দক্ষিণৰ চুপাৰষ্টাৰ ৰজনীকান্তৰ সদ্য মুক্তি প্ৰাপ্ত ছবিয়ে ইতিমধ্যে চাৰিদিনতেই অভিলেখ গঢ়িবলৈ সক্ষম হৈছে৷ ৪ নৱেম্বৰত অৰ্থাৎ দেৱালীৰ দিনা মুক্তি পোৱা ‘আন্নাথে’ নামৰ ছবিখন ছবি সমালোচক বা দৰ্শকৰ দৃষ্টিত উৎকৃষ্ট মানৰ ছবি হিচাপে অভিহিত নহ’লেও সমগ্ৰ বিশ্বৰ বক্স অফিচতে জনপ্ৰিয়তা অৰ্জন কৰি ছবিখনে ১৫০ কোটি টকা উপাৰ্জন কৰি ছবি জগতক এক অনন্য মাত্ৰা প্ৰদান কৰিছে৷ ৪ নৱেম্বৰত দেশৰ প্ৰায় ১০০০ খন স্ক্ৰীণত ‘আন্নাথে’ মুকলি হৈছিল৷ কেৱল তামিলনাডুতেই ছবিখনে ৬০কোটিতকৈয়ো অধিক টকা উপাৰ্জন কৰিবলৈ সক্ষম হৈছে৷
ছবি জগতত খলকনি তোলা ‘আন্নাথে’ নামৰ এই ছবি খনত মূখ্য চৰিত্ৰত ৰজনীকান্তে অভিনয় কৰাৰ লগতে আন এটা গুৰুত্ব পূৰ্ণ চৰিত্ৰ ৰূপায়ণ কৰিছে আন এগৰাকী জনপ্ৰিয় অভিনেতা কীৰ্তি সুৰেশে৷