ডিচেম্বৰ মানেই যে গ্ৰন্থৰ বতৰ ৷ অসমৰ চাৰিওফালে এতিয়া গ্ৰন্থ মেলাৰ পয়োভৰ ৷ লিখক কিম্বা প্ৰকাশক সকলৰো যেন ব্যস্ততাৰ অন্ত নাই ৷ আনহাতে পাঠক সকলো ব্যস্ত হৈ পৰিছে নিজৰ প্ৰিয় লেখক গৰাকীৰ গ্ৰন্থৰ সন্ধানত গ্ৰন্থ মেলাৰ বিপনী সমূহত ৷
এই সময়ছোৱাতেই এখন গল্প সংকলন পাঠক সকললৈ আগবঢ়াবলৈ সাজু হৈছে গল্পকাৰ অংকিতা বৰুৱা ৷ পূৰ্বায়ণ প্ৰকাশনৰ দ্বাৰা মুদ্ৰিত ‘জোনবিলৰ ভেনাছ’ নামৰ এই গল্প সংকলনখন অহা ১১ডিচেম্বৰ, দেওবাৰে বিয়লি ৩বজাত গুৱাহাটী প্ৰেছ ক্লাবত উন্মোচন কৰা হ’ব ৷
ময়ুৰী দত্তই আঁত ধৰিবলগীয়া এই উন্মোচনী অনুষ্ঠানটোত উন্মোচক হিচাপে উপস্থিত থাকিব বিশিষ্ট চলচিত্ৰ সমালোচক ,জ্যেষ্ঠ সাংবাদিক,গল্পকাৰ বিতোপন বৰবৰা,বিশিষ্ট কবি,গল্পকাৰ,গল্প কথক অতনু ভট্টাচাৰ্য,বিশিষ্ট লেখক তথা সমালোচক অৰিন্দম বৰকটকী,বিশিষ্ট গল্পকাৰ ,ঔপন্যাসিক গীতালি বৰা আৰু বিশিষ্ট গল্পকাৰ তথা গীতিকাৰ মণিকা দেৱী ৷
গল্প সংকলনখন উন্মোচনৰ এই শুভ মূহুৰ্তত পূৰ্বায়ণ প্ৰকাশনৰ হৈ ড০ অমৃত কুমাৰ উপাধ্যায় আৰু গ্ৰন্থখনৰ শ্ৰষ্টা,গল্পকাৰ অংকিতা বৰুৱাই সকলো গ্ৰন্থপ্ৰেমী ৰাইজৰ উপস্থিতি আন্তৰিকতাৰে কামনা কৰিছে ৷ কিয়নো পাঠক কিম্বা গ্ৰন্থপ্ৰেমী সকলৰ উপস্থিতিয়েহে গল্পকাৰ গৰাকীক আগলৈকো এনেদৰে সাহিত্যৰ পথাৰত সৃষ্টিৰ বীজ ৰোপণ কৰিবলৈ উৎসাহিত কৰিব ৷