সুৰাৰ মূল্য নিৰ্দ্ধাৰণৰ ক্ষেত্ৰত হোৱা ব্যাপক কালেংকাৰীৰ বাবে কম্পিটিচন কমিছন অৱ্ ইণ্ডিয়াৰ তদন্তকাৰী বিষয়াসকলে দেশখনৰ দহটা স্থানত তালাচী চলায়৷বিশেষকৈ দেশখনৰ বৃহৎ সুৰা উৎপাদনকাৰী কোম্পানী ‘এছ’চিয়েটেড এলক’হলছ এণ্ড ব্ৰেৱেৰীজ’ৰ বিভিন্ন স্থানত থকা কাৰ্য্যালয় আৰু কাৰখানাত তদন্তকাৰী দলটোৱে তালাচী চলায়৷এই তালাচী সন্দৰ্ভত আনুষ্ঠানিক ভাৱে চৰকাৰৰ ফালৰ পৰা জনোৱা হোৱা নাই যদিও সংবাদ পত্ৰত বাতৰি প্ৰকাশ পোৱাৰ লগে লগে ব্যাপক হাৰত শ্বেয়াৰৰ মূল্য হ্ৰাস পাইছে ‘এছ’চিয়েটেড এলক’হল এণ্ড ব্ৰেৱেৰীজ’ নামৰ বৃহৎ কোম্পানীটোৰ৷