VOICE 24x7
Saturday, April 1, 2023
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

“ব্ৰাছ ষ্ট্ৰক” নহয়, এইয়া ব্ৰেইন ষ্ট্ৰক; কিয় এনেদৰে ক’লে একাংশ শিল্পীয়ে

“ব্ৰাছ ষ্ট্ৰক” নহয়, এইয়া ব্ৰেইন ষ্ট্ৰক; কিয় এনেদৰে ক’লে একাংশ শিল্পীয়ে

ভয়ছ ষ্টাফ by ভয়ছ ষ্টাফ
February 13, 2023
in সংস্কৃতি
“ব্ৰাছ ষ্ট্ৰক” নহয়, এইয়া ব্ৰেইন ষ্ট্ৰক; কিয় এনেদৰে ক’লে একাংশ শিল্পীয়ে
0
SHARES
26
VIEWS
Share on FacebookShare on Twitter

নীৰৱতা আৰু নিসংগতা তেওঁৰ প্ৰিয় আছিল । ৰং,তুলিকাৰে জীৱনটোক সাধাৰণভাৱে সজাই লৈছিল । মৃত্যু পৰ্যন্ত সেই সৰলতাকেই সম্বল কৰি শিল্পৰ সৈতে সহবাস কৰিছিল । নীলপৱন বৰুৱাৰ জীৱন শৈলী , সৃষ্টি কৰ্ম নিজেই এখন ছবি সদৃশ । তেওঁৰ অবৰ্তমানত তেওঁক কেন্দ্ৰ কৰি সৃষ্টি হৈছে কিছু প্ৰশ্ন । এখন তথ্য চিত্ৰত নীলপৱন বৰুৱাক তুলি ধৰিবলৈ কৰা অপ-প্ৰয়াসক লৈ ৰাজ্যৰ একাংশ শিল্পী, সচেতন ব্যক্তি জাঙুৰ খাই উঠিছে । “ব্ৰাছ ষ্ট্ৰক” নামৰ নীলপৱন বৰুৱাক লৈ নিৰ্মাণ কৰা তথ্য চিত্ৰ খনক আখ্যা দিয়া হৈছে এইখন আচলতে ব্ৰাছ ষ্ট্ৰক নহৈ ব্ৰেইন ষ্ট্ৰক হৈছে । কিয় এনেদৰে পাৰ্থজিৎ বৰুৱাই নিৰ্মাণ কৰা তথ্য চিত্ৰখন সন্দৰ্ভত এনে মন্তব্য প্ৰদান কৰিছে বিদ্বান সমাজে । চান লিট ষ্টুডিঅ’ৰ বেনাৰত নিৰ্মাণ কৰা এই তথ্য চিত্ৰখনৰ পৰিচালকৰ বিৰুদ্ধে উত্থাপন হৈছে জীৱিত কালত তথ্য চিত্ৰ নিৰ্মাণৰ নামত শিল্পী গৰাকীক নিৰ্যাতন চলোৱা হৈছিল ।

মুম্বাইৰ ‘ইন্টাৰনেশ্যনেল ছৰ্ট ফিল্ম ফেষ্টিভেল ২০২২’ত অংশ লৈ এই তথ্য চিত্ৰ খনৰ বাবে বৰুৱাই শ্ৰেষ্ঠ পৰিচালক সন্মান লাভ কৰিছিল । কিছুদিনৰ পূৰ্বে তথ্যচিত্ৰখন মহানগৰীৰ আৰ্টিছ গ্ৰীল্ডত প্ৰদৰ্শন কৰা হৈছিল । আনুষ্ঠানিকভাৱে তেতিয়াহে তথ্যচিত্ৰখন চোৱাৰ সুযোগ পাইছিল বহু ছবি ৰসিক তথা নীলপৱন বৰুৱাৰ শুভাকাংশীয়ে,সেইদিনা এই তথ্যচিত্ৰখন চোৱা এজন দৰ্শকে মুকলিকৈ ক’লে এই তথ্য চিত্ৰ খনৰ জৰিয়তে নীলপৱন বৰুৱাক তুলি ধৰাতকৈ অপমানহে কৰা যেন বোধ হয় । তেওঁ যেন সমাজৰ বাবে আৱৰ্জনা তেনে ৰূপত তথ্য চিত্ৰখনত দেখুওৱা কিছু দৃশ্য মানি ল’ব নোৱাৰি ।এই দৰ্শক জনৰ কথাখিনি সেইদিনা বিশেষ গুৰুত্ব দিয়া নহ’ল । ১২ ফেব্ৰুৱাৰী ২০২৩ ত তথ্যচিত্ৰ খনৰ সন্দৰ্ভত কেইবাগৰাকী শিল্পী আৰু কলা বিশেষজ্ঞই এক সংবাদমেল অনুষ্ঠিত কৰিলে । সংবাদমেলত পাৰ্থজিৎ বৰুৱাই নিৰ্মাণ কৰা ব্ৰাছ ষ্ট্ৰকত থকা বিভিন্ন আপত্তিজনক দৃশ্যবোৰকলৈ অসন্তুষ্টি ব্যক্ত কৰাৰ লগতে কিছু দিশ উনুকিয়াই দিলে ।

