অসমীয়া জাতি এতিয়া কোন দিশে ধাৱমান হৈছে সেয়া সৰ্বজনবিদিত। সংবিধান বিৰোধী “কা”ৰ বিষয়টো এতিয়া উচ্চতম ন্যায়ালয়ৰ অধীনত। সম্প্ৰতি জাতি ৰক্ষাৰ বাবে কঁকালত টঙালি বান্ধি বহু লোক ওলাই আহিছে। ৰাজনৈতিক দল গঠন কৰিছে।
এতিয়া সততে আমাৰ জনসাধাৰণৰ মনত উদয় হোৱা প্ৰশ্নটো হৈছে জাতি ৰক্ষা কৰিবলৈ সক্ষম হ’বনে ৰাজনৈতিক দলসমূহ?
প্ৰশ্নটো স্বাভাৱিক। কাৰণ ইতিহাস সাক্ষী আছে। জাতি স্বাৰ্থত গঠন হোৱা প্ৰতিটো দল বা প্ৰতিজন নায়ক শেষত ব্যক্তি স্বাৰ্থত নিয়োজিত হৈ আহিছে। পৰবৰ্ত্তী সময়ছোৱাত যে এনে ঘটনাৰ পুনৰাবৃত্তি নহ’ব , তাৰ কি নিশ্চয়তা আছে?
প্ৰতিঘৰে নিজৰ চোতালে চোতালে মাঘ বিহুৰ ভোজ খাই ঘৰৰ চোতালত মেজি জ্বলাও আমি। আকৌ বহি ৰাজ্যৰ পৰা অহা মেছিনত বোৱা ঊলৰ সূতাৰ দুই ফালে ফুল থকা বিহাৰৰ গামোচা কান্ধত লৈ জাতি ৰক্ষাৰ শ্লোগান দিলে জানোঁ অসমীয়াৰ জাতি বাচি থাকিব? পৰম্পৰাগত পিঠা জলপানতকৈ ইডলি, থেকুৱা, কেকেৰে বিহুৰ দিনা অতিথিক আপ্যায়ন কৰি আপ্লুত হওঁ আমি। আধুনিকতাৰ ধ্বজা উৰুৱাই নামঘৰত কেক কাটিবলৈও শিকিছোঁ আমি। হুঁচৰিও আজিকালি আমি মানুহৰ ঘৰ চাইহে গাবলৈ যাওঁ। তামোল পানযোৰতকৈ মাননিৰ সন্মান বেছি আজিকালি।
অসমীয়া সমাজত যৌতুক পৰম্পৰা কাহানিও নাছিল। কইনাৰ লগত বাকচ এটাত কাঁহী বাতি দুযোৰ, গামোচা, চেলেং আৰু দুসাজ কাপোৰেই আছিল আমাৰ পৰম্পৰা। টনকিয়াল ঘৰে প্ৰয়োজনীয় আচবাব সকলো দিছিল আৰু টোকোনা ঘৰে কাঁহী বাতি দুযোৰৰ সৈতে বিদায় দিছিল। কিন্তু বৰ্তমান যৌতুকৰ যেন প্ৰতিযোগিতা চলিছে। মান ধৰা পৰম্পৰাৰ নামত দামী কাপোৰে স্থান পালে।অসমীয়াৰ মান তামোলখন, চেলেং, গামোচা এলাগী হৈ ৰ’ল। আকৌ বিবাহ অনুষ্ঠানত আমি মেহেন্দী, সংগীত পাতি গৌৰৱবোধ কৰোঁ।
অনা অসমীয়া ব্যৱসায়ীসকলৰ লগত হিন্দীত কথা পাতি আমি গৌৰৱবোধ কৰোঁ আমি। বছৰ বছৰ ধৰি অসমত থাকি অসমীয়া ভাষা উচ্চাৰণ কৰিব নিবিচৰা কথাটো আমাৰ কাৰণে কেতিয়াও লাজৰ কথা নহয়।
আমি অসমীয়া সকলে নিজৰ পৰিচয় নিজেই হেৰুৱাইছোঁ। কৌৰৱাচৌথৰ দৰে নাৰীক অৱনমিত কৰিব খোজা উত্তৰ ভাৰতীয় কু প্ৰথাক আমি সংস্কৃতি হিচাপে আকোঁৱালি লৈছোঁ। কিন্তু বাপোতি সাহোন বিহুটিৰ বেলিকা আজিকালি বিহু মঞ্চতহে আছে বুলি সামৰণি মাৰিছোঁ।
আমাৰ অসমীয়াৰ অস্তিত্ব কেৱল আমাৰ অসমীয়াৰ হাতত। অসমীয়া ৰাইজ নিজেই সচেতন নহ’লে অসমীয়া জাতি বাছি নাথাকিবগৈ। বঙালীৰ দৰে স্বয়ং সম্পূৰ্ণ এটা জাতিৰ সন্মুখত অসমীয়া জাতিৰ কি অস্তিত্ব থাকিবগৈ এয়া লক্ষনীয় কথা।