উত্তৰ পূব ভাৰতত বৰ্তমান কেঞ্চাৰ ৰোগীৰ সংখ্যা দিনক দিনে বৃদ্ধি পাবলৈ ধৰিছে। অসমত যোৱা বছৰত ৫৩ লাখ লোক কেঞ্চাৰ ৰোগত আক্ৰান্ত হোৱাৰ তথ্য পোহৰলৈ আহিছে। আনহাতে অৰুণাচল প্ৰদেশত প্ৰতি বছৰে কেঞ্চাৰ ৰোগত আক্ৰান্ত ৰোগীৰ সংখ্যা সমগ্ৰ দেশৰ ভিতৰতে সৰ্বাধিক।
অসম তথা উত্তৰ পূৱ চাহ সম্পদত দেশৰ ভিতৰতে চহকী। অসমৰ চাহ বাগিছাসমূহত প্ৰচুৰ পৰিমাণে কীটনাশক ৰাসায়নিক দ্ৰব্য ব্যৱহাৰ কৰা হয়। এই বিষাক্ত ৰাসায়নিক দ্ৰব্যসমূহে মাটিৰ গুণাগুণ ধ্বংস কৰাৰ লগতে খাল বিল পুখুৰী নৈৰ পানীও প্ৰদূষিত কৰিছে। সেই পানী সেৱনৰ ফলত শৰীৰত বিংসতিয়ে দেখা দিছে। কীটনাশক বিষাক্ত ঔষধৰ গোন্ধ বতাহত বিয়পি সেই অঞ্চলৰ লোকসকলৰ স্বাস্থ্যত প্ৰভাৱ পেলাইছে। কেঞ্চাৰ ৰোগ বৃদ্ধিৰ এয়া এক অন্যতম কাৰণ হ’ব পাৰে। ইয়াৰ উপৰিও বজাৰত বিক্ৰী কৰা শাক পাচলিত বিষাক্ত ৰাসায়নিক দ্ৰব্য ব্যৱহাৰ কৰা হয়।
অসম তথা উত্তৰ পূৱ জনজাতিৰ ৰাজ্য। বিভিন্ন প্ৰকাৰৰ পৰম্পৰাগত মাদক দ্ৰব্য প্ৰস্তুত কৰা হয়। ইয়াৰোপৰি চুলাইৰ ঘাটিও দিনক দিনে বৃদ্ধি পাইছে। অবৈজ্ঞানিক পদ্ধতিৰে নিৰ্মাণ কৰা অনুন্নত থলুৱা সুৰাৰ সেৱন কেঞ্চাৰ ৰোগৰ কাৰণ হ’ব পাৰে। ধপাত, ভাং আমাৰ পৰম্পৰাৰ সৈতে জড়িত। তামোলৰ সৈতে ধপাত সেৱন কৰাটো আমাৰ অসমীয়াৰ এক অভ্যাস। অসমত বৰ্ধিত হাৰত বৃদ্ধি পোৱা কেঞ্চাৰ ৰোগৰ ই এক অন্যতম কাৰণ হোৱাৰ থল আছে।
অসমৰ লোকসকলৰ প্ৰধান খাদ্য ভাত। সুষম আহাৰৰ সকলো গুণাগুণ অসমীয়া মানুহৰ খাদ্য সম্ভাৰত সাধাৰণতে দেখা পোৱা নাযায়। অত্যাধিক কাৰ্বহাইড্ৰেট সেৱনে ব্যক্তিৰ স্বাস্থ্যত প্ৰভাৱ পেলায়। ইয়াৰ উপৰিও জুইত পুৰি যিকোনো খাদ্যৰ জুতি লোৱা আমাৰ পৰম্পৰা। মাছ, আলু, মাংস আদি পোৰাৰ ফলত খাদ্য বস্তুত লাগি থকা ছাই সেৱন কৰা স্বাস্থ্যৰ পক্ষে হানিকাৰক। কেঞ্চাৰ ৰোগ বৃদ্ধিৰ এয়া অন্যতম কাৰণ হ’ব পাৰে।
কেঞ্চাৰৰ বৰ্দ্ধিত হাৰ অতি চিন্তনীয়। অসমৰ লোকসকল এই ক্ষেত্ৰত সজাগ হোৱা উচিত। অনুন্নত জীৱন শৈলী, বদ অভ্যাসসমূহ সালসলনি কৰি এক সুস্থিৰ জীৱন আঁকোৱালি ল’বলৈ অগ্ৰসৰ হোৱা উচিত। নিয়মীয়া স্বাস্থ্য পৰীক্ষাৰ যোগেদি কেঞ্চাৰক প্ৰতিহত কৰিব পাৰি। অসম তথা উত্তৰ পূৱৰ প্ৰতিজন লোক এই ভয়াবহতাৰ প্ৰতি সচেতন হোৱা দৰকাৰ।