জ্যেষ্ঠ চিত্ৰশিল্পী চম্পক বৰবৰাই মুকলিকৈ কলে এই তথ্য চিত্ৰখনত নীলপৱন বৰুৱাক নিসংগ, অসহায় ৰূপত দেখুওৱা হৈছে । ব্ৰাছ ষ্ট্ৰকে দৰ্শকৰ ব্ৰেইন ষ্ট্ৰক কৰিব । সংবাদমেলত উদঙাই দিয়া হ’ল কেনেকৈ নিকৃষ্ট ৰূপত আমাৰ প্ৰিয় শিল্পী জনক পৰিচালকে তুলি ধৰাৰ চেষ্টা চলাইছে । তথ্য চিত্ৰ খনৰ পৰিচালকে ডায়পাৰ খুলি নীলপৱন বৰুৱাক গা ধুৱা দৃশ্য, অৰ্ধনগ্ন ৰূপত শিল্পী গৰাকীক প্ৰদৰ্শন কৰা, সেই সময়ত ডিমেনচিয়া ৰোগত ভুগি থকা নীলপৱন বৰুৱাক অনাহকত ৰুচিহীন প্ৰশ্ন কৰা আদি বিষয়বোৰ উত্থাপন কৰা হৈছিল ।

নীলপৱন বৰুৱাৰ দুই সহকাৰীয়ে ডায়পাৰ খুলি থকা দৃশ্য ভেন্টিলেটৰেৰে লৈছিল পৰিচালকে । এনে বহু কথা বা প্ৰশ্ন এই তথ্য চিত্ৰখনক লৈ উত্থাপন হোৱাৰ পাছত পৰিচালক পাৰ্থজিৎ বৰুাৱক সোধা হৈছিল এই কথাবোৰ তেওঁ মন কৰা নাছিল নেকি । পৰিচালক গৰাকীয়ে নিজৰ পক্ষত যুক্তি দি ক’লে নীলপৱন বৰুৱাৰ শেষৰ দিনকেইটা তেওঁ এনেকৈয়ে ধৰি ৰাখিছিল । তেওঁক সহায় কৰা ছোৱালী দুজনীৰ সেৱাক কেমেৰাত বন্দী কৰি তেওঁ ভুল কৰা নাই । লগতে তেওঁ ইয়াকো কলে, মানৱীয় দৃষ্টিকোণেৰে তেওঁ এই কাম কৰিছিল । ভেন্টিলেটৰেৰে নীলপৱন বৰুৱাৰ ডায়পাৰ খুলি থকা দৃশ্য সংগ্ৰহ কৰি এই তথ্যচিত্ৰ খনত সংলগ্ন কৰা হৈছে । ইয়াৰ সমৰ্থনত তেওঁ দিয়া অদ্ভূত যুক্তি মানি ল’ব পৰা কেতিয়াও নহয় ।

