গুৱাহাটীৰ বেলতলাৰ চন্দন নগৰ নিবাসী এহাল বৃদ্ধ দম্পত্তীৰ হত্যাৰ ঘটনাটোৱে সমগ্ৰ অসমক জোকাৰি গৈছে । প্ৰাথমিক অনুসন্ধানৰ মতে দম্পত্তীহালৰ দুয়োগৰাকী জীয়ৰী ঘৰৰ পৰা দূৰৈত থকা কাৰণে বিগত কেবা বছৰো ধৰি তেওঁলোকৰ ঘৰত ৰখীয়া হিচাপে থকা এহাল মানুহৰ পুৰুষজনেই এই হত্যাকাণ্ড সংঘটিত কৰা বুলি আৰক্ষীয়ে সন্দেহ প্ৰকাশ কৰিছে । আৰক্ষীৰ অধিক তদন্ত, ফৰেঞ্চিক বিজ্ঞানাগাৰৰ পৰীক্ষা, মৰনোত্তৰ পৰীক্ষাৰ প্ৰতিবেদনে অনুসন্ধান প্ৰক্ৰিয়া অধিক তৰান্বিত কৰিব আৰু আৰক্ষীয়ে হত্যাৰ ৰহস্য ভেদ কৰাৰ লগতে আদালতে দোষীক শাস্তি বিহিব । অৰ্থাৎ আইনে নিজৰ পথ অৱলম্বন কৰিব । কিন্তু এই সমগ্ৰ ঘটনাই কিছুমান অন্য সামাজিক প্ৰসংগ অধিক স্পষ্ট ৰূপত আমাৰ মাজলৈ লৈ আহিছে ।
মানুহৰ বৃদ্ধকালটো এক গুৰুত্বপূৰ্ণ সময় । সমগ্ৰ জীৱনতো পুৰুষ বা মহিলা এগৰাকীয়ে নিজৰ নিজৰ সামাজিক-পাৰিবাৰিক আৰু কৰ্মময় জীৱনৰ দায়িত্ব পালন কৰি উঠি যেতিয়া কৰ্মময় জীৱনৰ পৰা অৱসৰ গ্ৰ্হন কৰে সেই সময়ত তেওঁলোকৰ অফুৰন্ত সময় থাকে । তেওঁলোকে সেই সময় পাৰ কৰাৰ কাৰণে নিজকে বিভিন্ন ধৰণে ব্যস্ত কৰি ৰাখিব বিচাৰে বা সময় পাৰ কৰাৰ বাবে সংগী বিচাৰে । কিন্তু ঠিক সেই সময়তে সেই মানুহবোৰৰ বেছিভাগৰে পৰিয়ালত কিছুমান স্বাভাৱিক পৰিঘটনাও সংঘটিত হয় । সেই সময়ত সেই অৱসৰী মানুহবোৰৰ সন্তান ডাঙৰ হয়, উপাৰ্জনক্ষম হয় আৰু কৰ্মত নিয়োজিত হয় আৰু বিয়া-বাৰুও হয় । তাৰ ফলস্বৰূপে কিছুমান পৰিয়ালৰ দুই এজন সন্তানক বাদ দি বাকী বেছিভাগ পৰিয়ালৰে সন্তানে কৰ্ম অথবা জীৱনৰ দায়িত্বত ঘৰৰ পৰা আঁতৰত বাস কৰিব লগা হয় । ফলত ঘৰৰ পিতৃ-মাতৃ্য়ে অকলশৰীয়া জীৱন এটা কটাবলগীয়া হয় । কেতিয়াবা এনেকুৱাও পৰিস্থিতি হয়গৈ যে নিজৰ ঘৰ-বাৰী, মাটি-সম্পত্তি আনৰ হাতত গতাই সেই পিতৃ-মাতৃ হয়তো অনিচ্চা স্বত্বেও সন্তানৰ সৈতে গুচি যাব লগীয়া হয় আৰু নহয়তো বহুতেই আকৌ বৃদ্ধাশ্ৰমত আশ্ৰয় লবলগীয়া হয় । আৰু নহলে তেনে বৃদ্ধ মানুহে অন্য আলপৈচান ধৰোতা মানুহৰ সহায়ত জীৱনৰ অন্তিম সময়চোৱা কটাবলগীয়া হয় ।
