অসমত বসবাস কৰা আদিবাসী জনগোষ্ঠীৰ জনজাতি কৰণ, ভূমি পট্টা প্ৰদানকে ধৰি বিভিন্ন জ্বলন্ত সমস্যা সমাধানৰ দাবীত দিল্লীলৈ পদযাত্ৰা আৰম্ভ কৰিছে তিনিচুকীয়াৰ ডুমডুমাৰ এজন লোকে। নাম তেওঁৰ ৰাজেশ মহানন। যোৱা ২৭ অক্টোবৰত তেওঁ তিনিচুকীয়াৰ ডুমডুমাৰ পৰা এই যাত্ৰা আৰম্ভ কৰিছে। নতুন দিল্লীত উপস্থিত হৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক লিখিতভাৱে তেওঁ আদিবাসী সকলৰ সমস্যা সমূহৰ বিষয়ে অৱগত কৰোৱাৰ লগতে শীঘ্ৰে সমাধানৰ দাবী উত্থাপন কৰিব। আঢ়ৈৰ পৰা তিনি মাহৰ ভিতৰত এই যাত্ৰা সমাপন কৰাৰ লক্ষ্য বান্ধি লৈছে মহাননে। আজি তেওঁ উপস্থিত হৈছে গোসাঁইগাঁওত। খোজকাঢ়ি উপস্থিত হোৱা মহাননক আদিবাসী ছাত্র সন্থাই উষ্ম আদৰণি জনায়।উল্লেখযোগ্য যে আদিবাসী লোকসকল শিক্ষাকে ধৰি বিভিন্ন ক্ষেত্ৰত এতিয়াও পিছপৰা। তেওঁলোকৰ সামগ্ৰিক বিকাশৰ বাবে দীৰ্ঘদিনধৰি আন্দোলন কৰি আহিছে বিভিন্ন দল সংগঠনে।