এই বছৰ ইউ এ ই আৰু ওমানত অনুষ্ঠিত হ’ব লগা বিশ্বকাপৰ পাছত বিৰাট কোহলীয়ে ভাৰতৰ টি-২০ দলৰ অধিনায়ক পদৰ পৰা বিদায় ল’ব বুলি ঘোষণা কৰাটো দেশৰ আটাইতকৈ ডাঙৰ ক্ৰীড়া বাতৰি আছিল।
প্ৰাক্তন ক্ৰিকেটাৰসকলে কোহলীৰ এই সিদ্ধান্তৰ ওপৰত বিভিন্ন ধৰণৰ মন্তব্য প্ৰদান কৰিছিল। বিশ্বকাপৰ পৰৱৰ্তী পৰ্যায়ত কোহলীয়ে ভাৰতৰ টি-২০ দলৰ অধিনায়ক পদৰ পৰা বিদায় লোৱাক ‘অতি স্বাৰ্থহীন সিদ্ধান্ত’ বুলি অভিহিত কৰিছিল ইংলেণ্ডৰ প্ৰাক্তন অধিনায়ক মাইকেল ভনে।
আনহাতে ভাৰতৰ প্ৰাক্তন ক্ৰিকেটাৰ মহম্মদ আজহাৰুদ্দিনে মন্তব্য কৰিছে যে বিৰাট কোহলীয়ে টি-২০ৰ অধিনায়কত্বৰ পৰা পদত্যাগ কৰাৰ ঘোষণাই তেওঁক আচৰিত কৰি তুলিছে। বিশেষকৈ বিশ্বকাপৰ প্ৰাকমূহূৰ্তত অধিনায়কত্ব ত্যাগৰ সিদ্ধান্তৰ ঘোষণা আশ্চৰ্যজনক। ইয়াৰ মূল্য যিয়েই নহওক এয়া কোহলীৰ সিদ্ধান্ত বুলিও আজহাৰুদ্দিনে উল্লেখ কৰিছিল।
উল্লেখযোগ্য যে শেহতীয়া ভাৱে ভাৰতীয় ক্রিকেট নিয়ন্ত্রণ ব’ৰ্ডৰ এক সূত্রই প্রকাশ কৰা অনুসৰি টীম ইণ্ডিয়াৰ অধিনায়ক বিৰাট কোহলিক এদিনীয়া আৰু টি–২০ দলৰ নেতৃত্ব ত্যাগৰ পৰামর্শ আগবঢ়াইছিল মুখ্য প্রশিক্ষক ৰবি শাস্ত্রীয়ে।
প্ৰায় ছমাহ পূৰ্বে দুয়োৰে মাজত হোৱা এক আলোচনাত কোহলীক বেটিঙত অধিক মনোনিৱেশৰ পৰামৰ্শ আগবঢ়াইছিল শাস্ত্ৰীয়ে। ২০১৭ চনত মহেন্দ্র সিং ধোনীৰ পৰা কোহলিয়ে অধিনায়কৰ গধুৰ দায়িত্ব গ্রহণ কৰিছিল৷
ব’ৰ্ডৰ সূত্রটোৱে প্ৰকাশ কৰা অনুসৰি খেলুৱৈগৰাকীয়ে এতিয়ালৈকে এদিনীয়া দলৰ নেতৃত্ব এৰা নাই৷ হয়তো তেওঁ দুই-এক বছৰৰ ভিতৰত তেওঁ এই সিদ্ধান্ত গ্রহণ কৰিব৷ নেতৃত্বৰ বোজাৰ পৰা মুক্ত হ’লে কোহলিয়ে অধিক সময়লৈ খেলি যাব পাৰিব বুলি আশা কৰা হৈছে। আনহাতে মন কৰিবলগীয়া যে ভাৰতীয় টি-২০ দলৰ লগতে কোহলিয়ে শেহতীয়াকৈ ৰয়েল চেলেঞ্জার্ছ বাংগালুৰুৰ নেতৃত্বও ত্যাগ কৰিছে৷