সদ্য আমেৰিকা ভ্ৰমণত থকা ভাৰতৰ প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে বৃ্হস্পতি বাৰে ভাৰতীয় মূলৰ উপ-ৰাষ্ট্ৰপতি কমলা হেৰিছক সাক্ষাৎ কৰে।
হেৰিছৰ সৈতে হোৱা এই সাক্ষাৎতৰ সময়ত প্ৰধানমন্ত্ৰী জনে গণতন্ত্ৰ,সন্ত্ৰাসবাদ আৰু জলবায়ু পৰিৱৰ্তনসহ কেইবাটাও বিষয়ত আলোচনা কৰে।
মোডী আৰু হেৰিছৰ এই প্ৰথমটো সাক্ষাৎ অনুষ্ঠানত হেৰিছে ভাৰতক আমেৰিকাৰ স্বাভাৱিক মিত্ৰ বুলি উল্লেখ কৰে।
লগতে প্ৰধানমন্ত্ৰী মোডীয়ে এই বৈঠকৰ যোগেদি ৰাষ্ট্ৰপতি জ’ ৱাইডেন আৰু তেওঁৰ নেতৃত্বত ভাৰত আৰু আমেৰিকাৰ দ্বিপাক্ষিক সম্পৰ্কই এক নতুন গতি ল’ব বুলি আশা ব্যক্ত কৰে।
এই বৈঠকৰ পিছতেই প্ৰধানমন্ত্ৰী মোডীয়ে অষ্ট্ৰেলিয়াৰ প্ৰধানমন্ত্ৰী স্কট মৰিছনৰ সৈতে এক আলোচনাত ভাগ লয়।
এই কাৰ্যসূচীৰ পিছতেই আজি হোৱাট হাউছত অনুষ্ঠিত হোৱা দ্বিপাক্ষিক বৈঠকত প্ৰধানমন্ত্ৰী মোডীয়ে জ’ ৱাইডেনৰ সৈতে এক আলোচনাত মিলিত হ’ব।
উক্ত বৈঠকত মোডীয়ে আফগানিস্তানৰ প্ৰসংগ আৰু সন্ত্ৰাসবাদৰ ওপৰত বিশেষ আলোচনা হ’ব বুলি পূৰ্বেই ব্যক্ত কৰিছিল।উল্লেখযোগ্য যে মাৰ্কিন ৰাষ্ট্ৰপতি হিচাপে দায়িত্ব গ্ৰহণ কৰা পিছত ৱাইডেনৰ সৈতে মোডীৰ এইয়া হ’ব প্ৰথম মুখামুখি।