আজি দিনৰ ১১.৩০বজাত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই অসম প্ৰশাসনীয় পদাধিকাৰী মহাবিদ্যালয়ত অসম পৰিবহন নিগমৰ অনলাইন সেৱা আনুষ্ঠানিকভাৱে মুকলি কৰে। ৰাজ্যিক পৰিবহণ মন্ত্ৰী চন্দ্ৰ মোহন পাটোৱাৰী ডাঙৰীয়াও সভাত উপস্থিত আছিল।
www.parivahan.gov.in শীৰ্ষক ৱেবছাইটৰ জৰিয়তে ড্ৰাইভিং লাইচেঞ্চ, লাৰ্নাৰ লাইচেঞ্চৰ বাবে আবেদন কৰিব পাৰিব।
৪০ বছৰৰ ঊৰ্ধ্বৰ ব্যক্তিয়ে চিকিৎসকৰ প্ৰমাণ পত্ৰ স্কেন কৰি ৱেবছাইটত জমা দি অনুজ্ঞাপত্ৰ নৱীকৰণৰ বাবে আবেদন কৰিব পাৰিব।ড্ৰাইভিং লাইচেঞ্চ হেৰালে থানাত অভিযোগ দাখিলৰ প্ৰতিলিপি এটা ৱেবচাইটত জমা দি নতুন লাইচেঞ্চৰ কাৰণে আবেদন কৰিব পাৰিব। পিছত স্পীড পোষ্ট যোগে ড্ৰাইভিং লাইচেঞ্চখন ব্যক্তিজনলৈ পঠিওৱাৰ ব্যৱস্থা কৰিব।
যোৰহাট, শিৱসাগৰ, বৰপেটা, বাক্সা আৰু কোকৰাঝাৰ জিলাত উপ নিৰ্বাচন প্ৰক্ৰিয়াৰ সমাপ্ত হোৱাৰ পিছতহে এই সেৱা উপলব্ধ হ’ব বুলি মুখ্যমন্ত্ৰীজনে জানিবলৈ দিয়ে।
২০২২ চনৰ পৰা পৰিবহনৰ সৈতে জড়িত সকলো প্ৰক্ৰিয়া এই সেৱাই সামৰি ল’ব বুলি জানিবলৈ দিয়ে।