অত্যাৱশ্যকীয় খাদ্য সামগ্ৰীৰ পৰা আৰম্ভ কৰি শাক পাচলিলৈকে সকলোতে এতিয়া মূল্যবৃদ্ধিৰ জুই। সমান্তৰাল ভাৱে ইন্ধনৰ মূল্যবৃদ্ধিয়েও প্ৰভাৱ পেলাইছে সাধাৰণ ৰাইজৰ জীৱনত । মূল্যবৃদ্ধি নিয়ন্ত্ৰণৰ বাবে সৰ্বত্ৰে দাবী উত্থাপন হৈ থকাৰ সময়তে আজি পুনৰ বৃদ্ধি পাইছে বাণিজ্যিক চিলিণ্ডাৰৰ মূল্য।
আজি প্ৰতিটো বাণিজ্যিক চিলিণ্ডাৰৰ মূল্য 266 টকাকৈ বৃদ্ধি পাইছে। দিল্লীত 19 কিলগ্ৰাম ওজনৰ বাণিজ্যিক চিলিণ্ডাৰৰ মূল্য এতিয়াৰে পৰা 2000 টকা হব।পূৰ্বে এই চিলিণ্ডাৰৰ মূল্য আছিল 1734 টকা। অৱশ্যে আজি ঘৰুৱা চিলিণ্ডাৰৰ মূল্য বৃদ্ধি পোৱা নাই। কলকাতাত 19 কিলগ্ৰাম ওজনৰ বাণিজ্যিক চিলিণ্ডাৰৰ মূল্য হৈছে2073 টকা।
সেইদৰে চেন্নাইত এই মূল্য হব 2133 টকা। যোৱা 1 ছেপ্টেম্বৰত বাণিজ্যিক চিলিণ্ডাৰৰ মূল্য 75 টকা বৃদ্ধি কৰা হৈছিল। ইপিনে শীঘ্ৰে ঘৰুৱা চিলিণ্ডাৰৰ মূল্যই এহেজাৰ টকা অতিক্ৰম কৰাৰ সম্ভাৱনা আছে। আন্তৰ্জাতিক বজাৰত খাৰুৱা তেলৰ মূল্য বৃদ্ধি পাই থকাৰ পৰিপ্ৰেক্ষিতত ঘৰুৱা চিলিণ্ডাৰৰ মূল্য পুনৰ বৃদ্ধি পাব পাৰে। যোৱা 6 অক্টোবৰত বিভিন্ন প্ৰতিষ্ঠানে ৰাজসাহায্য বিহীন চিলিণ্ডাৰত মূল্য বৃদ্ধি কৰিছিল।