কিছুমান লেখা আৰম্ভ কৰাই কঠিন। ক’ৰবাত নিজলৈও যেন চিটিকি পৰে দোষৰ কিছু অংশ। মই, আপুনি, তেঁও, আমি সকলো এই সমাজ ব্যৱস্থাৰে অংশ। সমাজত কিবা ঘটিছে। প্ৰত্যক্ষ-পৰোক্ষ ভাৱে আমি অলপ হলেও দোষী হ’মেই। কিন্তু প্ৰকৃতাৰ্থত আমি তেনেকৈ নাভাবো। এটা সহজাত ৰক্ষণশীল গেম খেলি দূৰৰ পৰাই নিৰাপদ অৱস্থাত অৱস্থান কৰি সুখী হও। অৱশ্যে এইবোৰ কথাও এতিয়া পুৰণি হ’ল। আজিকালি সকলোৱেই নিজক জুখি চোৱাৰ কথা কয়। হকে-বিহকে আমি মাত মাতো, মতামত দিও। প্ৰতিবাদ কৰো ভাৰ্ছুৱেলি। এয়াও আমাৰ চেফ গেমৰে এটা অংশ!
প্ৰায় বিশ বছৰৰ আগৰ কথা। মোতকৈ বয়সত কিছু ডাঙৰ বন্ধুসম বা জনীয়ে আউলী-বাউলী চুলিৰ মলিয়ন পোছাক পিন্ধা ছোৱালীজনীলৈ আঙুলিয়াই দি কৈছিল, তাইক কোনোবাই ৰেপ কৰিছিল। পুলিচ কেচো দিছিল। ল’ৰাটো ধনী কাৰনে পুলিচে একো নকৰিলে। ইহঁতক বহুত পইচা দিলে বোলে! ৰেপ শব্দটোৰ ব্যৱহাৰিক অৰ্থ কি হ’ব পাৰে বুজি নাপালেও জানিছিলো এয়া ভয়ানক কিবা এটা। একেদৰেই বুজা-নুবুজা বয়সত দেখা পাইছিলো এগৰাকী অবিবাহিতা দৰিদ্ৰ(!) ছোৱালীৰ স্ফীত উদৰ। বৰ সকৰুণ ভাৱে স্কাৰ্ট-টপে বাধা দিব নোৱাৰা সেই উদৰে বহু কিবা ক’ব খুজিছিল। তাইৰ স্ফীত উদৰৰ গৰাকী প্ৰেমিকজনে বিয়া কৰাব নোৱাৰাৰ বাবে সাংঘাটিক এক বিপদ সংকুল অৱস্থাৰ মাজেৰে গৰ্ভপাত কৰোৱা হৈছিল। বহু কথাই মনত নথকা মোৰ শৈশৱে সেই মচিব নোৱাৰা স্ফীত উদৰৰ গৰাকীৰ কথা ঠিকেই মনত ৰাখিছিল!
