অলপতে ছবিগৃহলৈ অহা অক্ষয় কুমাৰ অভিনীত সূৰ্য্যবংশী চিনেমাখনে দৰ্শকৰ মাজত বিশেষ সঁহাৰি লাভ কৰিবলৈ সক্ষম হৈছে। চিত্ৰ নিৰ্মাতা ৰোহিত ছেট্টীৰ দ্বাৰা পৰিচালিত ছবিখনত এইবাৰ অসমৰ দুই যুৱকক দেখা পোৱা গৈছে।
অসমৰ দুই প্ৰতিভাবান যুৱকক অক্ষয় কুমাৰৰ দৰে বলিষ্ঠ অভিনেতাৰ দ্বাৰা অভিনীত ছবিত অভিনয়ৰ সুযোগ লাভ কৰাৰ কাৰণে ৰাজ্যবাসী উৎফুল্লিত হৈ পৰিছে।
যোৰহাটৰ অনুপ পেগুক চিনেমাখনৰ এটি সৰু চৰিত্ৰত দেখা পোৱা গৈছে। ২০০৭ চনৰ পৰাই মডেল হিচাপে মুম্বাইত প্ৰতিষ্ঠিত অনুপ পেগু পিছলৈ ফিটনেছ ইণ্ডাষ্টিৰ সৈতে জড়িত হৈ পৰে। তেনেকৈয়েই তেওঁ সৰু সৰু চৰিত্ৰ বা ষ্টাণ্ট মেন হিচাপে বলিউডত প্ৰৱেশ কৰে। সূৰ্য্যবংশীৰ পূৰ্বেও অজয় দেৱগন অভিনীত তানহাজী ছবিখনতো অভিনয় কৰিছে।
ইতিমধ্যে অসমৰ অনুপ পেগু বলিউডৰ কেইবাখনো ছবিৰ বাবে চুক্তিবদ্ধ হৈছে। চলমান খান, আমিৰ খান অভিনীত ছবিটো অভিনেতাজনক দেখিবলৈ পোৱা যাব। জন আব্ৰাহমৰ সত্যমেৱ জয়তে ২ ত অভিনেতাজনক দেখা পোৱা যাব। ইয়াৰ উপৰিও এখন তামিল ছবিতো তেওঁ অভিনয় কৰিব বুলি জানিবলৈ পোৱা গৈছে।