যোৱা ২৫ অক্টোবৰৰ দিনা গুৱাহাটীৰ মাজমজিয়াত যিটো হত্যাকাণ্ড সংঘটিত হ’ল সেই ঘটনাত বৃদ্ধ দম্পত্তীহালৰ ৰক্ষকেই তেওঁলোকক হত্যা কৰা বুলি প্ৰাথমিক তদন্তত স্পষ্ট হৈছে । লগতে এই কাম কেৱল সম্পত্তিৰ লোভতে কৰা বুলিও তথ্য পোৱা গৈছে । অতদিনে তেওঁলোকৰ ৰখীয়া হিচাপে বিশ্বাসভাজন হৈ থকা মানুহেই কেনেকৈ হঠাতে ইমান হিংস্ৰ হৈ উঠিল সেয়াও এক আচৰিত কথা । কিন্তু তাৰ সমানেই বিচাৰযোগ্য কথাতো হ’ল এই যে মহানগৰীৰ মূল অঞ্চলত পথৰ ওচৰত যেতিয়া মূল্যবান সম্পত্তি থাকিব আৰু এজন মানুহে যেতিয়া সেয়া বহু বছৰ ধৰি নিজে চোৱা-চিতা কৰিব তেতিয়া তেওঁৰ তাৰ প্ৰতি লোভ জাগ্ৰত হোৱাটোও একো অস্বাভাবিক নহয় । তাতে আকৌ সেই সম্পত্তিৰ ভৱিষ্যত গৰাকী যেতিয়া ঘৰৰ পৰা বহু দূৰত থাকে তেতিয়া ৰখীয়াৰ সেই লোভ আৰু অধিক গভীৰ হোৱাও স্বাভাৱিক । আৰু সেই ধৰনৰ মানসিক অৱস্থাত যদি তেনে মানুহৰ মনত কোনো তৃতীয় পক্ষই এই লোভ অধিক জাগ্ৰত কৰিব পৰা কথা সুমুৱাই দিয়ে তেতিয়া তেনে মানুহে আগ-গুৰি বিচাৰ নকৰি মাদক দ্ৰব্যৰ নিচাত অসহিষ্ণু হৈ হত্যাকাণ্ড সংঘটিত কৰাটো একো আচৰিত নহয় । গুৱাহাটীৰ ঘটনাৰ ক্ষেত্ৰত আমাৰ বোধেৰে হয়তো এনেকুৱাই হৈছিল । কিন্তু এয়া আইনী, মানৱীয় বা সভ্য সমাজৰ দৃষ্টিৰ কোনো দিশৰ পৰাই সমৰ্থনযোগ্য নহয় ।
আমি নিজে কৰ্মসূত্ৰে গুৱাহাটীৰ যিটো অঞ্চলত থাকো সেই অঞ্চলত কেবাটাও এনে পৰিয়াল আছে যাৰ সতি-সন্ততি ৰাজ্য বা দেশৰ বাহিৰত থাকে আৰু ঘৰত পিতৃ-মাতৃ অকলশৰীয়াকৈ থাকে । আমি দেখা পাও দিনৰ ভাগত তেনে পৰিয়ালত দুই এক মহিলাই ঘৰুৱা কাম কাজ কৰে আৰু আবেলি সময়ত তেনে দম্পত্তীয়ে চোতালতে অলপ খোজ কাঢ়ি পিছত গধুলিতে প্ৰৱেশদ্বাৰত তলা লগাই গৃহবন্দী হয় । কিন্তু দেখা যায় বয়সৰ ফালৰ পৰা তেনে মানুহে ৰাতিৰ ভাগত যিকোনো স্বাস্থ্যজনিত বা অন্য কোনো অনাকাংখিত ঘটনাৰ আকস্মিকতাৰ সময়ত নিজকে সুৰক্ষিত কৰি ৰাখিবৰ জোখাৰে সক্ষম নহয় । কিন্তু পৰিস্থিতিৰ ফালৰ পৰা চালে তেনে