২৪জুলাই ৰবিবাৰে লেখিকা সংস্থা, অসমৰ অন্তর্গত গুৱাহাটীস্থ শাখাসমূহৰ অন্যতম এটি শাখা দক্ষিণ গুৱাহাটী শাখা লেখিকা সংস্থাৰ এখনি বিশেষ সভা অনুষ্ঠিত কৰা হয়। উল্লেখযোগ্য যে ২০২৩বৰ্ষৰ ১৭জানুৱাৰীত শাখাটিয়ে পঁচিশ বছৰ সম্পূৰ্ণ কৰিব আৰু গুৱাহাটীস্থ শাখাসমূহৰ ভিতৰতেই ৰূপালী বর্ষ পূৰ্ণ কৰাৰ গৌৰৱো অৰ্জন কৰিবলৈ সক্ষম হ’ব।
ৰূপালী জয়ন্তী উদযাপনৰ উদ্দেশ্য আগত ৰাখিয়েই শাখাটোৱে কালিৰ সভাত এলানি দীঘলীয়া কাৰ্যসূচী হাতত লোৱাৰ সিদ্ধান্ত গ্ৰহন কৰে ৷ সাহিত্যৰ বিভিন্ন দিশত প্ৰতিযোগিতা আৰু কৰ্মশালা অনুষ্ঠিত কৰাৰ সিদ্ধান্তও লৈছে উক্ত শাখাটোৱে। তাৰেই প্রথম কাৰ্যসূচী হিচাপে আকস্মিক বক্তৃতা প্রতিযোগিতাৰে কালি ৰূপালী জয়ন্তীৰ কাৰ্যসূচীৰ শুভাৰম্ভ কৰা হয়।
ৰুক্মিণী গাওঁ ৰংগমঞ্চৰ প্ৰেক্ষাগৃহত অনুস্থিত হোৱা এই বিশেষ সভাখনিৰ পতাকা উত্তোলনৰ পিছতেই সভা উদ্বোধন কৰে লেখিকা সংস্থা অসমৰ সভানেত্ৰী শ্রীযুতা মৃদুলা শর্মাই। আনহাতে বন্তি প্ৰজ্বলন কৰে লেখিকা সংস্থা অসমৰ প্রধান সম্পাদিকা শ্রীযুতা বিজয়া দেৱদাসে। স্মৃতি তর্পণ কৰে শাখাৰ কার্যকৰী সভানেত্ৰী শ্রীযুতা মীনা শইকীয়াই লগতে আকস্মিক বক্তৃতা প্ৰতিযোগিতাৰ বিচাৰকৰ গুৰু ভাৰ পালন কৰে লেখিকা সংস্থা, অসমৰ পত্ৰিকা সম্পাদিকা শ্রীযুতা বিন্দু ডেকা চৌধুৰী আৰু হাতীগাওঁ শাখা লেখিকা সংস্থাৰ সভানেত্ৰী শ্রীযুতা কস্তুৰী নিভা গগৈয়ে। এই শাখাটিৰ জন্মলগ্নৰে পৰা জড়িত বিজয়া দেৱদাসে শাখাটিৰ স্মৃতিচাৰণ কৰি বিভিন্ন কাৰণত বর্তমান এই শাখা ত্যাগ কৰা শাখাৰ বহু কেইগৰাকী পুৰণি সদস্যা, যিসকলে পূৰ্বতে শাখাৰ প্ৰতি যথেষ্ট অবদান আগবঢ়াইছিল তেওঁলোকৰ বিষয়ে উল্লেখ কৰাৰ লগতে কৃতজ্ঞতা জ্ঞাপন কৰে। লগতে ৰূপালী জয়ন্তী উদযাপনৰ দিনটোত তেখেত সকলৰ উপস্থিতি কামনা কৰে ।
আনহাতে লেখিকা সংস্থা অসমৰ সভানেত্ৰী শ্ৰীযুতা মৃদুলা শর্মাই তেখেতৰ উদ্বোধনী ভাষণত ৰূপালী জয়ন্তী বৰ্ষ গৰকা শাখাটিলৈ অভিনন্দন আৰু শুভেচ্ছা জ্ঞাপন কৰি শাখাটিক নিষ্ঠাৰে কাম কৰি আগুৱাই যাবলৈ আহ্বান জনায়।