লঘু অপৰাধত শিশু-কিশোৰৰ বিৰুদ্ধে এবছৰতকৈয়ো অধিক কাল ৰুজু হৈ থকা ৮৯৮ টা গোচৰ কিশোৰ ন্যায়িক পৰিষদ(জুভেনাইল জাষ্টিচ ব’ৰ্ড)ৰ ওচৰত নিস্পত্তি কৰা হৈছে দিল্লীত। উচ্চ ন্যায়ালয়ক এই কথা সদৰী কৰিছে দিল্লী চৰকাৰে। উচ্চ ন্যায়ালয়ক চৰকাৰে সদৰী কৰা অনুসৰি ৮০০তকৈ অধিক গোচৰ এবছৰতকৈ অধিক কাল নিষ্পত্তি নোহোৱাকৈ পৰি আছিল আৰু এই গোচৰসমূহ ছখন পৰিষদৰ ওচৰত নিষ্পত্তি কৰা হৈছে। কেৱল ৩৪টা গোচৰৰ তদন্ত ছমাহতকৈ অধিক কিন্তু এবছৰতকৈ কম দিন পৰি আছিল।
উল্লেখযোগ্য যে ভাৰতীয় দণ্ডবিধি অথবা আন আইনৰ অধীনত যিসমূহ অপৰাধত সৰ্বাধিক তিনিবছৰ পর্যন্ত কাৰদণ্ড বিহাৰ ব্যবস্থা আছে, সেই অপৰাধ সমূহ লঘু অপৰাধ হিচাপে ধৰা হয়। গোচৰটোৰ শুনানি গ্ৰহণ কৰি ন্যায়াধীশ সিদ্ধাৰ্থ মৃদুল আৰু ন্যায়াধীশ এ জে ভামভানিৰ খণ্ড বিচাৰপীঠে কয় যে কেৱল গোচৰ নিষ্পত্তিতে দায়িত্ব শেষ হৈ নাযায়। বিচাৰপীঠ খনে কয় ” কেৱল গোচৰ নিষ্পত্তি কৰাটো আমাৰ উদ্দেশ্য নহয়। বৰঞ্চ কোনেও যাতে যত্ন আৰু সুৰক্ষাৰ অভাৱত থাকিব লগা নহয় , সেয়া নিশ্চিত কৰিব লাগিব।”
অৱশ্যে চৰকাৰী অধিবক্তাই আদালতত প্ৰকাশ কৰে যে কিশোৰ ন্যায়িক পৰিষদৰ পৰামৰ্শ অনুসৰি তেনে শিশুক চৰকাৰে সাহায্য প্ৰদান কৰিব পাৰে। ইয়াৰ বাবে সংশ্লিষ্ট বিষয়া থকাৰ লগতে কিশোৰ ন্যায়িক পুঁজি আছে। ইয়াৰ পাছতে বিচাৰপীঠখনে কিশোৰ ন্যায়িক পুঁজিলৈ বিগত বর্ষসমূহত আবন্টন দিয়া ধনৰ পৰিমাণ আৰু এই ধন কিদৰে ব্যয় কৰা হৈছে ,সেই সন্দৰ্ভত অৱগত কৰিবলৈ নিৰ্দেশ দিয়ে।
তদুপৰি ১১খন জিলা চহৰত কিশোৰ ন্যায়িক পৰিষদ স্থাপন কৰিবলৈ প্ৰয়োজন হবলগীয়া সময় অৱগত কৰিবলৈ বিচাৰপীঠখনে দিল্লী চৰকাৰক নিৰ্দেশ প্ৰদান কৰে। শুনানিৰ সময়ত সংশ্লিষ্ট কৰ্তৃপক্ষই সদৰী কৰে যে বিভিন্ন পৰিষদত হাজিৰ কৰোৱা এহেজাৰ শিশুৰ এতিয়াও সন্ধান পোৱা নাই।
এবাৰ এই প্ৰক্ৰিয়া কাৰ্যকৰী হলেই কোনো শিশু সন্ধানহীন নহয় বুলিও কৰ্তৃপক্ষই ন্যায়ালয়ক অৱগত কৰে। অৱশ্যে এই কথাত অসন্তুষ্টি প্ৰকাশ কৰি ন্যায়ালয়ে কয় ” শিশুসকলৰ সময় নাথাকে।আপোনালোকে ভাবেনে যে এই শিশুসকল নিজৰ পিতৃ-মাতৃৰ ওচৰলৈ উভতি গৈছে। যদি যোৱা নাই?”একে সময়তে যিকোনো গোচৰত অভিযুক্ত হলে শিশুসকলক ২৪ঘণ্টাৰ ভিতৰতে কিশোৰ ন্যায়িক পৰিষদৰ ওচৰত হাজিৰ কৰাবলৈ বিচাৰপীঠ খনে নিৰ্দেশ প্ৰদান কৰে।