চলচিত্ৰৰ দৃষ্টিকোণোৰে হ’লেও অতি ব্যক্তিগত এই কথাবোৰে তেওঁক আকৌ এবাৰ হত্যা কৰাহে হ’ল । নীলপৱন বৰুৱাৰ শেষৰ দিনকেইটাৰ দৃশ্য এনেদৰে কেমেৰাত বন্দী কৰি তেওঁ নিজা স্বাৰ্থ সিদ্ধি কৰাৰ বিপৰীতে আন কিবা কৰিলে বুলি ক’ব নোৱাৰি । সুস্থ হৈ থকা হ’লে, পাহৰি যোৱা বেমাৰটো নোহোৱা হ’লে তেওঁ দিলেহেঁতেন জাঁনো অনুমতি, এনেবোৰ দৃশ্য লোৱাৰ । সেই প্ৰশ্ন পৰিচালকে এবাৰ নিজক কিয় সুধি নাচায় । তথ্যচিত্ৰখনক লৈ প্ৰশ্ন কৰা সকলক তেওঁ প্ৰশ্ন কৰিব বিচাৰে নীলপৱন বৰুৱাক লৈ তেওঁলোকে কি কৰিলে । তেওঁ সৃষ্টিৰাজি পৰি থাকোতে কিয় খবৰ লোৱা নাছিল। নীলপৱন বৰুৱাক নিয়মীয়াকৈ বহু লোকে খবৰ ৰাখিছিল। তেওঁৰ সৃষ্টিৰাজি উপযুক্ত সংৰক্ষণৰ বাবে বহুতৰ ত্যাগ আছে। সেই সকল নীলপৱন বৰুৱাক ভালপোৱা মানুহে গল্পৰ প্লট, উপন্যাসৰ প্লট, চুটি ছবি নিৰ্মাণৰ বাবে তেওঁৰ কাষলৈ যোৱা নাছিল।

পৰিচালক গৰাকীয়ে ১৫ দিন নীলপৱন বৰুৱাৰ কাষলৈ গৈছিল এই তথ্যচিত্ৰ নিৰ্মাণৰ বাবে। বেডৰুমৰ পৰা বাথৰুমলৈকে কেমেৰা ঘূৰাই এনেবোৰ শ্বট লৈ তেওঁ যি মানৱ দৰদী ভূমিকাক প্ৰতিষ্ঠা কৰিব চেষ্টা কৰিছে সেয়া নীলপৱন বৰুৱাৰ প্ৰকৃত অনুৰাগীয়ে কেতিয়াও মানি ল’ব নোৱাৰে।সেয়েহে এই তথ্যচিত্ৰ খনৰ প্ৰদৰ্শন বন্ধৰ দাবী উঠিছে। এগৰাকী প্ৰকৃত শিল্প সত্বাৰ গৰাকী, নীৰৱ সাধকক এই ৰূপত আমি কেতিয়াও চাব নুখুজো।

প্ৰয়োজন হ’লে নীলপৱন বৰুৱাৰ ছবিবোৰ চাম, কিন্তু জীৱিত কালত ডিমেনচিয়া ৰোগত ভুগি কাৰোবাৰ সহযোগত ডায়পাৰ খোলা দৃশ্য আমি বাৰু কিয় চাম।মহৎ সৃষ্টিৰে জাতিটোক উজ্জীৱিত কৰা এই শিল্পী জনক সন্মান জনাব নোৱাৰিলেও সন্মান জনোৱাৰ নামত এনেবোৰ অসন্মান কৰাতো অতি পৰিতাপৰ কথা। অসমৰ বৌদ্ধিক সমাজ ,সচেতন ব্যক্তি সকলে , চৰকাৰে এই ক্ষেত্ৰত মাত নামাতিলে আজি এনে হৈছে কাইলৈ চোন কাৰোবাৰ নামত তথ্যচিত্ৰ বনাবলৈ গৈ ইয়াতকৈ তলৰ দৃশ্য সংলগ্ন কৰিবলৈ সাহস পাব ।

Previous Post

বিশ্ব ৰেডিঅ’ দিৱস : কেৱল টিউন কৰক, ৰেডিঅ’ৰ আকৰ্ষণ সৰলতা, অভিগম্যতাৰ ওপৰত অব্যাহত থাকক

Next Post

দিশপুৰ নামঘৰ প্ৰাঙ্গণত বেলতলা ছাৰ্ভেৰ নৱপ্ৰগতি মহিলা মঞ্চৰ দ্বীবাৰ্ষিক অধিবেশন

Related Posts

অসমৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত দুদিনীয়া “গজ উৎসৱ” উদ্বোধন কৰিব ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে
সংস্কৃতি

অসমৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত দুদিনীয়া “গজ উৎসৱ” উদ্বোধন কৰিব ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে

March 25, 2023
২৩মাৰ্চ ২০২৩ তাৰিখে  বিষ্ণু নিৰ্মলা ভৱনত  ‘চিত্ৰাংগদা’ আৰু ‘বৃহত্তৰ গুৱাহাটী মহিলা মঞ্চ সাংস্কৃতিক সংস্থা’ৰ  বিশেষ অনুষ্ঠান
সংস্কৃতি

