পোহৰৰ উৎসৱ দেৱালীৰ প্ৰাক্ মুহূৰ্তত উচ্চতম ন্যায়ালয়ে ফটকা ফুটোৱাৰ ক্ষেত্ৰত নিষেধাজ্ঞা কঠোৰ ভাৱে পালন কৰিবলৈ নিৰ্দেশনা দিছে৷ ন্যায়াধীশ এম আৰ শ্বাহ আৰু ন্যায়াধীশ এ এছ বোপান্নাৰ এখন বিচাৰপীঠে এই নিষেধাজ্ঞা কোনো উৎসৱৰ কাৰণে নহয় বৰঞ্চ ই জীয়াই থকাৰ অধিকাৰ সুৰক্ষিত কৰাৰ বাবে প্ৰয়োজনীয় বুলি উল্লেখ কৰে৷
আদালতে স্পষ্ট কৰি দিয়ে যে সকলোধৰণৰ আতচবাজী,ফটকাৰ ওপৰত নিষেধাজ্ঞা জাৰি কৰা হোৱা নাই কেৱল নিষিদ্ধ ঘোষিত সামগ্ৰীৰে প্ৰস্তুত কৰা ফটকা আদিৰ ওপৰতহে নিষেধাজ্ঞা জাৰি কৰা হৈছে৷