৰ কৃষক সকলো জাঙুৰ খাই উঠিল।
ফুলগুৰি ধেৱা
ইংৰাজৰ বিৰুদ্ধে অসমত প্ৰথমটো কৃষক বিদ্ৰোহ। ১৮৬১ চনৰ ১৮ অক্টোবৰত এই বিদ্ৰোহ সংঘটিত হৈছিল নগাঁও জিলাৰ কলং নৈৰ পাৰৰ ফুলগুৰিত। ১৮৫০ চনৰ জেমচ্ উইলচনৰ উপদেশ মতে লগোৱা আয়কৰ অসমতো বলবৎ কৰা হ’ল। তাৰ প্ৰতিবাদতে কৃষক বিদ্ৰোহ আৰম্ভ হ’ল। পুলিচৰ নিৰ্যাতন আৰু গুলী বাৰুদৰ আক্ৰমণত ৫৪ জনে প্ৰাণ আহুঁতি দিলে। ৪১ জনক পুলিচ গ্ৰেপ্তাৰ কৰি আন্দামান জেললৈ পঠালে। ১৯২১চন। ইংৰাজ চৰকাৰৰ শোষণ, দমন নীতিৰ প্ৰতিবাদত গান্ধীজীৰ নেতৃত্বত গঢ়ি উঠা ভাৰতৰ মুক্তিৰ আন্দোলনে অসমক বাৰুকৈয়ে জোকাৰি যায়।
লোণ আইন বৰ্জন
বৃটিছ চৰকাৰে নিমখৰ ওপৰত ধাৰ্যকৰা কৰ নিদিবলৈ আইন অমান্য আন্দোলনত জপিয়াই পৰে
আমাৰ দেশৰ মানুহ। চৰকাৰে আন্দোলন কাৰীসকলক কাৰাৰুদ্ধ কৰে। গান্ধীজীৰ লগতে অসমৰ নবীন বৰদলৈ, তৰুণৰামফুকন, বিষ্ণুৰাম মেধি, সিদ্ধি নাথ শৰ্মা আদি বহুজনকে জেললৈ পঠিয়ায়।
সত্যাগ্ৰহ আন্দোলন
১৯৪০চন
মহাত্মা গান্ধীৰ সত্যাগ্ৰহ আন্দোলনৰ প্ৰভাৱ অসমতো বিস্তাৰিত হয়। লোকপ্ৰিয় গোপীনাথ বৰদলৈ দেৱে মন্ত্ৰী সভাৰ পদবীৰ পৰা ইস্তফা দি প্ৰথমে গুৱাহাীত সত্যাগ্ৰহ কৰে।
৮ আগষ্ট ১৯৪২। বোম্বাই মহাসভাত “কুইট ইণ্ডিয়া” প্ৰস্তাৱ গ্ৰহণ কৰা হয়। মহাসভালৈ যোৱা প্ৰায়খিনি প্ৰতি নিধিক বাটতে গ্ৰেপ্তাৰ কৰি জেললৈ প্ৰেৰণ কৰে। দেশৰ স্বাধীনতা সংগ্ৰামত অন্যান্য প্ৰান্তৰ দৰে অসমতো প্ৰতিবাদৰ জুই জ্বলি উঠিছিল বৃচিছৰ বিৰুদ্ধে। পুৰুষ-মহিলা উভয়ে জপিয়াই পৰিছিল স্বাধীনতা সংগ্ৰামত, এই সময়তে বহুলোকে প্ৰাণ আহুতি দিছিল আৰু বহু লোক ঘূণীয়া হৈছিল চিৰদিনৰ বাবে। কুশল কোঁৱৰ, মণিৰাম দেৱান, কনক লতা বৰুৱা, মুকুন্দ কাকতি, থগীসুত আদিৰ প্ৰাণ ত্যাগে স্বাধীনতা আন্দোলনক তীব্ৰতৰ কৰি তুলিছিল। দেশৰ স্বাধীনতাৰ হকে প্ৰাণ বলি দিয়া কেইগৰাকী মান মহিলা স্বাধীনতা সংগ্ৰামীক শ্ৰদ্ধাৰে সুৱৰিছো স্বাধীনতা দিবসৰ এই পবিত্ৰ মুহূৰ্তত–
