অসমৰ বিভিন্ন প্ৰকৃতি প্ৰেমী দল সংগঠন তথা ডবকাবাসীৰ প্ৰবল প্ৰতিবাদত গা লৰিল অসম চৰকাৰৰ৷হোজাইৰ ডি এফ অ’ই জানিবলৈ দিয়া মতে ডবকাৰ বনাঞ্চলৰ বাহিৰেৰে নিয়া হ’ব ফ’ৰলেনযুক্ত ঘাইপথটো৷
সুৰক্ষিত হৈ থাকিব ডবকাৰ বিশাল শাল গছৰ বাগান৷
মুখ্যমন্ত্ৰীৰ নিৰ্দেশত বন বিভাগে কৰিব পথৰ বিকল্প ব্যৱস্থা৷
আজিয়েই ডবকাৰ শাল বাগানলৈ যাব ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকাৰীৰ দল৷
ডবকা শাল বাগান ৰক্ষাৰ বাবে বিভিন্ন দল সংগঠনৰ লগতে VOICE 24×7 ৰ পৰা ইতিমধ্যে কেইবাটাও বাতৰি প্ৰচাৰিত হৈছিল৷শালবাগানৰ ৫০০০ত কৈয়ো অধিক গছ ৰক্ষা কৰি অসমৰ প্ৰকৃতি সংৰক্ষণৰ ক্ষেত্ৰত অসম চৰকাৰে লোৱা এই আদৰণীয় পদক্ষেপৰ বাবে মাননীয় মুখ্যমন্ত্ৰী তথা চৰকাৰক VOICE 24×7 ৰ ফালৰ পৰা যাঁচিলো আন্তৰিক কৃতজ্ঞতা৷