মানুহৰ হাতত অন্য সহজ বিকল্পও নাই । ফলত জীৱনৰ ভাটি বয়সত এই বৃদ্ধ মানুহচামে এক অনিশ্চিত সময়ৰ মাজেৰে জীৱন নিৰ্বাহ কৰিব লগা হৈছে । কেৱল এটা অঞ্চলতে নহয় মহানগৰীৰ বিভিন্ন অঞ্চলত অসংখ্য এনে পৰিয়াল আছে যিবোৰ সহজতে আমাৰ চকুত নপৰে । কেৱল গুৱাহাটীতে নহয় অসমৰ বিভিন্ন গ্ৰামাঞ্চলতো এই পৰিৱেশ এতিয়া সাধাৰন ঘটনা হৈ পৰিছে । শিক্ষা, ব্যৱসায়, চাকৰি আদিৰ কাৰনে সন্তান সকল ঘৰৰ পৰা বাহিৰ ওলাই আহি ব্যস্ত হৈ পৰাৰ পিছত গাওঁ অঞ্চলত পিতৃ-মাতৃয়ে অকলশৰীয়া জীৱন বাচি লব লগীয়া হৈছে ।
এনে ধৰনৰ পৰিৱেশৰ বাবেই বৰ্তমান বৃদ্ধাশ্ৰমৰ ধাৰনাটো জনপ্ৰিয় হবলৈ আৰম্ভ কৰিছে । আমি নিজে মাজে সময়ে বৃদ্ধাশ্ৰমলৈ যাও । বৃদ্ধাশ্ৰমত গৈ আৰু তাৰ আৱাসীসকলৰ লগত কথা পাতি আমাৰ অনুভৱ হয় যে বৃদ্ধাশ্ৰম বুলি ক’লেই আমাৰ মনত সততেই উদ্ভৱ হোৱা সন্তানৰ অৱহেলাৰ বাবেহে পিতৃ-মাতৃ বৃদ্ধাশ্ৰমৰ বাসিন্দা হবলগীয়া কথাতো সকলো সময়তে সত্য নহয় । আমি নিজেও বহু এনে মানুহ লগ পাইছো যিয়ে নিজৰ অকলশৰীয়া অভিভাৱকক মানসিক, শাৰিৰীক আৰু সামাজিক নিৰাপত্তাৰ বাবেও বৃদ্ধাশ্ৰমত থয় । বহুতেই পিতৃ-মাতৃক বৃদ্ধাশ্ৰমত থৈ নিয়মীয়াকৈ খা-খবৰ লয়, মাজে সময়ে তেওঁলোকক ঘৰলৈ লৈ যায় আৰু কিছুদিনৰ পিছত আকৌ তাত থৈ যায় । অৱশ্যে দুই এটা পৰিয়ালৰ সন্তানে বছৰ-বছৰ জুৰি পিতৃ-মাতৃক বৃদ্ধাশ্ৰ্মত থৈ নিজে বিদেশত সংস্থাপিত হোৱা আৰু কেতিয়াও খবৰ নোলোৱাৰ উদাহৰনো এইখন সমাজতে আছে । অৱশ্যে নিজৰ জীৱনকালত অতি কষ্ট, যত্ন আৰু অৰ্থৰে আটোমটোকাৰিকৈ সজা হেঁপাহৰ ঘৰখন বহুতেই শেষ বয়সত এৰি আহি বৃদ্ধাশ্ৰমৰ বাসিন্দা হব নোখোজাৰ বাবে তেওঁলোক নিৰাপত্তাহীনতাত ভুগিব লগীয়া হয় ।
মুঠতে গাওঁ-চহৰ-মহানগৰ সকলোতে সাম্প্ৰতিক সময়ত দেখা দিয়া এটা গভীৰ সমস্যা হৈছে বৃদ্ধকালত সন্তানৰ অনুপস্থিতিত মাক-দেউতাকৰ একাকীত্ব আৰু সেই একাকীত্বই জন্ম দিয়া নিৰাপত্তাহীনতা । মহানগৰীৰ এই দ্বৈত হত্যাৰ ঘটনাই এই সমগ্ৰ বিষয়তো আৰু এবাৰ মানুহৰ চৰ্চাৰ বিষয় কৰি