কনক লতা বৰুৱা(গহপুৰ)
১৯৪২ চনত গহপুৰ থানাত পতাকা উত্তোলন কৰিবলৈ গৈ ১৮ বছৰীয়া কনক লতাই মৃত্যুক সাবটি লৈছিল।
মালতী মেম(লালমাটি ) দৰং
বৃটিছ প্ৰশাসনৰ বিৰুদ্ধে কংগ্ৰেছৰ স্বেচ্ছাসেৱক সকলক সহায় কৰাৰ কথা গম পাই মালতী মেম(মাংৰি ওৰাং) অক ১৯২১ চনত দৰং জিলাৰ লালমাটিত চৰকাৰী পক্ষই হত্যা কৰে।
দাৰিকী দাসী বৰুৱা(গোলাঘাট)
দাৰিকী দাসী বৰুৱাই নিচা বিৰোধী আন্দোলনৰ নেতৃত্ব দিছিল, বৃটিছচৰকাৰে গম পাই ১৯৩২ চনৰ ১ ফেব্ৰুবাৰীত গ্ৰেপ্তাৰ কৰি ছয় মাহৰ কাৰাবাসৰ হুকুম দিয়ে। সেই সময়ত অন্তসত্তা দাসে কাৰাগাৰতে অসুস্থ হৈ পৰে আৰু ১৯৩২ চনৰ ২৬ এপ্ৰিলত কাৰাবাসতে মৃত্য বৰণ কৰে ।
ভোগেশ্বৰী ফুকননী (নগাওঁ)
ভাৰত ত্যাগ আন্দোলনত বহঢ়মপুৰত স্বাধীনতা সংগ্ৰামৰ নেতৃত্ব দিছিল এইগৰাকী সাহসী মহিলাই। বহঢ়মপুৰত পতাকা উত্তোলন কৰিবলৈ আগবাঢ়ি যাওতে পুলিচৰ গুলিত গুলি বিদ্ধ হয় ১৯৪২ চনৰ ১৮ চেপ্তেম্বৰত আৰু গুলিবিদ্ধ হোৱাৰ তিনিদিন পিছত তেখেতৰ মৃত্যু হয়।
তিলেশ্বৰী বৰুৱা (ঢেকিয়াজুলি)
১৯২০ চনৰ ২০ চেপ্তেম্বৰ সাক্ষী হ’ল ইতিহাস । থানাত পতাকা উক্তোলন কৰিবলৈ যাওতে পুলিচৰ গুলীত গুলীবিদ্ধ হৈ থিতাতে মৃত্যুবৰণ কৰিছিল তিলেশ্বৰী বৰুৱাই। সেই একেদিনতে গহপুৰত মৃত্যু বৰণ কৰিছিল কনকলতা বৰুৱাই।
ৰেৱতী লাহন
ৰেৱতী লাহন ১৯৪২ চনৰ আন্দোলনত সক্ৰিয়ভাবে অংশগ্ৰহণ কৰি ৰেৱতী লাহনে কাৰাবাস খাটিবলগীয়া হয়। সেই সময়তে নিউমনিয়া ৰোগত ভোগে আৰু কাৰাবাসৰ অন্ত হোৱাৰ কিছুদিন পিছতে মৃত্যু বৰণ কৰে।
খাহুলী দেৱী(ঢেকিয়াজুলি)
সন্তান সম্ভৱা খাহুলী দেৱী পুলিচ ফায়াৰিঙত গুলীবিদ্ধ হৈ আঘাত প্ৰাপ্ত হয় আৰু পিছত মৃত্যুক আকোৱালী লয়। কিমান দুখ লগা ঘটনাৰ সাক্ষী হব লগা হৈছিল আমাৰ ভাৰতীয় ইতিহাস।
কুমলী দেৱী (ঢেকিয়াজুলি)