তেতিয়া ভাবিছিলো ধনী ল’ৰা বোৰে দুখীয়া ছোৱালীবোৰৰ লগত প্ৰেম কৰি বেয়া কাম কৰি বেলেগ বিয়া পাতে। শৰীৰী সম্পৰ্ক কি, আবেগ কি, ভালপোৱা কি? সেই সম্পৰ্কে কোনো ধৰণৰ ধাৰণাই তেতিয়া নাছিল। অথবা নিজাকৈ গঢ়ি উঠা নাছিল কোনো চেতনা। ল’ৰাৰ শৰীৰ,ছোৱালীৰ শৰীৰৰ পাৰ্থক্যবোৰে কৌতূহলৰ বাদে অন্য একো সৃষ্টি কৰা নাছিল। সেই কৌতূহলত নাছিল কোনো আৱিস্কাৰৰ তাড়না। সহজ আছিল আমাৰ শৈশৱ। ঠিক যেনেকৈ এটি শিশুৰ হোৱা উচিত। শৈশৱ পাৰ হৈ, কৈশোৰ-যৌৱনৰ দুৱাৰ দলিতহে আৰম্ভ হৈছিল ছোৱালী মানুহ হোৱাৰ সেই মানসিক যন্ত্ৰণাবোৰ! ছোৱালীবোৰ মানুহ আছিল কিন্তু মানুহৰ শাৰীত ৰাখিবলৈ নাৰাজ আছিল এখন সমাজ। যদিহে ছোৱালীবোৰ মানুহ হ’লহেঁতেন, সেই স্ফীত উদৰৰ গৰাকীয়ে তাইক আপোন কৰি ল’বলৈ বাধ্য হ’লহেঁতেন! সেই আউলী-বাউলী চুলিৰ ছোৱালী জনীৰ ঘৰত পইচা দি কথাবোৰ লুকুৱাই থোৱা নহ’লহেঁতেন! ক্ৰমান্বয়ে খোল খাই আহিছিল বৈষম্যৰ সেই ভয়াবহ পৃথিৱীখন।
হয়, তুলনামূলক ভাৱে আমাৰ অৱস্থা ভাল আছিল। আমাৰ ঘৰবোৰত প্ৰতি মূহূৰ্ততে সোঁৱৰাই থকা নহৈছিল তঁহত ছোৱালী মানুহ। হেতা ধৰাৰ সলনি আমাৰ শৈশৱবোৰত কলম ধৰাত গুৰুত্ব দিয়া হৈছিল। কোৱা হোৱা নাছিল ছোৱালীৰ শৰীৰবোৰ অদ্ভূত। সোণোৱালী শৈশৱ-কৈশোৰ-যৌৱন আমাৰ বাবে সহজ আছিল। কিন্তু সেই নিৰাপদ যাত্ৰা আপোনাৰ বা মোৰ কিমান দিনলৈ বৰ্তি আছিল? আৰু আমাৰ কাষে-কাষে গৈ থকা কিমানে শৈশৱতেই অনুভৱ কৰিছিল যে জীৱন যাতনাৰ এখন সাগৰ!
সমস্যাতো হ’ল আমি মানি আহিছো। কিবাকিবি কাৰনত আমাক কোৱা হৈছে যে আমি মানি লোৱা উচিত। এই যে ধৰ্ষিতা ছোৱালীজনীৰ পৰিয়ালটোক পইচা দি কেচটো বন্ধ কৰা হ’ল, এয়া কেৱল দৰিদ্ৰতাৰ বাবেই জানো? এগৰাকীক নিজৰ প্ৰেমিকেই গৰ্ভপাতৰ মাজেৰে মৃত্যুমুখলৈ ঠেলি দিছিল। কিয়? ধৰ্ষণ কেৱল দৰিদ্ৰ শ্ৰেণীৰ মাজতেই নহয়। সকলো শ্ৰেণীৰ মাজত হয়। ধৰ্ষণৰ এটা অন্যতম কাৰন পুৰুষত্বৰ আসুৰিক বৰ্হিপ্ৰকাশ। ইমান সহজলভ্য যৌনতাৰ বেহাৰ মাজত অন্যথা ধৰ্ষণ কিয় সহজলভ্য?
ধৰ্ষণ আগতেও হৈছিল। এতিয়াও হৈ আছে। হৈয়েই থাকিবনে? উত্তৰ আমাৰ কাৰোৰে হাতত নাই। আমি ধৰ্ষণ নকৰো! আমাক ধৰ্ষণ নকৰে! ধৰ্ষণ কোনে কৰে? ধৰ্ষিতা কোন?
