শীতকাল মানেই যেন বনভোজৰ সময়। ডিচেম্বৰ মাহ পৰিলেই যেন বনভোজ খাবলৈ মনবোৰে থৌকি বাথৌ কৰে । কৰ’ণাৰ ভয়াবহতাত মানুহৰ বনভোজৰ প্ৰতি উদ্যম কমিছে যদিও তাৰ মাজতে সাৱধানতাৰে নীতি-নিয়ম মানি পৰিয়ালৰ সকলোৱে মিলি নাইবা বন্ধু-বান্ধৱ একগোট হৈ আনন্দ -ধেমালি কৰি জুতি লগাই ভাত এসাজ খাবলৈ সকলোৱে হেঁপাহ কৰে।
আমাৰ পৰিয়ালৰ সকলোৱে মিলি পৱিত্ৰ খীষ্টমাচৰ দিনাখন ছয়গাৱঁৰ অসম -মেঘালয়ৰ সীমান্তৰ উকিয়ামলৈ যাবলৈ মনস্থ কৰিলোঁ।
আমি যাত্ৰা আৰম্ভ কৰিছিলো গুৱাহাটীৰ পৰা।গুৱাহাটীৰ পৰা পশ্চিম দিশত প্ৰায় ৬০ কিঃ মিঃ গৈ ছয়গাঁও পোৱা যায়। ছয়গাৱঁৰ গ’ল্ড ডিজিটেল চিনেমা হলৰ বিপৰীত দিশে প্ৰায় ২৭ কিঃ মিঃ গ’লে উকিয়াম পোৱা যায়। ৰাষ্টাৰ কাষৰ টিলাবোৰত থকা সৰু সৰু ঘৰবোৰ , কহুঁৱা বন আৰু মনোমোহা সেউজীয়াৰে আৱৰা শাৰী শাৰী শাল , চেগুন গছৰ মাজেৰে উকিয়ামৰ যাত্ৰা পথটো সচাঁকৈয়ে অতি মনোৰম।
সুন্দৰতাৰ ৰম্যভূমি উকিয়ামৰ বুকুত থকা কুলচী নদীৰ ওলমা দলং খনে সংযোগ কৰিছে অসম আৰু মেঘালয়ক। কুলচী নদীৰ বুকুত সুন্দৰক বিচাৰি ফুৰা প্ৰকৃতি প্ৰেমী সকলক হাঁহি আনন্দৰে নাৱঁৰীয়াই যেতিয়া নাও বাই বাই ঘূৰাই ফুৰে , সেই দৃশ্য দেখিলে আপোনাৰো মন নাচি উঠিব আনন্দত। কুলচী নদীৰ শীতল পানীয়ে আপোনাৰো দেহ-মন শীতল কৰি তুলিব যদিহে আপুনি কুলচীৰ ঠাণ্ডা পানীত ঠিয় হৈ অনুভৱ কৰিব পাৰে কুলচীৰ স্বচ্ছতা আৰু শীতলতা। কুলচী নদীত নাৱেঁৰে যাতায়ত কৰি আপুনি যেতিয়া নান্দনিক দৃশ্য উপভোগ কৰিব তেতিয়া উপলদ্ধি কৰিব পাৰিব পানীৰ স্বচ্ছতা য’ত আপোনাৰ প্ৰতিবিম্বই মন পুলকিত কৰি তুলিব। উকিয়াম বনভোজৰ অতি মনোৰম স্থান। এবাৰ উকিয়ামলৈ গ’লে আপুনি পাহৰিব নোৱাৰিব প্ৰকৃতিৰ মনোমহা ৰূপ। উকিয়ামে যেন হাত বাউল দি মাতে প্ৰতিজন প্ৰকৃতি প্ৰেমিক । মাতিব আপোনাক , মোক , সকলোকে। যান্ত্ৰিক ব্যস্ততাৰ পৰা আতৰি বনভোজ স্থলীত প্ৰাকৃতিক সৌন্দৰ্য বিচাৰি ফুৰা মনে লাভ কৰে অনাবিল সুখ আৰু শান্তি ।
গোটেই দিনটো পৰিয়ালৰ সৈতে বা বন্ধু -বান্ধৱৰ সৈতে এটা ভাল লগা পৰিবেশত আনন্দ -ফুৰ্তি কৰি জুতি লগাই এসাজ খাবলৈ মানুহে বনভোজলৈ যায়। এই নিভাজ সৌন্দৰ্যত যাতে কৃত্ৰিমতাই স্থান নাপায় তাৰ প্ৰতি আমি সচেতন হৈ থাকিব লাগিব। অপূৰ্ব সৌন্দৰ্যৰে ভৰপূৰ উকিয়ামত আনন্দ মেলাৰ দৰে যান্ত্ৰিক আনন্দই যেন সঁচা সৌন্দৰ্য ম্লান কৰিব নোৱাৰে। কণ , কণ ল’ৰা- ছোৱালীক আনন্দ দিবলৈ আৰু আকৰ্ষিত কৰিবলৈ এই বোৰ ব্যৱস্থা কৰা হৈছে যদিও শিশু সকলক বঞ্চিত নকৰিব সুন্দৰতা উপভোগ কৰাৰ পৰা।শিশু মনে বিচাৰি পাওঁক প্ৰকৃতিৰ সৌন্দৰ্যৰ মাজত নিজকে। যান্ত্ৰিকতাৰ পৰা আতৰি এটা দিনৰ বাবে হ’লেও উপভোগ কৰক সুন্দৰ পৃথিৱী খনৰ সুন্দৰ সৃষ্টি ৰাজ্যিক।