ভাৰতবৰ্ষৰ ঐতিহ্য,পৰম্পৰা , প্ৰাকৃতিক সৌন্দৰ্য্য, আৰু বৈচিত্ৰময় সংস্কৃতি সমগ্ৰ বিশ্বতেই অতুলনীয় ৷এই অনন্য বৈশিষ্ট্যসমূহ উদযাপনৰ বাবেই আজিৰ দিনটো ৰাষ্ট্ৰীয় পৰ্যটন দিৱস হিচাপে উৎসৰ্গিত ।
দেশৰ অৰ্থনীতিক উদগনি যোগাবলৈ আৰু বিভিন্ন পৰ্যটনস্থলীৰ বিষয়ে প্ৰচাৰ আৰু সজাগতা সৃষ্টিৰ বাবে প্ৰতি বছৰে ২৫ জানুৱাৰীত উদযাপন কৰা হয় এই বিশেষ দিনটো ৷ ৰাষ্ট্ৰীয় পৰ্যটন দিৱস উপলক্ষে জানোঁচোন আহক ইউনেস্ক’ৰ দ্বাৰা স্বীকৃত ভাৰতৰ পাঁচখন বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ বিষয়ে ৷
ধোলাভিৰা: গুজৰাটৰ এখন হৰপ্পান চহৰ ধোলাভিৰা ৷ গুজৰাটৰ কুচ জিলাত অৱস্থিত এই প্ৰত্নতাত্ত্বিক স্থানৰ নাম শেহতীয়াকৈ এই বিশ্ব ঐতিহ্যৰ তালিকাত অন্তৰ্ভুক্ত কৰা হৈছে ৷ এই ঐতিহ্য ক্ষেত্ৰৰ হৰপ্পা জনগোষ্ঠীৰ লিপি আৰু ভাষা এতিয়াও পুৰাতত্ত্ববিদসকলৰ বাবে এক ৰহস্যৰ আৱৰ্তত যদিও ইয়াত বহুতো মোহৰ আৰু লিপি উদ্ধাৰ হৈছে ।
মানস বন্যপ্ৰাণী অভয়াৰণ্য, অসম-অসমৰ এক জৈৱমণ্ডল সংৰক্ষিত বনাঞ্চল হিচাপে সংৰক্ষিত এই উদ্যানখনত আছে হিমালয়ৰ পাদদেশৰ কিছুমান অতি বিৰল আৰু বিলুপ্তপ্ৰায় প্ৰজাতিৰ প্ৰাণী । ইয়াত বনৰীয়া ম’হ, কাছ, সোণালী লেংগুৰ, চীনা পেংগোলিন, হাঁহ আদি দেখা পোৱা যায়।
মুম্বাইৰ ডেভিদ ছাছুন পুথিভঁৰাল- ১৮৭০ চনত নিৰ্মাণ কৰা হৈছিল এই পুথিভঁৰালটো ৷ চলচিত্ৰ নগৰী মুম্বাই এখন ব্যস্ত মহানগৰ হ’লেও মহানগৰ খন ইয়াৰ ঐতিহাসিক স্থাপত্যৰ বাবে সমগ্ৰ বিশ্বতে পৰিচিত। চহৰখনত ব্ৰিটিছ ৰাজৰ সময়ত নিৰ্মিত অট্টালিকা যেনে মুম্বাই উচ্চ ন্যায়ালয়, ডেভিদ ছাছুন লাইব্ৰেৰী, এলফিনষ্টন কলেজ আৰু ইৰ’ছ চিনেমা আদি বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ তালিকাত অন্তৰ্ভুক্ত কৰা হৈছে। ২০১৮ চনত বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ তালিকাত অন্তৰ্ভুক্ত হৈছিল এই ক্ষেত্ৰসমূহ।
গ্ৰেট লিভিং চোলা মন্দিৰ, তামিলনাডু-খ্ৰীষ্টীয় একাদশ আৰু দ্বাদশ শতিকাৰ এই মন্দিৰসমূহ তামিলনাডুৰ থাঞ্জাৱুৰ, গংগাইকোণ্ডা চোলাপুৰম আৰু কুম্বকোনামত অৱস্থিত যি দ্ৰাবিড় শৈলীৰ স্থাপত্যৰ এক সুন্দৰ উদাহৰণ। আনহাতে প্ৰথম ৰাজা চোলে নিৰ্মাণ কৰিছিল থাঞ্জাৱুৰৰ মূল মন্দিৰ বৃহদিশ্বৰ মন্দিৰ যি দক্ষিণ ভাৰতৰ আটাইতকৈ ডাঙৰ মন্দিৰ।
মধ্যপ্ৰদেশৰ ভীমবেটকাৰ শৈলাশ্ৰম-মধ্যপ্ৰদেশৰ এই প্ৰত্নতাত্ত্বিক স্থান প্ৰাগঐতিহাসিক শিলা যুগৰ পৰাই বিখ্যাত ৷ ১,০০,০০০ বছৰ আগতেই ই আছিল মানৱ বসতিস্থল । এই স্থানত থকা গুহাৰ চিত্ৰই আমাক প্ৰাচীন চিকাৰী সকলৰ জীৱনৰ আভাস দিয়ে। এই শিল্পকৰ্মসমূহত জীৱ-জন্তু, মানুহৰ আকৃতি আৰু চিকাৰৰ দৃশ্য দেখুওৱা হৈছে।