তুলিছে । সামাজিক মাধ্যম, সংবাদ মাধ্যম সকলোতে বিষয়টোক লৈ বিভিন্ন চৰ্চা আৰম্ভ হৈছে । এচামে এই ক্ষেত্ৰত বৃদ্ধাশ্ৰমৰ প্ৰসংগটো জৰুৰী হিচাপে উল্লেখ কৰিছে । এচামে আকৌ চৰকাৰে এইচাম মানুহক ৰখাৰ বাবে এক উপযুক্ত আন্ত:গাথনি গঢ়ি তোলা কথাটোত গুৰুত্ব দিছে । অৱশ্যে এই ক্ষেত্ৰত আমাৰ মনত উদয় হোৱা এটা ধাৰনা হ’ল এই যে বৰ্তমান আমাৰ সমাজত এইধৰনৰ সমস্যাৰ প্ৰসংগটোক এক সামাজিক সমস্যা হিচাপে গণ্য কৰাৰ সময় সমাগত । আনহাতে এই সমগ্ৰ বিষয়টো চৰকাৰে অকলে দায়িত্ব লোৱাও সম্ভৱ নহয় । তেনে অৱস্থাত সামাজিক মাধ্যমৰ এই যুগত যি সকল মানুহৰ সন্তান এনেদৰে পিতৃ-মাতৃক অকলশৰীয়াকৈ এৰি কৰ্মসূত্ৰে দেশ বা ৰাজ্যৰ বাহিৰত থাকিবলগীয়া হৈছে তেওঁলোকে নিজে আগভাগ লৈ আমাৰ ৰাজ্য চৰকাৰৰ লগত যোগাযোগ কৰি এক ফলপ্ৰসূ পথৰ সন্ধান কৰি সেই সকল লোকক একেলগে ৰখাৰ ব্যৱস্থা কৰিব পাৰি নেকি তেনেকুৱা চিন্তা-চৰ্চাৰ এক সময় আহি উপস্থিত হৈছে । নহলে অকলশৰীয়াকৈ, বা কোনোবা বাহিৰা মানুহৰ তত্বাৱধানত তেনে বয়োজ্যেস্থ মানুহক এৰা কথাটোৱে বিভিন্ন ধৰনে নিৰাপত্তাহীনতাৰ জন্ম দিয়ে ।
জীৱন-জীৱিকাৰ প্ৰয়োজনত মানুহে ৰাজ্য বা দেশৰ সীমা চেৰাই যাবই লাগিব । যি সকলৰ সুবিধা আছে তেওঁলোকে বাৰু পিতৃ-মাতৃক নিজৰ লগত লৈ যাব । কিন্তু বিভিন্ন কাৰনত সকলোৰে বাবে সেয়া সম্ভৱ নহয় । কিন্তু তাৰ অৰ্থ এয়া নহয় যে তেওঁলোকে পিতৃ-মাতৃক এলাগী কৰিব বিচাৰে । কিন্তু অন্য বিভিন্ন কাৰনত তেওঁলোকে পিতৃ-মাতৃক বৃদ্ধাশ্ৰমত থবলৈও সক্ষম নহয় । কিন্তু এনে ধৰনৰ এক সময়ত বৃদ্ধকালত পিতৃ-মাতৃক অকলশৰীয়াকৈ এৰাটোও এক সমস্যা । সেয়েহে সময়ৰ দাবী আৰু প্ৰয়োজনত আমি ওপৰত উল্লেখ কৰা ধৰনৰ এক সামুহিক আশ্ৰয়ৰ ব্যৱস্থাৰ কথা চিন্তা কৰাৰ অৱকাশ আছে । চৰকাৰৰ সহযোগত আৰু যিসকল সন্তানে এই ধৰনৰ সমস্যাৰ দ্বাৰা প্ৰত্যক্ষভাবে প্ৰভাৱিত, তেওঁলোকে এই ধৰনৰ কামত আগভাগ লৈ আগবাঢ়িলে নিশ্চয় এই আধুনিক সময়ৰ আধুনিক সমস্যাৰ ফলপ্ৰসূ সমাধান ওলাব ।
লেখকৰ ফোন- ৯৮৬৪৬৯৮১৯৫