২৩মাৰ্চ ২০২৩ তাৰিখে গুৱাহাটী মহানগৰীৰ বিষ্ণু নিৰ্মলা ভৱনত ‘চিত্ৰাংগদা’ আৰু ‘বৃহত্তৰ গুৱাহাটী মহিলা মঞ্চ সাংস্কৃতিক সংস্থা’ৰ ফালৰ পৰা নাৰী দিৱসৰ লগত সংগতি ৰাখি এখনি সভা অনুষ্ঠিত হৈ যায়।উক্ত অনুষ্ঠানৰ অংশ হিচাপে আয়োজন কৰা হয় অসমীয়া পৰম্পৰাগত খাদ্যৰ এক আকৰ্ষণীয় প্ৰতিযোগিতা ৷ প্ৰতিযোগিতাৰ বিচাৰক হিচাপে নিমন্ত্ৰণ কৰি অনা হৈছিল স্তুতি হাজৰিকাক ।
এই ক্ষেত্ৰত সহযোগিতা আগবঢ়োৱা বাবে সামাজিক মাধ্যম ফেচবুক যোগে স্তুতি হাজৰিকাক ধন্যবাদ জ্ঞাপন কৰে ‘চিত্ৰাংগদা’ৰ সম্পাদিকা জয়শ্ৰী বৰগোঁহায়ে ৷উক্ত প্ৰতিযোগিতা খনৰ প্ৰথম,দ্বিতীয় আৰু তৃতীয় স্থাল লাভ কৰে ক্ৰমে কবিতা সৰকাৰ,জ্যোস্না শইকীয়া আৰু ৰুণুমী ডেকাই ।
উক্ত সভা খনৰ আমন্ত্ৰিত অতিথি হিচাপে উপস্থিত থাকে নিৰ্মালি মেধি, শিখা বেজবৰুৱা গোস্বামী , পৰিণীতা শৰ্মা, ৰাজ লক্ষ্মী শইকীয়া লাহন, ছায়া ৰাণী দত্ত, নিজৰা নমামী, ৰ’জি বৰা, ৰশ্মি ফুকন, জোনমণি বড়ো ,জেছমিন পেগুকে আদি কৰি সমাজৰ বহুকেইগৰাকী অগ্ৰণী মহিলা আৰু ‘চিত্ৰাংগদা’ৰ সদস্যাসকল ।
‘চিত্ৰাংগদা’ৰ কাৰ্য্যবাহী সদস্যা তৃষ্ণা শইকীয়া, আলমী হাজৰিকা, ৰুণুমী ডেকা , কুকি তামূলী আৰু অন্যান্য সদস্যাসকলৰ উপস্থিতিত সভা খন সুচাৰু ৰূপে অনিষ্ঠিত হোৱাৰ বাবে সামাজিক মাধ্যমৰ পোষ্টটোৰ যোগেদি এখন ফটো আপলোড কৰি সকলোকে কৃতজ্ঞতা জ্ঞাপন কৰে সম্পাদিকা জয়শ্ৰী বৰগোঁহায়ে ৷