কালি অসম চৰকাৰে সদ্ভাৱনা প্ৰকল্প উদ্বোধন কৰে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সদ্ভাৱনা প্ৰকল্পৰ শুভাৰম্ভ কৰিছিল জনসাধাৰণৰ মনত আশাৰ সঞ্চাৰ কৰিছে।
সদ্ভাৱনা প্ৰকল্পৰ উদ্দেশ্য হৈছে পুৰণি ফাইলসমূহৰ শীঘ্ৰ নিষ্পত্তি। এই প্ৰকল্পৰ জৰিয়তে সকলো পুৰণি ফাইলৰ (১০৷০৫৷২০২১ ৰ পূৰ্বৰ) আধৰুৱা হৈ থকা কামসমূহ ১০৷০৫৷২০২২ ৰ ভিতৰত সম্পূৰ্ণ কৰাৰ লক্ষ্য নিৰ্ধাৰণ কৰিছে।
এতিয়াৰে পৰা সদ্ভাৱনা পৰ্টেলৰ জৰিয়তে ফাইলসমূহৰ কাম কাজ নিৰীক্ষণ কৰিব পাৰিব। সচিবালয় ভ্ৰমণৰ পৰা নাগৰিকক সকাহ প্ৰদান কৰিব।
সদ্ভাৱনা প্ৰকল্পৰ অধীনত বিভাগসমূহক ফাইলসমূহৰ নিষ্পত্তিৰ বাবে তিনিমাহ সময় দিয়া হ’ব। তিনি মাহৰ ভিতৰত কামবোৰ সম্পূৰ্ণ কৰিব লাগিব।চৰকাৰৰ এই ব্যৱস্থা জনসাধাৰণৰ বাবে নিশ্চয় ফলপ্ৰসু হ’ব।