বিগত কিছু দিনত ধৰ্ষণৰ খবৰবোৰে ভয়াবহ ৰূপ ধাৰণ কৰিছে। দিল্লীৰ দামিনী বা নিৰ্ভয়া কাণ্ডৰ পাছত যেন নৃশংস ধৰ্ষণৰ এক প্ৰতিযোগিতাহে আৰম্ভ হৈ গ’ল। অসমত বৰ্ণালী নামৰ সাত বছৰীয়া ছোৱালীজনীৰ ধৰ্ষণৰ ঘটনাই আমাৰ মগজু লৰাই তুলিছিল। তাৰ পাছত শিশুৰ পৰা আৰম্ভ কৰি পঞ্চাশোৰ্ধৰ শিক্ষয়িত্ৰীকে ধৰি ধৰ্ষণৰ ঘটনাবোৰ বাঢ়ি গ’ল। আগতে আমি ভাবিছিলো অত্যাধিক অনিয়ন্ত্ৰিত শৰীৰি তাড়নাৰ বাবেই মানুহে ধৰ্ষণ কৰে।
এতিয়া ধৰ্ষণৰ সংজ্ঞা সলনি হ’ল। শৰীৰৰ সুখ নহয় আসুৰিক চেডিষ্টিক প্লেজাৰৰ বাবেও মানুহ ধৰ্ষিতা হ’বলৈ ললে। কেতিয়াবা লাগে ধৰ্ষণ যেন এটা বিশেষ শ্ৰেণীৰ প্ৰতি ভয়ানক বিষোদগাৰ। ইমান বেছি ঘৃণা অথবা বিতৃষ্ণা বিপৰীত লিংগৰ প্ৰতি যে সি বয়সৰ সীমা চেৰাই কেৱল শৰীৰকহে চিনি পায়। ধৰ্ষণ সকলোৱেই কৰে। পিতৃ, ভাতৃ, প্ৰেমিক, স্বামী, বেকাৰ, বিষয়া মুঠতে সকলোৱেই। কিয় কৰে তাৰ উত্তৰ আমাৰ হাতত নাই। আমি মাথো অনুমান কৰিব পাৰো। ভাবিব পাৰো এয়া এক ধৰণৰ নিৰাশা, এক ধৰণৰ উচাত্মিকাবোধ, এক ধৰণৰ বিকৃতি, এক ধৰণৰ মজা, এক ধৰণৰ ঘৃণা, এক ধৰণৰ যৌনতা বিষয়টোকে ধূলিসাৎ কৰি বল প্ৰয়োগৰ জৰিয়তে পৌৰুষত্ব জাহিৰ কৰাৰ নিচা! আচলতে কি?
ধৰ্ষণৰ কথা কওতে কিছু কথা নকলে আধৰুৱা হ’ব। এনে কিছু মানুহো আমি জীৱনকালত পাও যাক নিজৰ পিতৃ-ভাতৃয়েই ধৰ্ষণ কৰিছে। বিবাহৰ নামত বলপূৰ্বক ভাৱে পত্নীৰ অনিচ্ছা স্বত্ত্বেও প্ৰতিদিন ধৰ্ষিতা সেই নাৰীবোৰে কি ভাবে? শিক্ষক, সম্পৰ্কীয়, তথাকথিত অভিভাৱকে শৰীৰত হাত নিদিয়াকৈ কিমানৰ শৈশৱ পাৰ হৈছে? যৌনতা কি, শৰীৰ কি নজনা বয়সত ধৰ্ষণৰ লিপ্সা লৈ গাত পিতপিতাই ফুৰা এই অতৃপ্ত আত্মাবোৰ সমাজৰ একো একোজন ভদ্ৰ মানুহ। আৰু এইটোৱেই আমাৰ সমাজৰ ভয়ংকৰ ট্ৰেজেদি।
ধৰ্ষণ বন্ধ হ’বলৈ এই সমাজ ব্যৱস্থাই পৰিৱৰ্তন হ’ব লাগিব। পৃথিৱীৰ আটাইতকৈ সহজলভ্য বিষয় যৌনতা। চৌদিশে অসংখ্য যৌন কৰ্মী। আমাৰ সমাজৰ পৰা শুচিবায়ুগ্ৰস্ততাও দূৰ হৈ গৈছে, ইচ্ছা কৰিলে মানুহে একাধিক ব্যক্তিৰ সৈতে শাৰিৰীক সম্পৰ্ক কৰিব পাৰে। আইনেও ইয়াত বাধা নিদিয়ে। সকলো ইমান সহজলভ্য। পৰ্ণ, কনডম, অয়’ৰ কোঠা সকলো আছে। এটা সুস্থ প্ৰক্ৰিয়া আছে। সহজলভ্যতা আছে। তথাপি কিয়?