অলপতে এলাহাবাদ হাইকৰ্টে লিভ ইন ৰিলেশ্ব্যনশ্বিপ মানুহৰ ব্যক্তিগত স্বাধীনতাৰ সৈতে জড়িত বুলি ঘোষণা কৰে। চাৰিজন যুৱক যুৱতীৰ অভিযোগৰ শুনানিত উল্লেখ কৰে যে লিভ ইন ৰিলেশ্ব্যনশ্বিপ মানুহৰ জীৱনৰ অতি গুৰুত্বপূৰ্ণ বিষয়। এই সম্পৰ্ক কেতিয়াও সমাজ বিৰোধী হ’ব নোৱাৰে। এই ক্ষেত্ৰত মানুহৰ মানসিকতাৰ সাল সলনি হোৱাৰহে প্ৰয়োজন।
লিভ ইন ৰিলেশ্ব্যনশ্বিপ বৰ্তমান সময়ৰ এক সহজ প্ৰক্ৰিয়া। বিবাহৰ দৰে জটিল প্ৰক্ৰিয়াৰ মাজত সোমাবলৈ নিবিচাৰি মনে মিলা সংগীৰ সৈতে একেলগে জীৱন নিৰ্বাহ কৰিবলৈ আজিৰ যুগৰ নাৰী পুৰুষ আগবাঢ়ি আহিছে। দুয়োজনৰ সন্মতিত মনে মিলা সংগীৰ সৈতে গঢ়ি উঠা সম্পৰ্ক এটাত প্ৰশ্ন উত্থাপিত হোৱাটো যুক্তিসংগত নহয়।
ভাৰতীয় সমাজ ব্যৱস্থাত বিবাহ প্ৰথাক অতি পবিত্ৰ আখ্যা দিয়া হয়। প্ৰজাপতি বিবাহক আজিও শ্ৰেষ্ঠ আখ্যা দিয়া হয়। কেৱল পৰিয়ালৰ ইচ্ছাত মনৰ মিল নথকা নাৰী পুৰুষে বিবাহৰ বান্ধোনত বান্ধ খাই জীৱন অতিবাহিত কৰে।
বিবাহ প্ৰক্ৰিয়া বৰ জটিল। কেৱল সমাজৰ এলান্ধুকলীয়া চিন্তা ধাৰাৰ বাবেই বহুতো নাৰী পুৰুষে বৈবাহিক সম্পৰ্কত জীয়াতু ভুগি জীৱন কটায়। বিবাহ বিচ্ছেদৰ আজিৰ সময়তো ঋণাত্মক দৃষ্টিৰে চোৱা হয়।
মনৰ মিল নথকা সম্পৰ্ক এটা এসময়ত বোজালৈ পৰিৱৰ্তিত হয়। মেৰিটেল ৰেপৰ দৰে অপৰাধ ব্যাপক মাত্ৰাত সংঘটিত হয়। তথাপি এই বন্ধনৰ পৰা মুক্ত হোৱা এগৰাকী নাৰী বা পুৰুষৰ বাবে সহজ নহয়।
সেয়ে বহুতো লোকে এনে জটিল প্ৰক্ৰিয়া নিবিচাৰে। লিভ ইন ৰিলেশ্ব্যনশ্বিপত ঘৰুৱা হিংসাৰ দৰে অপৰাধ সংঘটিত হোৱাৰ ভয় কম থাকে। নিজৰ ইচ্ছাত পৰস্পৰৰ সন্মতি মৰ্মে কোনো জটিলতা নোহোৱাকৈ সম্পৰ্ক ত্যাগ কৰিব পাৰে। সেইবাবে আধুনিক সমাজ ব্যৱস্থাত লিভ ইন ৰিলেশ্ব্যনশ্বিপ সদায়েই আদৰণীয়।
কিন্তু সমাজত এই সম্পৰ্কৰ প্ৰতি ধনাত্মক ধাৰণা এতিয়াও নাই। মনৰ মিল নথকা ঘৰুৱা হিংসাৰে ভৰা বৈবাহিক সম্পৰ্ক এটা আদৰণীয় হ’লেও মনৰ মিলনত গঢ়ি উঠা লিভ ইন ৰিলেশ্ব্যনশ্বিপৰ প্ৰতি ঘৃণাৰ বাদে একো নাই। এই ক্ষেত্ৰত এলাহাবাদ উচ্চ ন্যায়ালয়ৰ এই ৰায়দানে এক আশাৰ বতৰা কঢ়িয়াই আনিছে। ই নতুন সুস্থ সমাজ গঠনত সহায় কৰিব।