বৰ্তমান চলি থকা টি 20 বিশ্বকাপ ক্ৰিকেটৰ পাছতে আন্ত:ৰাষ্ট্ৰীয় ক্ৰিকেটৰ পৰা অৱসৰ লব ৱেষ্ট ইণ্ডিছৰ অলৰাউণ্ডাৰ ডুৱেইন ব্ৰেভোয়ে। বৃহস্পতিবাৰে অনুষ্ঠিত মেচত শ্ৰীলংকাৰ বিৰুদ্ধে ৱেষ্ট ইণ্ডিছ পৰাজিত হোৱাৰ পিছতে ব্ৰেভোয়ে এই কথা প্ৰকাশ কৰে। মেচখনৰ পাছত ফেচবুক লাইভৰ জৰিয়তে আই চি চিক এই কথা অৱগত কৰে। ডুৱেইন ব্ৰেভোয়ে কয়,”মই ভাবো যে মোৰ সময় আহি পৰিছে। মই এটা ভাল কেৰিয়াৰ অতিবাহিত কৰিলো।
বিগত 18 বছৰ ধৰি উত্থান -পতনৰ মাজেৰে ৱেষ্ট ইণ্ডিচক প্ৰতিনিধিত্ব কৰাৰ সুযোগ পালো। যেতিয়াই মই উভতি চাওঁ তেতিয়াই মই দেশখনক প্ৰতিনিধিত্ব কৰাৰ বাবে গৌৰৱ অনুভৱ কৰো।” ফেচবুক লাইভত তেওঁ এইবুলিও কয় ” আই চি চিৰ তিনিটা ট্ৰফী মই জয় কৰিলোঁ। মই এটা কথাক লৈ সদায় গৌৰৱ কৰো যে ক্ৰিকেটৰ জগতত আন্তৰ্জাতিক ভাবে আমি আমাৰ নাম লিপিবদ্ধ কৰিবলৈ সক্ষম হলো।”
উল্লেখযোগ্য যে কালিৰ মেচত হোৱাৰ লগে লগে টি 20 ৱৰ্ল্ড কাপৰ চেমিফাইনেলত প্ৰবেশৰ আশা নির্বাপিত হল। আন্তৰ্জাতিক ক্ৰিকেটৰ পৰা বিদায় ললেও আই পি এলত চেন্নাই চুপাৰ কিংছৰ হৈ ব্ৰেভোয়ে পুনৰ খেলিব নে নাই সেয়া এতিয়াও স্পষ্ট হোৱা নাই। ব্ৰেভোয়ে আন্তৰ্জাতিক ক্ৰিকেটৰ ইতিহাসত সোণালী আখৰেৰে নিজৰ নাম লিখিবলৈ সক্ষম হৈছে। এটাৰ পাছত আন এটা অভিলখেৰে ক্ৰিকেটৰ জগতত নিজৰ নাম উজলাই তুলিছে।
বিশেষকৈ টি 20 ক্ৰিকেটত ব্ৰেভোৰ সমান ট্ৰফী কোনো ক্ৰিকেটাৰে লাভ কৰিবলৈ সক্ষম হোৱা নাই। টি 20 মেচত 553 টা উইকেট লাভ কৰাৰ লগতে তেওঁ কৰা ৰানৰ সংখ্যা হৈছে 6617 । টি 20 ৰ ইতিহাসত ব্ৰেভো হৈছে আটাইতকৈ বেছি উইকেট লাভ কৰা ক্রিকেটাৰ।