আজি শিখ ধৰ্মাৱলম্বী লোকসকলৰ দশমগৰাকী গুৰু, মহান যোদ্ধা, কবি আৰু আধ্যাত্মিক নেতা গুৰু গোবিন্দ সিংহ জীৰ জন্ম বাৰ্ষিকী ।সমগ্ৰ দেশতে উলহ-মালহেৰে উদযাপন কৰা হৈছে গুৰুগৰাকীৰ জন্মোৎসৱ৷ নানাক্ষাহি পঞ্জিকা অনুসৰি প্ৰতি বছৰে পুহ মাহৰ শুক্ল পক্ষৰ সপ্তমীৰ দিনা শিখসকলৰ এই দশম গুৰু গুৰু গোবিন্দ সিংহ জয়ন্তী পালন কৰা হয় ।
আহকচোন জানো গুৰু গোবিন্দ সিংহৰ জীৱনৰ সৈতে জড়িত কিছু বিশেষ কথা –
- ইংৰাজী পঞ্জিকা অনুসৰি গুৰু গোবিন্দ সিংহৰ জন্ম হৈছিল ১৬৬৬ চনৰ ২২ ডিচেম্বৰত। সেয়ে তেওঁৰ জন্মদিনত পালন কৰা হয় গুৰু গোবিন্দ সিংহ জয়ন্তী।
- গুৰু গোবিন্দ সিংহৰ মৃত্যু হয় ১৭০৮ চনৰ ০৭ অক্টোবৰত। মোগলৰ সৈতে হোৱা যুদ্ধত শ্বহীদ হৈছিল তেওঁ। বৰ্তমান মহাৰাষ্ট্ৰৰ নন্দদত থকা তেওঁৰ শ্বহীদ বেদীত সেয়ে নিৰ্মাণ কৰা হৈছে তখত শ্ৰী হাজুৰ চাহাব ।
- গুৰু গোবিন্দ সিংহৰ তিনিগৰাকী পত্নী আছিল। ১০ বছৰ বয়সত ১৬৭৭ চনৰ ২১ জুনত বসন্তগড়ত মাতা জীতোৰ সৈতে তেওঁৰ প্ৰথম বিবাহ হয়। তেওঁৰ তিনিজন পুত্ৰ আছিল। জুঝাৰ সিং, জোৰাৱাৰ সিং আৰু ফতেহ সিং।
- ইয়াৰ পিছত ১৭ বছৰ বয়সত ১৬৮৪ চনৰ ০৪ এপ্ৰিলত আনন্দপুৰত গুৰু গোবিন্দ সিংহৰ দ্বিতীয় বিবাহ হয় মাতা সুন্দৰীৰ সৈতে। সেইফালৰ পৰা তেওঁ অজিত সিং নামৰ আন এজন পুত্ৰৰ পিতৃ হৈছিল।
- আনন্দপুৰতে ৩৩ বছৰ বয়সত গুৰু গোবিন্দ সিঙে ১৭০০ চনৰ ১৫ এপ্ৰিলত মাতা চাহাব দেৱানৰ লগত তেওঁৰ তৃতীয় বিবাহ সম্পন্ন কৰে। অৱশ্যে তেওঁলোকৰ কোনো সন্তান নাছিল।
- এইগৰাকী ধৰ্মগুৰুৰ শিখ ধৰ্মলৈ অবৰ্ণনীয় অৱদান আছে। গুৰু গোবিন্দ সিংহই বৈশাখীৰ দিনা খালছা পন্থ প্ৰতিষ্ঠা কৰিছিল। তেওঁ শিখসকলৰ বাবে পাঁচ ‘ক’ বাধ্যতামূলক কৰিছিল ৷ হিন্দী ভাষাত এই পাঁচ ‘ক’ হ’ল কেশ,কংগন,কৃপাণ,কন্ধা আৰু কচ্চা ।
- গুৰু গোবিন্দ সিংহই দিয়া খালছাৰ বাণী “ৱাহেগুৰু জী কা খালছা, ৱাহেগুৰু জী কি ফটাহ”আমাৰ সকলোৰে পৰিচিত । গুৰু গোবিন্দ সিংহ জীয়ে শিখসকলৰ মাজত গুৰুৰ পৰম্পৰাৰ অন্ত পেলাই গুৰু গ্ৰন্থ চাহেবক স্থায়ী গুৰু হিচাপে ঘোষণা কৰে।
- গুৰু গোবিন্দ সিংহ জীয়ে ধৰ্মৰ সুৰক্ষাৰ বাবে সমগ্ৰ পৰিয়ালৰ বলিদান দিছিল।অতিকৈ দুখলগা যে নিজৰ ধৰ্মৰ সুৰক্ষাৰ বাবে তেওঁৰ চাৰিজন পুত্ৰ বাবা জোৰাৱাৰ সিং, ফতেহ সিং, অজিত সিং আৰু বাবা জুঝাৰ সিংহক বলি দিয়া হৈছিল।