ধনৰ অবৈধ লেনদেনৰ অভিযোগত এনফৰ্চমেণ্ট সঞ্চালকালয়ে গ্ৰেপ্তাৰ কৰিছে মহাৰাষ্ট্ৰৰ প্ৰাক্তন গৃহমন্ত্ৰী অনিল দেশমুখক।এনফৰ্চমেণ্টৰ কাৰ্যালয়ত ১২ ঘণ্টা সোধাপোচা কৰাৰ অন্তত দেশমুখক গ্ৰেপ্তাৰ কৰে। এনফৰ্চমেণ্টৰ জাননী লাভ কৰা পিছতেই তেওঁৰ বিৰুদ্ধে আৰম্ভ কৰা তদন্ত প্ৰক্ৰিয়া খাৰিজ কৰাৰ প্রাৰ্থনাৰে বোম্বে উচ্চ ন্যায়ালয়ত আবেদন জনাইছিল প্ৰাক্তন গৃহমন্ত্ৰী তথা এন চি পিৰ জ্যেষ্ঠ নেতাজনে। অৱশ্যে তেওঁ উচ্চ ন্যায়ালয়ত কোনো সকাহ লাভ নকৰিলে। যাৰ বাবে এনফৰ্চমেণ্টৰ কাৰ্যালয়ত ১২ ঘণ্টা জেৰাৰ অন্তত তেওঁক গ্ৰেপ্তাৰ কৰে।আনহাতে এক ভিডিও বাৰ্তাত দেশমুখে তেওঁৰ বিৰুদ্ধে উথাপিত অভিযোগ মিছা বুলি অভিহিত কৰিছে। উল্লেখযোগ্য যে মুম্বাইৰ প্ৰাক্তন শীৰ্ষ আৰক্ষী বিষয়া পৰম বীৰ সিঙে দেশমুখৰ বিৰুদ্ধে অভিযোগ আনিছিল। গৃহমন্ত্ৰী হৈ থকাৰ সময়ত দেশমুখে প্ৰতিমাহে বেআইনী ভাবে ১০০ কোটি টকা সংগ্ৰহ কৰিবলৈ আৰক্ষীক বাধ্য কৰাইছিল বুলি সিঙে অভিযোগ আনিছিল। উদ্যোগপতি মুকেশ আম্বানীৰ বাসগৃহৰ সন্মুখত বিস্ফোৰক উদ্ধাৰ হোৱা তদন্তৰ গাফিলতি কৰা বুলি সিঙক নিজৰ পদবীৰ পৰা আঁতৰাই দিয়াৰ পিছতে দেশমুখৰ বিৰুদ্ধে অভিযোগ উত্থাপন কৰিছিল। এই অভিযোগক লৈ সমগ্ৰ ৰাজ্য খনতে ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছিল। আনকি গৃহমন্ত্ৰীৰ পদ ত্যাগ কৰিবলগীয়া হৈছিল দেশমুখে।