মানুহৰ কথা চিন্তা কৰা দক্ষিণ ভাৰতৰ এজন অভিনেতা পুনিত কুমাৰ৷ মৃত্যুৰ পিচতো যি দৃষ্টিশক্তি দিলে চাৰিজনকৈ লোকক ৷২৯ অক্টোবৰত ইহলীলা সম্বৰণ কৰা পুনিত কুমাৰে মৃত্যুৰ আগতেই চকুযোৰ দান কৰি থৈ গৈছিল৷ সেয়েহে তেওঁৰ মৃত্যুৰ পিচতো তিনিজন পুৰুষ আৰু এগৰাকী মহিলাই দৃষ্টি শক্তি লাভ কৰিবলৈ সক্ষম হৈছে৷ বিগত দুদিনত নাৰায়ণা নেত্ৰালয়ত তেওঁলোকৰ অস্ত্ৰোপচাৰ সম্পন্ন হয়৷ পুনিতৰ পিতৃ ডক্তৰ ৰাজকুমাৰ আৰু মাতৃ পৰ্বতাম্মায়ো মৃত্যুৰ পূৰ্বে তেওঁলোক দুয়োজনৰে চকু দান কৰি থৈ গৈছিল৷
পুনিতক মৃত বুলি ঘোষণা কৰাৰ পিছতেই তেওঁৰ সহোদৰ ৰাঘবেন্দ্ৰই নেত্ৰালয়ৰ ডক্তৰ ৰাজকুমাৰ আইবেংকক খবৰ দিয়ে আৰু চিকিৎসকে প্ৰয়াত অভিনেতা জনৰ চকুৰ প্ৰয়োজনীয় অংশ সংগ্ৰহ কৰি চাৰিগৰাকীকৈ লোকক দৃষ্টি শক্তি প্ৰদান কৰে৷ নিজৰ মৃত্যুৰ পিচতো ২০ৰ পৰা ৩০ বছৰ বয়সৰ চাৰিও গৰাকী ব্যক্তিক মানৱ দৰদী অভিনেতা গৰাকীয়ে জীৱন কাললৈ পোহৰ দি থৈ গ’ল যাৰ ফলত তেওঁ সৰ্বসাধাৰণ মানুহৰ দৃষ্টিত এজন অভিনেতাই নহয় এজন প্ৰকৃত মানুহ হৈ ৰ’ল৷