আচৰিত যেন লাগিলেও সঁচা যে ইন্টাৰনেচনেল স্পেছ ষ্টেচন সাক্ষী হৈছে এক বিশেষ ঘটনাৰ। উল্লেখ্য যে মহাকাশচাৰীসকলে জনোৱা মতে এনে এক ঠাই আছে য’ত সূৰ্য দিনটোত ১৬ বাৰ উদয় হয় আৰু অস্ত যায়। এই ঘটনা কেৱল মহাকাশচাৰী সকলেহে দেখা পায়। সামাজিক মাধ্যমত মহাকাশচাৰীসকলে প্ৰায়ে এই ঘটনাৰ ছবি প্ৰচাৰ কৰি মানুহক আচম্বিত কৰা পৰিলক্ষিত হৈছে।
উল্লেখ্য যে অলপতে “International Space Station” য়ে টুইটাৰযোগে প্ৰচাৰ কৰিছিল এক বাতৰি। বাতৰি অনুসৰি মহাকাশচাৰীসকল সাক্ষী সেই প্ৰতি ৯০ মিনিটত সূৰ্য উদয় আৰু অস্ত হোৱাৰ দৃশ্যৰ। “International Space Station”য়ে ৯০ মিনিটত সমগ্ৰ পৃথিৱীখন এক পাক ঘূৰে আৰু সেই সময়তে সূৰ্য ১৬ বাৰ উদয় আৰু অস্ত হোৱাৰ দৃশ্য দেখিবলৈ পায় মহাকাশচাৰী সকলে।
উল্লেখযোগ্য যে নাছাই (NASA) এই ক্ষেত্ৰত এক গুৰুত্বপূৰ্ণ তথ্য প্ৰকাশ কৰিছে। তথ্য অনুসৰি সেই ৯০ মিনিট সময়ত মহাকাশত তাপমাত্ৰাৰ বহুত পৰিৱৰ্তন ঘটে কাৰণ তাত এনে কোনো বাতাবৰণ নাই যিয়ে তাপমাত্ৰাত সমতা স্থাপন কৰি ৰাখিব পাৰে। জানিবলৈ পোৱা মতে সূৰ্য উদয় হোৱা সময়ত তাপমাত্ৰা ২৫০ ডিগ্ৰী ফৰেনহাইটলৈ বৃদ্ধি পায় আৰু অস্ত যোৱাৰ সময়ত -২৫০ ডিগ্ৰী লৈ কমি যায়।
আনহাতে এনে তাপমাত্ৰাৰ ফলত অন্তৰিক্ষ যাত্ৰীসকলৰ কোনো ধৰণৰ অসুবিধা নহয় কাৰণ মহাকাশযানবোৰ বিশেষভাৱে শীত-তাপ নিয়ন্ত্ৰণ কৰিব পৰা সুবিধাৰে নিৰ্মাণ কৰা হয়। এনে সময়তো মহাকাশচাৰী সকলে বিভিন্ন বৈজ্ঞানিক প্ৰয়োগ আৰু স্পেছৱাক কৰিব পাৰে।