কালি অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই বাংগালোৰত উপস্থিত হৈ নিৰ্মাণ হ’বলগীয়া অসম ভৱন স্থান পৰিদৰ্শন কৰে। যাৱতীয় কাম কাজৰ অনুমতিৰ বাবে বেংগালুৰু উন্নয়ন কৰ্তৃপক্ষৰ সৈতে যোগাযোগ কৰিবলৈ বিভাগীয় কৰ্তৃপক্ষক নিৰ্দেশ দিয়ে। শীঘ্ৰেই অসম ভৱন নিৰ্মাণৰ কাম আৰম্ভ হ’ব বুলি মুখ্য মন্ত্ৰী ডাঙৰীয়াই উল্লেখ কৰে।
ইতিমধ্যে কলিকতাৰ ৰাছেল ষ্ট্ৰীট, নতুন দিল্লীৰ দ্বাৰকা, পুডুচেৰী, হাইদৰাবাদ, চণ্ডীগড় আদি দেশৰ বিভিন্ন ঠাইত অসম ভৱন নিৰ্মাণৰ স্থান নিশ্চিত কৰা হৈছে। অতি শীঘ্ৰেই নিৰ্মাণ কাৰ্য্য আৰম্ভ হ’ব।
ৰাজ্যসমূহত অসম ভৱনৰ নিৰ্মাণে চিকিৎসা বা ভ্ৰমণৰ খাতিৰত বহিঃ ৰাজ্যলৈ যোৱা অসমৰ লোকসকলক সকাহ প্ৰদান কৰিব।ইতিপূৰ্বে কেৱল দিল্লী, কলিকতা, শ্বিলং, চেন্নাই আৰু মুম্বাইত অসম ভৱন আছে। অনাগত সময়ত দেশৰ প্ৰতিখন ৰাজ্যতে অসম ভৱন নিৰ্মাণ হ’ব বুলি অসমবাসী ৰাইজ আশাবাদী।