দেৱী পৰম্পৰাত কালী দেৱীৰ ভূমিকা তাৎপৰ্যপূৰ্ণ। জগতত শান্তি সংহতি , ধৰ্ম প্ৰতিষ্ঠা কৰাৰ ক্ষেত্ৰত এইগৰাকী দেৱীৰ অৱদানৰ তুলনা নাই। পৃথিৱীত সত্য-শিৱ-সুন্দৰৰ প্ৰতিষ্ঠাৰ বাবে , মানৱতাৰ শ্ৰেষ্ঠত্ব প্ৰতিপন্ন কৰিবৰ বাবে, জগতত শান্তি-স্থাপনৰ বাবে যুগে যুগে দেৱী অৱতীৰ্ণ হৈ আহিছে।
কালৰ স্ত্ৰীলিংগবাচক ৰূপ হৈছে কালী। কালৰ অৰ্থ ধ্বংসকাৰী। চণ্ড-মুণ্ডক বধ কৰিবৰ বাবে কালীৰূপে দেৱী অৱতীৰ্ণ হৈছিল। চণ্ড-মুণ্ডক বধ কৰা বাবে “কালী”ৰ নাম হয় “চামুণ্ডা”।
” শবাৰূঢ়াং মহাভীমাং ঘোৰদংষ্ট্ৰাং বৰপ্ৰদাম।
হাস্যযুক্তাং ত্ৰিনেত্ৰাং চ কপালত্ৰিৰ্কাকৰাম ।।
মুক্তকেশীং লোলজিহ্বাং পিবন্তীং ৰুধিৰং মুহঃ।
চৰ্তুবাহুযুতাং দেৱীং বৰ ভয়কৰাং স্মৰেৎ ।।”
শ্ৰী শ্ৰী কালীদেৱী শৱৰ ওপৰত দণ্ডায়মান ৷ মহাভয়ংকৰ স্বৰূপা। দাঁত অতি ভয়ানক , ত্ৰিনয়না আৰু সদায় হাস্যবদনা। মুক্তকেশী মাৰ জিভা মুখৰ বাহিৰলৈ ওলমি অহা । চতুৰ্ভূজা দেৱীৰ দক্ষিণ হস্তযুগলত বৰমুদ্ৰা আৰু অভয় মুদ্ৰা।
শ্ৰী শ্ৰী দূৰ্গাদেৱীক আমি বিভিন্ন সময়ত নানা ৰূপত পূজা কৰি আহিছো। গতিকে দেখা যায় “কালী”ও “দূৰ্গা”ৰে আন এটা ৰূপ।শ্ৰী শ্ৰী কালী পূজা অতি প্ৰাচীন কালৰ পৰাই অসমত প্ৰচলন হৈ আহিছে। যোগিনীতন্ত্ৰতো উল্লেখ আছে –শক্তি উপাসনাৰ বাবে অতি প্ৰাচীন কালৰে পৰা কামৰূপ পৃথিৱী বিখ্যাত। অসমত আহোম ৰজা সকলৰ দিনৰে পৰা শক্তি পূজাৰ প্ৰাধান্য বাঢ়িছিল। শিৱসিংহ , প্ৰমত্ত সিংহ , ৰাজেশ্বৰ সিংহ , লক্ষী সিংহ , গৌৰী সিংহ আদি আহোম ৰজা সকলেও দেৱী পূজাৰ পৃষ্ঠপোষকতা কৰিছিল। দৰঙীৰজা মহাৰাজ নৰনাৰায়ণ , চিলাৰায় আদিও দেৱী পূজাৰ পৃষ্ঠপোষক আছিল।
কাতি মাহৰ অমাৱস্যা তিথিত কালী পূজা কৰা হয়। কালী পূজা বিশেষকৈ অমাৱস্যা ৰাতি কৰা হয়।
কালী দেৱী সুখ-শান্তি , সমৃদ্ধি আৰু সত্য-শিৱ-সুন্দৰৰ প্ৰতীক। সমাজত সুন্দৰক প্ৰতিষ্ঠা কৰাৰ বাবেই মা কালীক পূজা-উপাসনা কৰা হয়। বিশ্বাস আছে এই দেৱী গৰাকীয়ে অন্ধকাৰ বিনাশ কৰি সমাজত পোহৰৰ আৰু জ্ঞানৰ সন্ধান দিয়ে। মানৱক অমৃতৰ আৰু সত্যৰ সন্ধান দিয়ে। পৰমা শক্তিয়েই কালী , তেৱেঁই দূৰ্গা।
কালী পূজাৰ আগদিনা চতুৰ্থী তিথিক ভূত চতুৰ্দশী বুলি কোৱা হয়। ভূত চতুৰ্দশীৰ দিনা সন্ধিয়া বাগিছা , ভড়াল , গোহালী আৰু ঘৰৰ দুৱাৰ মুখত মুঠতে চৈধ্যগছি চাকি জ্বলোৱাৰ লগতে চৈধ্যবিধ শাক খোৱাৰ প্ৰথা প্ৰচলিত হৈ আহিছে। নামনি অসমৰ পিনে অঞ্চল ভেদে কিছুমানে কঠালৰ পাতেৰে বনোৱা চাকিত আৰু কিছুমানে ঔটেঙাৰে বনোৱা চাকিত ঘিউৰ চাকি জ্বলায়। বাগিছা ,ভড়ালৰ উপৰিও ঘৰৰ চুক কোণ সকলোতে চাকি জ্বলাই পোহৰাই ৰাখে ।
সকলো ধৰনৰ অপায়-অমঙ্গল , অশুভ শক্তিক বিনাশ কৰিবৰ কাৰণে এই ঘিউৰ চাকি জ্বলাব লাগে বুলি অতীতৰে পৰা মানুহে বিশ্বাস কৰি আহিছে।