“ফাল্গুনীত গোবিন্দক তুলিয়া দৌলত।
দোল যাত্ৰা মহোৎসৱ কৰে সিবেলাত।।
তাত গোবিন্দক যত্নে দেখে যিটো জনে।
গোবিন্দৰ পুৰে সিও বঞ্চে ৰঙ্গ মনে।।”
অসমৰ বৈকুণ্ঠপুৰী বৰদোৱাত গুৰুজনাই পোনপ্ৰথমে উদযাপন কৰিছিল অন্যতম বৈষ্ণৱ লোক-উৎসৱ ফাকুৱা বা ফল্গুৎসৱ। শ্ৰী মন্ত শংকৰ দেৱে প্ৰথমবাৰ তীৰ্থ ভ্ৰমণ কৰা কালত ভাৰতৰ বিভিন্ন বৈষ্ণৱ ধামত শ্ৰী কৃষ্ণৰ মাহাত্ম্য প্ৰকাশক জন্মাষ্টমী, ৰথযাত্ৰা , দৌলযাত্ৰা , ৰাসযাত্ৰা , ঝুলন যাত্ৰা আদি উৎসৱ সমূহ পালন কৰা দেখি আকৰ্ষিত হৈছিল আৰু অসমত হৰি ভক্তি প্ৰচাৰৰ লক্ষ্য আগত ৰাখি লোক সমাজক ইয়াৰ জড়িয়তে ভক্তিৰস আৰু আনন্দৰ সন্ধান দিবলৈ ধৰিলে। এইদৰেই গুৰুজনাই প্ৰথম তীৰ্থ ভ্ৰমণৰ পিছত অসমৰ জন্ম ঠাই বৰদোৱাত থলুৱা কলা- কৃষ্টিৰ ৰঙেৰে বোলাই উদযাপন কৰিলে শ্ৰী শ্ৰী কৃষ্ণৰ দৌল যাত্ৰা বা দৌল উৎসৱ।সৰ্বভাৰতীয় ফল্গুৎসৱে গুৰু জনাৰ সময়ৰে পৰাই অসমৰ বৈষ্ণৱ সমাজত দৌল যাত্ৰা বা দৌল উৎসৱ হিচাপে পূজিত হবলৈ ধৰিলে।
পূৰ্বৰে পৰা নিৰ্দিষ্ট নিয়ম নীতি অনুযায়ী ফাগুন মাহৰ পূৰ্ণিমা বা কেতিয়াবা তিথি অনুযায়ী চ’ত মাহৰ পূৰ্ণিমাত পৰম্পৰাগত ভাৱে দৌল উৎসৱ পালন কৰি অহা হৈছে। পূৰ্ণিমাৰ আগদিনা সন্ধিয়াৰ পৰা ‘গন্ধ ‘ পালনৰ নিয়মেৰে বৰদোৱা সত্ৰত দৌল উৎসৱৰ আৰম্ভনি হয়। সত্ৰৰ ভকত সকলে গায়ন-বায়নেৰে পৰিৱেষ্টিত হৈ উৎসৱ মুখৰ পৰিৱেশত শ্ৰী কৃষ্ণক সুন্দৰ আসনত সজাই পৰাই খোল তালেৰে নাম-কীৰ্তন কৰি নিৰ্দিষ্ট গন্ধ ঘৰত লৈ যায়। গন্ধ ঘৰত গোসাঁইক সত্ৰীয়া নিয়ম-নীতিৰে পূজা-অৰ্চনা কৰি তাৰ পৰা উলিয়াই আনি ঘৰটোত জুই জ্বলাই দিয়া হয়। জুইৰ চাৰিওফালে গোসাঁইক তিনিবাৰ ঘুৰাই আনি কীৰ্তন ঘৰৰ ওচৰতে অস্থায়ীভাৱে নিৰ্মাণ কৰা মণ্ডপত প্ৰতিষ্ঠা কৰি গছ , পাত , ফল , ফুল আদিৰে তৈয়াৰ কৰা গন্ধতেল গোসাঁইৰ মূৰত দিয়ে আৰু অধিবাস পালন কৰে। এনেদৰে গোসাঁইক গন্ধ ঘৰ আৰু গন্ধ তেলেৰে প্ৰতিষ্ঠা কৰা হয় বাবে বৰদোৱা দৌল উৎসৱৰ আৰম্ভনি পৰ্বটোক গন্ধ পৰ্ব বা গন্ধ পালন বুলি কোৱা হয়।