২৩মাৰ্চ ২০২৩ তাৰিখে  বিষ্ণু নিৰ্মলা ভৱনত  ‘চিত্ৰাংগদা’ আৰু ‘বৃহত্তৰ গুৱাহাটী মহিলা মঞ্চ সাংস্কৃতিক সংস্থা’ৰ বিশেষ অনুষ্ঠান

March 24, 2023
তিনিগৰাকী অসমীয়াই ৰাষ্ট্ৰপতিৰ পৰা গ্ৰহণ কৰিলে ‘পদ্মশ্ৰী’ সন্মান
সংস্কৃতি

তিনিগৰাকী অসমীয়াই ৰাষ্ট্ৰপতিৰ পৰা গ্ৰহণ কৰিলে ‘পদ্মশ্ৰী’ সন্মান

March 23, 2023
চৌদিশে বসন্তৰ আগজাননী , ফাগুন তোমাক জঁনালো আমন্ত্ৰণী
সংস্কৃতি

চৌদিশে বসন্তৰ আগজাননী , ফাগুন তোমাক জঁনালো আমন্ত্ৰণী

February 27, 2023
শিল গুটি দলিয়াই পুষ্পাঞ্জলি দিয়া ‘ঢেল খোৱা শিৱ মন্দিৰ’ টো ক’ত আছে জানেনে ?
সংস্কৃতি

শিল গুটি দলিয়াই পুষ্পাঞ্জলি দিয়া ‘ঢেল খোৱা শিৱ মন্দিৰ’ টো ক’ত আছে জানেনে ?

February 18, 2023
আজি ‘আলি-আয়ে-লৃগাং’। মিচিং সকলৰ ঋতুকালীন উৎসৱ আলি-আয়ে-লৃগাং
সংস্কৃতি

আজি ‘আলি-আয়ে-লৃগাং’। মিচিং সকলৰ ঋতুকালীন উৎসৱ আলি-আয়ে-লৃগাং

February 15, 2023
Next Post
দিশপুৰ নামঘৰ প্ৰাঙ্গণত বেলতলা ছাৰ্ভেৰ নৱপ্ৰগতি মহিলা মঞ্চৰ দ্বীবাৰ্ষিক অধিবেশন

দিশপুৰ নামঘৰ প্ৰাঙ্গণত বেলতলা ছাৰ্ভেৰ নৱপ্ৰগতি মহিলা মঞ্চৰ দ্বীবাৰ্ষিক অধিবেশন

No Result
View All Result
  • সম্পৰ্কত বন্ধুত্বৰ ভূমিকা

    সম্পৰ্কত বন্ধুত্বৰ ভূমিকা

    0 shares
    Share 0 Tweet 0
  • অসমীয়া সংস্কৃতিত গহনা -গাঁঠৰি

    0 shares
    Share 0 Tweet 0
  • বড়ো সকলৰ পৰম্পৰাগত বাথৌ পূজা

    0 shares
    Share 0 Tweet 0
  • এটি কলি দুটি পাত

    0 shares
    Share 0 Tweet 0
  • শেৱালি ফুল আৰু পাতৰ ঔষধি গুণঃ জানিবলৈ পঢ়ক এই তথ্য

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

  • Facebook
  • Twitter
  • YouTube

সংবাদ শ্ৰেণীসমূহ

  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

সাগৰৰ মাজতে জ্বলি উঠিল নাও , ৩১ জনৰ মৃত্যু

সাগৰৰ মাজতে জ্বলি উঠিল নাও , ৩১ জনৰ মৃত্যু

March 31, 2023
শনিবাৰে জেলৰ পৰা মুকলি হ’ব নৱজোৎ সিং সিদ্ধু, উচ্চতম ন্যায়ালয়ে বিহিছিল এবছৰৰ সশ্ৰম কাৰাদণ্ড

শনিবাৰে জেলৰ পৰা মুকলি হ’ব নৱজোৎ সিং সিদ্ধু, উচ্চতম ন্যায়ালয়ে বিহিছিল এবছৰৰ সশ্ৰম কাৰাদণ্ড

March 31, 2023
‘মোডী হাটাও’, প্ৰধানমন্ত্ৰীৰ গৃহৰাজ্যতে পোষ্টাৰ ,গুজৰাটত গ্ৰেপ্তাৰ ৮ জন

‘মোডী হাটাও’, প্ৰধানমন্ত্ৰীৰ গৃহৰাজ্যতে পোষ্টাৰ ,গুজৰাটত গ্ৰেপ্তাৰ ৮ জন

March 31, 2023
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7