বলিউডৰ জনপ্ৰিয় অভিনেতা ৰাজকুমাৰ ৰাও আৰু পত্ৰলেখা পাল সোমবাৰে পৰিয়াল আৰু বন্ধুবৰ্গৰ উপস্থিতিত চণ্ডিগড়ত বিবাহপাশত আবদ্ধ হয়৷
মেঘালয়ৰ শ্বিলঙত এটা বেংগলী পৰিয়ালত জন্ম হোৱা ভাৰতীয় অভিনেত্ৰী পত্ৰলেখা আছিল ‘আসাম ভেলী স্কুল’ৰ ছাত্ৰী৷ সেই সূত্ৰে ৰাজকুমাৰ উত্তৰ পূবৰ জোঁৱাই৷ বহুবছৰৰ পৰা প্ৰেমৰ সম্পৰ্কেৰে বান্ধ খাই থকা ৰাজকুমাৰ আৰু পত্ৰলেখা দুয়ো দুয়োৰে ভাল বন্ধুও৷ দুয়ো দুয়োকে জীৱনসংগী হিচাপে পাই অত্যন্ত সুখী অনুভৱ কৰা বুলি সামাজিক মাধ্যম যোগে ইতিমধ্যেই প্ৰকাশ কৰিছে