শৈশৱ বা কৈশোৰ কালতো বন্ধু-বৰ্গ, শিক্ষক-শিক্ষয়িত্ৰী,খেল-ধেমালি আদিৰ মাজতেই পাৰ হয়। কোনোবাই আকৌ চৰাই-চিৰিকতি, পশু-পক্ষী, গান-বাজনা, নাটক আদি সমানেই চৰ্চা আৰু উপভোগ ও কৰে । দিনবোৰ ৰঙীন হৈ থাকে। অভাৱ অনাটন, দৰিদ্ৰতাই ম্লান কৰিব নোৱাৰা কিছুমান অতি ভাল লগা সময়ৰ দলিল হৈছে আমাৰ শৈশৱ আৰু কৈশোৰৰ দিনবোৰ। সেইসময়ত সমাজ নো কি, সমাজৰ প্ৰতি ভয় অথবা দায়বদ্ধতা ৰ বিষয়ে বিশেষ সচেতন হ’বলৈ মন নাযায়। দৰাচলতে এই সময়ছোৱাত মনৰ ৰাজত্ব চলে। “মনেই মোৰ ৰজা” ধৰণৰ কথা।
নিজকে লৈ সপোন দেখাৰ বয়স। সপোনবোৰৰ বোকোচাত উঠি ফুৰাৰ বয়স।
লাহে লাহে জীৱনটোৱে কেঁকুৰিৰ পাক লয়। সময়বোৰে গতি সলায়। জীৱনৰ কঠিন বাস্তৱবোৰৰ সন্মুখীন হৈ কোনোবাখিনিত যেন থমকি ৰ’ব সময়বোৰ। কিন্তু জীৱনটো আগবাঢ়ি থাকে। সংস্থাপন লাগে, পৰিয়াল বাঢ়ে, সপোনবোৰ হাততে লাগে! কেৱল লাগে আৰু লাগে। সমাজ নো কি! পৰিয়াল, সংসাৰ, ঘৰ গৃহস্থী এইবোৰেই দেখোন যথেষ্ট। আৰু কি লাগে! দিনবোৰ ভাল লগাকৈ আগবাঢ়ে।
সংসাৰ কেন্দ্ৰিক জীৱন যাত্ৰাত সমাজৰ ৰীতি নীতিবোৰ তুচ্ছ হৈ যায় নেকি! পৰিয়ালৰ সামগ্ৰিক প্ৰয়োজন অথবা কৰ্মক্ষেত্ৰৰ বৃত্তিগত তাগিদাই আমাক আমি নজনাকৈয়ে সমাজৰ স্বাভাৱিক পৰিবৃত্তৰ পৰা বাহিৰলৈ ঠেলি পঠিয়ায়। সামাজিক দায়বদ্ধতাবোৰ পাহৰি ব্যক্তিকেন্দ্ৰিক হৈ পৰো। আহৰি নাপাওঁ নিকতাত্মীয় জনৰ খবৰ লবলৈ।
যিকি নহওক বৃদ্ধকালটোৱে আমাক বৰ অকলশৰীয়া কৰি পেলায়। ঘৰ সংসাৰৰ দায়িত্ববোৰ শেষ হোৱাৰ পাছত উভতি চাওঁ জীৱনটোতনো কি কৰিলো। জীৱনৰ পাৰ হৈ যোৱা দিনবোৰক সুৱঁৰি ক’বলৈ মন যোৱা কথাবোৰ শুনিবলৈ কাষত কোনো নাথাকে। ঘৰলৈ আলহী আহিলে বিৰক্ত হোৱা চকুহালে বাৰে বাৰে পদূলিলৈ চাই কোনোবা আহিছে নেকি উমান লবলৈ। সভা-সমিতিৰ লগত সম্পৰ্ক চান্দা দিয়াতে সীমাবদ্ধ ৰাখিবলৈ বিচৰা মগজটোৱে এতিয়া আশা কৰে মোলৈও নিমন্ত্ৰণ আহক এষাৰি বক্তৃতা দিয়াৰ বাবে! মোৰ হাতত এতিয়া পৰ্যাপ্ত সময়। মনটোৱে হাঁহাকাৰ কৰি উঠে। কথা পতাৰ বাবে মোক মানুহ লাগে। মোক সমাজ লাগে! সংসাৰৰ মায়া মোহ আতৰি গ’ল। জীয়াই থকা দিনকেইটাত অন্তত কাষত মানুহ লাগে। অকলশৰে থাকিবলৈ বৰ কষ্ট।
আচলতে আমি বৰ স্বাৰ্থপৰ। আমাক সমাজৰ বাবে সমাজ নালাগে।আমাক আমাৰ বাবে সমাজ লাগে। সমাজকৰ্মীৰ টেগ্ লগাই আমি দূৰ কৰিব বিচাৰো কেৱল আমাৰ একাকীত্ব।বিচাৰো শুনিবলৈ নিজৰ বন্দনা । বাহ বাহ লৈ জীৱনৰ শেষ দিনকেইটা শান্তিৰে কটাব বিচাৰো। আমি স্বাৰ্থপৰ হৈয়ে মৰিব বিচাৰো।