ভাৰতীয় মহাকাশ গৱেষণা প্ৰতিষ্ঠানে সৌৰশক্তিৰ গণনযন্ত্ৰ নিৰ্মাণ কৰিব। যাৰ জৰিয়তে সমগ্ৰ বিশ্বৰ প্ৰতিখন দেশে ব্যৱহাৰ কৰা বা খৰচ কৰা সৌৰ শক্তিৰ উমান পোৱা যাব। ভাৰতৰ প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোডী ডাঙৰীয়াই গ্লাছগ’ত ইউনাইটেড নেচনছ ক্লাইমেট চেঞ্জ কনফাৰেঞ্চ ত অংশ গ্ৰহণ কৰি এই কথা প্ৰকাশ কৰে।
তেখেতে ভাষণত কয় যে সূৰ্য্যৰ পৰা লাভ কৰা শক্তি বিশুদ্ধ আৰু বহনক্ষম। কিন্তু সূৰ্য্যৰ শক্তি কেৱল দিনৰ সময়চোৱাতহে পোৱা যায়। সেমেকা বতৰেও সূৰ্য্যৰ শক্তিত প্ৰভাৱ পেলায়। প্ৰতিখন দেশে সূৰ্য্যৰ শক্তি লাভ কৰিবলৈ হ’লে সমগ্ৰ বিশ্বৰ বাবে সূৰ্য্য শক্তিৰ এটা গ্ৰিড নিৰ্মাণৰ প্ৰয়োজন। যাৰ দ্বাৰা অন্য দেশসমূহেও জলবায়ুৰ তাৰতম্য থকা স্বত্বেও এই শক্তি গ্ৰহণ কৰিব পাৰিব। প্ৰধান মন্ত্ৰীজনে এটা সূৰ্য্য, এখন পৃথিৱী আৰু এটা গ্ৰিডৰ দ্বাৰা সমগ্ৰ বিশ্বক একত্ৰিত কৰি কাৰ্বনমুক্ত সুস্থ পৃথিৱী গঢ়াৰ প্ৰস্তাব আগবঢ়ায়।
উল্লেখযোগ্য যে ২০১৮ চনৰ ইন্টাৰনেচনেল চ’লাৰ এলায়েঞ্চটো নৰেন্দ্ৰ মোডী ডাঙৰীয়াই এই প্ৰস্তাৱ আগবঢ়াইছিল। এই প্ৰস্তাৱ ৰূপায়নৰ ক্ষেত্ৰত ISRO এ এক বলিষ্ঠ ভূমিকা পালন কৰিব।
সৌৰ শক্তিৰ ব্যৱহাৰে জলবায়ু নিয়ন্ত্ৰণ কৰাৰ লগতে পৃথিৱীৰ গড় আয়ুস বৃদ্ধি কৰিব।