কেন্দ্ৰীয় চৰকাৰে ভাৰতৰ দ্বিতীয়খন বুলেট ট্ৰেইন প্ৰচলনৰ কথা ঘোষণা কৰে। ৰামনগৰী অযোধ্যাৰ পৰা দিল্লীলৈকে এই ট্ৰেইনখন চলাচল কৰিব।
ঘণ্টাত ৩৫০ কিলোমিটাৰ বেগত চলিবলগীয়া বুলেট ট্ৰেইনখনে অযোধ্যাৰ পৰা দিল্লীৰ মাজৰ ৬৭০ কিলোমিটাৰৰ দূৰত্ব এতিয়া তিনি ঘণ্টাতে অতিক্ৰম কৰিব। লক্ষ্ণৌ, মথুৰা, প্ৰয়াগৰাজ, কনৌজ, বাৰণসী আদি সৰ্বমুঠ ১২ টা ষ্টেচন সংযোগ কৰা হ’ব। মুঠ ৭৫০ জন যাত্ৰীয়ে একেলগে যাত্ৰা কৰিব পাৰিব।
ইতিমধ্যে গুজৰাটত ৯৭% কাম সম্পূৰ্ণ হৈ উঠিছে। আহমেদাবাদ আৰু মুম্বাই সংযোগী বুলেট ট্ৰেইন কৰিডৰত মাটিৰ তলৰ প্ৰায় ২০ কিলোমিটাৰ দৈৰ্ঘ্যৰ সুৰংগ নিৰ্মাণ কৰা হৈছে।
দেশৰ প্ৰথমখন বুলেট ট্ৰেইন মুম্বাইৰ পৰা আহমেদাবাদলৈকে ইতিমধ্যেই ঘোষণা কৰা হৈছে। এই ৰেল কৰিডৰৰ কাম এতিয়া পূৰ্ণগতিত চলি আছে। ২০২৩ চনৰ ভিতৰত নিৰ্মাণ কাৰ্য্য সম্পন্ন হৈ উঠিব বুলি বিভাগীয় কৰ্তৃপক্ষই জানিবলৈ দিয়ে। দেশত বুলেট ট্ৰেইন প্ৰচলনে যাতায়তৰ সময়সীমা হ্ৰাস কৰি জনসাধাৰণক উপকৃত কৰিব।