ভাৰত ত্যাগ আন্দোলনৰ বৃটিছ বিৰোধী কাৰ্যসূচীৰ সমদলত অংশগ্ৰহণ কৰি ১৯৪২ চনৰ ২০ চেপ্তেম্বৰত পুলিচ ফায়াৰিঙত গুলিবিদ্ধ হৈ মৃত্যু বৰণ কৰিছিল কুমলী দেৱীয়ে।
পদুমী গগৈ(ঢেকিয়াজুলি)
সমদলত অংশ গ্ৰহণ কৰা পদুমী গগৈ পুলিচৰ লাঠিচালনাত আঘাট প্ৰাপ্ত হৈছিল। পাছত তেখেতক গ্ৰেপ্তাৰ কৰি ছয়মাহৰ কাৰাবাসৰ হুকুম দিছিল। কিন্তু কাৰাবাসৰ অন্ত পৰিছিল যদিও লাঠিৰ দ্বাৰা আঘাটপ্ৰাপ্ত হৈ শৰীৰ ভাঙি পৰিছিল আৰু তেওঁ মৃত্যুক সাৱটি লৈছিল।
গোলাপী চুতিয়ানী (ঢেকিাজুলি)
ভাৰত ত্যাগ আন্দোলনৰ সমদলত অংশ গ্ৰহণ কৰিছিল গোলাপী চুতিয়ানী। পুলিচে বাধা দিবলৈ লাঠীচালনা, গুলীচালনা কৰিছিল। লাঠীৰ কোবত গুৰুতৰ ভাবে আঘাট পোৱা চুতিয়ানী মৃত্যুক সাবটি লয়।
লীলা নেওগনী, লখিমপুৰ
লখিমপুৰত ভাৰত ত্যাগ আন্দোলনৰ বিভিন্ন কাৰ্যসূচীত অংশ লৈ বৃটিছৰ বিৰুদ্ধে আন্দোলন চলাইছিল। ১৯৪২ চনৰ
অক্টবৰ মাহত বৃটিছ বিৰোধী আন্দোলনত অংশ গ্ৰহণ কৰি পুলিচৰ লাঠী চালনাত ঈঘাট প্ৰাপত হয় আৰু দুমাহৰ পিছতে শেষ নিশ্বাস ত্যাগ কৰে।
থুনুকী দাস (ঢেকিয়াজুলি)
আন্দোলনৰ সমদলত অংশ গ্ৰহণ কৰি লাঠীচালনাত গুৰুতৰ ভাবে আঘাট প্ৰাপ্ত হৈ মৃত্যু মুখত পৰে থুনুকী দাস।
জালুকী কছাৰীয়নী(ঢেকিয়াজুলি)
ভাৰত ত্যাগ আন্দোলনৰ সক্ৰিয় কৰ্মী জালুকী কছাৰীয়নী পুলিচৰ দ্বাৰা বাঁওকান্ধত গুলীবিদ্ধ হৈ মৃত্যু বৰণ কৰে।
কন চুতিয়ানী (ঢেকিয়াজুলি)
১৯৪২ চনৰ ২০ ছেপ্তেম্বৰত পুলিচ থানাত হোৱা লাঠিচালনাত এই গৰাকী সাহসি নাৰী আঘাট প্ৰাপ্ত হয় আৰু কিছুদিন পিছত মৃত্যুক আকোৱালী লয়।
অসম আন্দোলনত মাতৃভূমিৰ হকে প্ৰাণ আহুতি দিয়া প্ৰতি গৰাকী শ্বহীদলৈ আমাৰ শত সহস্ৰ প্ৰণাম—-
অগ্নিযুগৰ ফিৰিঙতি মই
নতুন ভাৰত গঢ়িম
সৰ্বহাৰাৰ সৰ্বস্ব
পুনৰ ফিৰাই আনিম কত জোৱানৰ মৃত্যু হল
কাৰ জীৱন যৌৱন গল
সেই মৃত্যু অপৰাজেয় তপ্ত তীখাৰে, অগ্নিশক্তি
ৰক্তবৰ্ণে জ্বলে—-এ জ্বলিলে
মুক্তিপিয়াসী সুপ্ত মানুহৰ
বক্ষ তীখা হৈ গলে—এ গলিলে আহ্ আহ্ ওলাই আহ
সজাগ জনতা