দেওবাৰে ১৯৭৫-৭৭ বৰ্ষ প্ৰাক বিশ্ববিদ্যালয় কটনিয়ানৰ সংস্থা ‘আস্থা’ৰ আলোচনী ‘কৰণি’, পাণবজাৰ স্থিত প্ৰাক্তন কটনিয়ান ভৱনত এক গাম্ভীৰ্যপূৰ্ণ পৰিৱেশত উন্মোচন কৰা হয়। ‘কৰণি’ৰ বিশেষত্ব হ’ল এই যে ই ‘আস্থা’ৰ ৱাটচআপ যোগে চৰ্চা কৰা সাহিত্য কৰ্মৰ ফচল। ইয়াৰ পূৰ্বেও এই সংস্থাই ৱাটচআপ গোটৰ জৰিয়তে কৰা সাহিত্য চৰ্চাৰ ছপা কৰা ৰূপ ‘কাব্যভাবনা’ৰ দুটা খণ্ড আৰু ‘এজাক প্ৰাক্তন কটনিয়ানৰ কলৰৱ’ৰ দুটা খণ্ড প্ৰকাশ হৈছে। অৱশ্যে উক্ত গ্ৰন্থ কেইখনতকৈ ‘কৰণি’ ৰ চৰিত্ৰগত পাৰ্থক্য আছে। কটনিয়ানৰ উক্ত গ্ৰুপটোৰ বাহিৰেও অসমৰ সকলো প্ৰান্তৰৰ পাঠকে পঢ়িব পৰাকৈ ‘কৰণি’ ছপা কৰি উলিওৱা হৈছে, য’ত ‘আস্থা’ৰ সদস্যসকলৰ উপৰিও বিশিষ্ট সাহিত্যিকৰ লেখাও প্ৰকাশ কৰা হৈছে।
‘আস্থা’ৰ সদস্যসকলৰ দ্বাৰা সমবেত কণ্ঠত পৰিবেশিত জ্যোতিসংগীত আৰু বন্তি প্ৰজ্বলনেৰে অনুষ্ঠান আৰম্ভ হয় প্ৰায় পঞ্চাশজন কটনিয়ানৰ উপস্হিতিত। ‘কৰণি’ উন্মোচন কৰি ‘আস্থা’ৰ সভাপতি ড. শান্তনুকুমাৰ বৈশ্যই সকলোকে অভিনন্দন জনায় আৰু মুখ্য সম্পাদক মদন চন্দ্ৰ ডেকা প্ৰমুখ্যে সম্পাদনা সমিতিৰ সমূহ সদস্যৰ শলাগ লয়। সাহিত্য তথা সাংস্কৃতিক সম্পাদক ডা. বিৰাজজ্যোতি গোস্বামীয়ে কয় যে ষাঠিৰ দেওনা অতিক্ৰম কৰা সংস্থাৰ সদস্যসকলৰ সৃষ্টিমূলক বা অভিজ্ঞতাপুষ্ট লেখাবোৰ সমাজলৈ আগবঢ়াই দিয়াৰ এক সপোন আজি ‘কৰণি’ ৰূপে বাস্তৱত পৰিণত হ’ল।
সমন্বয় তথা জনকল্যাণ বিভাগৰ সম্পাদক শৰৎ বৰকাকতিয়ে কয় যে অসমীয়া সাহিত্যৰ ভৰাল চহকী কৰা বাছকবনীয়া আলোচনীবোৰৰ দৰে ‘কৰণি’ও এদিন পূৰ্ণপ্ৰস্ফুতিত হৈ সমাজলৈ অৰিহনা যোগাব। মুখ্য সম্পাদক মদন চন্দ্ৰ ডেকাই সম্পাদনাৰ বিভিন্ন কাৰিকৰী দিশ আৰু ভাষাৰ বিভ্ৰান্তিৰ তাত্বিক আলোচনাৰে নিজৰ অভিজ্ঞতা বৰ্ণায়। সমজুৱাৰ ভাষণত কেইবাজনো সদস্যই বিভিন্ন পৰামৰ্শ আগবঢ়ায়। সৰ্বশেষত শলাগৰ শৰাই আগবঢ়ায় সংস্থাৰ সাধাৰণ সম্পাদক কৰ্ণেল ডা. লুটফুৰ ৰহমানে। অনুষ্ঠানটিৰ সুন্দৰকৈ আঁত ধৰে ঘোষিকা তৃষ্ণা বৰকাকতিয়ে।