এষাৰ প্ৰেৰণাদায়ক উক্তি ‘তুমি পাৰিবা’।এই সাধাৰণ কথা ফাঁকিত হয়তো কাৰোবাৰ স্তব্ধ হৈ যোৱা জীৱনে আকৌ যাত্ৰা আৰম্ভ কৰিব পাৰে। সকলোৰে কিছুমান প্ৰতিভা সুপ্ত হৈ থাকে জনা- নজনাকৈ। কোনোবাই নাচিব পাৰিছিল বা কোনোবাই গান গাব জানিছিল।ঠিক কোনোবাই ছবি আঁকি ভাল পাইছিল আৰু আন কোনোবাই হাতৰ কাম কৰি আনন্দ লভিছিল।
সংসাৰৰ ব্যস্ততাত বা চাকৰিৰ মেৰপাকত সোমাই হয়তো নিজৰ ভাল লগা বা কৰিব পৰা কামবোৰৰ কথা পাহৰি গৈছিল। সেই সময়ত যদি কোনো ভাল বন্ধু বা কোনো শুভচিন্তকে বা কোনো মৰমৰ জনে আহি উৎসাহ দিয়ে’তুমি দেখোন এইটো কৰিব পাৰা’।প্ৰথম শুনিয়ে হয়তো আমি কথাষাৰ অনুধাৱন কৰিব নোৱাৰিবও পাৰো কিন্তু আহৰি সময়ত কথাখিনি যেতিয়া হৃদয়ঙ্গম কৰিম তেতিয়া উক্ত কথাষাৰিয়ে আমাক যথেষ্ট প্ৰেৰণা দিব।
অতদিনে নোৱাঁৰো বুলি ভাবি থকা মনটোৱে কিবা এটা কৰিবলৈ মন মেলিব। আমি সাঁচি থৈ দিয়া হাৰমনিয়ামটো উলিয়াই আনিবলৈ বা পেলাই দিয়া কলমটো পুনৰাই হাতত তুলি লবলৈ এই এষাৰি কথা কিমান মূল্যবান সেৱা সময়ে কব। জীৱনত ভাগৰি পৰা জনে আপোনাৰ এষাৰ কথাত যেতিয়া জীৱনৰ ছন্দ বিচাৰি পাব তেতিয়া আপোনাক ধন্যবাদ দিব অন্তৰৰ পৰা ।
গতিকে আহকচোন পুৰণিক বিদায় দি নতুন বছৰক আদৰি অনাৰ মুহুৰ্তত আমি আপোনজনক এষাৰ প্ৰেৰণা দায়ক , উৎসাহিত কৰা মাতেৰে আদৰণি জনাও । নতুন বছৰত মৰমৰ জনক , প্ৰিয় জনক আৰু অতি আপোন জনক উপহাৰ দিওঁ ,উৎসাহিত কৰো প্ৰেৰণা দায়ক মৰমৰ এষাৰি মাতেৰে।