গন্ধৰ পিছদিনা অৰ্থাৎ পূৰ্ণিমাৰ দিনা দুপৰীয়া ভকত -বৈষ্ণৱ আৰু গায়ন -বায়ন সকলে মনোমহা ৰঙ্গ -অনুষ্ঠানৰ যোগেদি নৃত্য-গীত আদিৰে –
“ৰঙ্গে ফাকু খেলে চৈতন্য বনমালী।
দুই হাতে ফাল্গু গুণ্ডা সিঞ্চত মুৰাৰী।।”
খোল , তাল , মৃদঙ্গ , শংখ , দবা , বৰকাঁহ আদিৰ মাংগলিক ধ্বনিৰে গোসাঁইৰ মূৰত ফাকু সিঁচি দিয়া হয়।লগে লগে বৰদোৱা বাসীৰ লগতে অসমীয়া ৰাইজৰ হিয়াৰ আপোন বুকুৰ কুটুম দৌল উৎসৱটি হৈ পৰে ভক্তি আৰু আনন্দৰ এক মধুৰ মিলনৰ লোক মহোৎসৱ।
পূৰ্ণিমাৰ পিছদিনা গোসাঁইক অস্থায়ী মণ্ডপৰ পৰা আনি সুসজ্জিত আসনত বহুৱাই চাৰিজন বৈষ্ণৱ ভকতে কান্ধত লয় আৰু দণ্ড , ছত্ৰ , চোঁৱৰ , ধূপ-ধূনাধাৰী সকলে মৃদু হৰি ধ্বনিৰে স্থায়ী দৌল গৃহলৈ লৈ যায়। গোসাঁইৰ পিছে পিছে ভকত -বৈষ্ণৱ , গায়ন-বায়ন , ঢুলীয়া -খুলীয়া আৰু ভক্তপ্ৰাণ ৰাইজে ঢোল , খোল, তাল, মৃদঙ্গ বজাই কীৰ্তন কৰি হৰি ভক্তি ৰসৰ নিজৰা বোৱাই আকৰ্ষণীয় শোভাযাত্ৰাৰে দৌল গৃহলৈ যায়। কান্ধত লৈ অহা আসনাস্থিত গোসাঁইক দৌললৈ নি সাতবাৰ মন্দিৰ প্ৰদক্ষিণ কৰাই গোসাঁইক মণ্ডপত ৰাখি পৰম্পৰাগত নিয়ম অনুযায়ী পূজা-অৰ্চনা কৰে।
পূজাৰ অন্তত গোসাঁইক আকৌ এবাৰ দৌল মন্দিৰত প্ৰদক্ষিণ কৰাই আনন্দ -ফুৰ্তিৰে শোভাযাত্ৰা কৰি বৰদোৱা থানৰ প্ৰতিঘৰ গৃহস্থৰ পদুলিয়ে পদুলিয়ে নিয়া হয় । দুয়োখন সত্ৰৰে সত্ৰাধিকাৰে ঘৰৰ পদুলিমুখৰ পৰা গোসাঁইক আদৰি আনি পূজা-অৰ্চনা কৰে। সমগ্ৰ বৰদোৱা অঞ্চল পৰিভ্ৰমণ কৰোৱাৰ পিছত গোসাঁইক কীৰ্তন ঘৰত সোমাবলৈ বাট-ভেটা দি সীমাহীন আনন্দ-ফুৰ্তি কৰি কীৰ্তন ঘৰত গোসাঁইক প্ৰৱেশ কৰায়। ইয়াৰ লগে লগে বৰদোৱা বাসীৰ লগতে গোটেই অসমবাসীৰ মনত ভক্তি আৰু আনন্দৰ জোৱাৰ তোলা পৱিত্ৰ দৌল উৎসৱৰ সামৰণি পৰে। কিন্তু ভক্তি ৰসেৰে হিয়া-মন জুৰ পেলোৱা মধুৰ স্মৃতি ৰৈ যায় সকলোৰে হৃদয়ে হৃদয়ে।