বিতর্কিত কৃষি আইন বাতিলৰ বাবে অহা 26 নৱেম্বৰলৈ সময়সীমা বান্ধি দিছে প্ৰতিবাদী কৃষক সকলে। অন্যথা দিল্লী সীমান্তত প্ৰতিবাদী কাৰ্যসূচী অধিক তীব্রতৰ কৰি তোলা হব বুলি সকীয়নী প্ৰদান কৰিছে কৃষক নেতা ৰাকেশ টিকেইতে। ভাৰতীয় কিষান সংঘৰ মুৰব্বীজনে কৃষক আন্দোলনে এবছৰ সম্পূৰ্ণ কৰাৰ প্ৰাকক্ষণত এই হুংকাৰ প্ৰদান কৰিছে। বিগত দুটা দিনৰ ভিতৰত কৃষক নেতাজনে চৰকাৰক দ্বিতীয় বাৰৰ বাবে সকীয়নী প্ৰদান কৰিছে।
উল্লেখযোগ্য যে বিতর্কিত কৃষি আইন বাতিলৰ দাবীত বিগত বৰ্ষৰ 26 নৱেম্বৰৰ পৰা দিল্লী সীমান্তত কৃষক সকলে প্ৰতিবাদ সাব্যস্ত কৰি আহিছে। কৃষক সকলে কেইবাবাৰো দিল্লীত প্ৰৱেশ কৰি প্ৰতিবাদ সাব্যস্ত কৰিবলৈ চেষ্টা কৰি আহিছে। যাৰ বাবে দিল্লী -গাজিয়াবাদ সংযোগী পথত বেৰিকেড দিবলগীয়া হৈছিল। কেন্দ্ৰ আৰু প্ৰতিবাদী কৃষকৰ মাজত কেইবালানিও আলোচনা অনুষ্ঠিত হৈছে যদিও সেয়া বিফল হৈছে।
কেন্দ্ৰীয় চৰকাৰে সংশোধনী অনাৰ প্ৰস্তাৱ দিছে আলোচনা কালত। কিন্তু প্ৰতিবাদী কৃষকসকলে এই আইন সম্পূৰ্ণৰূপে বাতিল কৰিবলৈ দাবী উথাপন কৰি আহিছে। কৃষক নেতাজনে কয় যে 26 নৱেম্বৰৰ ভিতৰত ব্যবস্থা গ্ৰহণ নকৰিলে 27 নবেম্বৰৰ পৰা বিভিন্ন গাওঁৰ পৰা ট্রেক্টৰ লৈ কৃষক সকল প্ৰতিবাদস্থলীত উপস্থিত হব আৰু তম্বু নিৰ্মাণ কৰি প্ৰতিবাদ সাব্যস্ত কৰিব।আনহাতে দিল্লী সীমান্তৰ পৰা প্ৰতিবাদী কৃষকসকলক উচ্ছেদ কৰিবলৈ চেষ্টা কৰিলে ভয়াবহ পৰিনাম ভোগ কৰিব লাগিব বুলিও কৃষক সকলে সকীয়াই দিছে। তেওঁলোকৰ তম্বু ভাঙি পেলালে কৃষক সকলে আৰক্ষী থানা অথবা উপায়ুক্তৰ কাৰ্যালয়ত বাঁহৰ পাতিব বুলিও প্ৰকাশ কৰিছে।