ভাৰতীয় ক্ৰিকেট দলৰ অধিনায়ক তথা ভাৰতবৰ্ষৰ জনপ্ৰিয় ক্ৰিকেটাৰ বিৰাট ক’হলিয়ে টি টুৱেন্টি বিশ্বকাপত প্ৰথমখন মেচত পাকিস্তানৰ বিৰুদ্ধে অৰ্ধশতক অৰ্জন কৰা সত্বেও দলৰ পৰাজয় ৰোধ কৰিব নোৱাৰিলে৷ অৱশ্যে সেইটো ইনিংছত যথেষ্ট প্ৰশংসা বুটলিবলৈ সক্ষম হৈও টি-২০ ৰেংকিঙত অৱনমিত হৈছে বিৰাট ক’হলি৷বেটছমেনৰ তালিকাত চতুৰ্থৰ পৰা পঞ্চম স্থানলৈ অৱনমিত হৈছে ভাৰতীয় অধিনায়ক জন৷ পূৰ্বতকৈ দুটা স্থান অৱনমিত হোৱা ৰাহুলৰ স্থান অষ্টম৷ আনফালে টি টুৱেণ্টিৰ বেটছমেনৰ তালিকাত শীৰ্ষ স্থানত থকা ডাৱিড মালানতকৈ মাত্ৰ ১১ৰেটিং পইন্টত পিছ পৰি শীৰ্ষ স্থান দখল কৰিবলৈ ক্ৰমাৎ আগবাঢ়িছে পাকিস্তানৰ বাবৰ আজম ৷ তৃতীয়লৈ উন্নীত হৈছে দক্ষিণ আফ্ৰিকাৰ এইডেন মাৰ্কৰাম৷অলৰাউণ্ডাৰ তালিকাত পুনৰ শীৰ্ষত আছে বাংলাদেশৰ ছাকিব আল হাছান ৷ আফগানিস্তানৰ মহম্মদ নৱীক অতিক্ৰম কৰি শীৰ্ষ স্থান দখল কৰিছে বাংলাদেশী খেলুৱৈ ছাকিব আল হাছানে৷