কভিড সংক্ৰমণ ক্ৰমাৎ হ্ৰাস পোৱাৰ লগে লগে ৰাজ্যত আৰম্ভ হৈছে স্বাভাৱিক জীৱনযাত্ৰা। খোল খাইছে ৰাজ্যৰ শিক্ষানুষ্ঠানসমূহ। বিদ্যালয়লৈ নিয়মীয়া ভাবে হৈছে পাঠদান। ইয়াৰ মাজতে মহানগৰীৰ এখনঅভিজাত বিদ্যালয়ত বিয়পি পৰিছে কভিডৰ আতংক। গুৱাহাটীৰ এন পি এছ ইন্টাৰনেছনেল স্কুলৰ ১৬গৰাকী শিক্ষাৰ্থীৰ দেহত ধৰা পৰিছে কভিডৰ সংক্ৰমণ।
বিগত কেইবাদিনো ধৰি বিদ্যালয়খনৰ হোষ্টেলত থকা কেইবাগৰাকী শিক্ষাৰ্থী জ্বৰ কাঁহত আক্ৰান্ত হৈ আছিল। যাৰ বাবে স্বাস্থ্য বিভাগে বিদ্যালয় খনৰ ১১১গৰাকী শিক্ষাৰ্থীৰ কভিড টেষ্ট কৰোৱাই। এই টেষ্টত মুঠ ১২জন শিক্ষাৰ্থী পজিটিভ হিচাপে ধৰা পৰে। পৰৱৰ্তী সময়ত পুনৰ বিদ্যালয়খনৰ আন একাংশ শিক্ষাৰ্থীৰ কভিড টেষ্ট কৰোৱা হয়।
যত পুনৰ আন চাৰিগৰাকী ছাত্ৰ ছাত্ৰী আক্ৰান্ত হোৱাটো নিশ্চিত হয়। ইয়াৰ পিছতে এন পি এছ ইন্টাৰনেছনেল স্কুল মাইক্ৰ কনটেইনমেণ্ট জ’ন হিচাপে ঘোষনা কৰিছে কামৰূপ মহানগৰ জিলা প্ৰশাসনে। উল্লেখ্য যে এই বিদ্যালয়খনে প্ৰথমে শিক্ষাৰ্থীৰ মাজত কভিড আক্রান্ত হোৱাৰ বাতৰি গাপ দিব বিচৰা বুলি অভিযোগ উত্থাপিত হৈছে।
অৱশ্যে বিষয়টো জিলা প্ৰশাসন আৰু স্বাস্থ্য বিভাগে গুৰুত্ব সহকাৰে গ্ৰহণ কৰে আৰু কভিড টেষ্টৰ ব্যবস্থা কৰে। মহানগৰীৰ আন একাংশ বিদ্যালয়ত শিক্ষাৰ্থী আক্ৰান্ত হোৱা সত্বেও তথ্য লুকুৱাই ৰাখিবলৈ চেষ্টা কৰাৰ অভিযোগ উত্থাপিত হৈছে।