২০২২ৰ বিদায় বেলাত ইংৰাজী নৱবৰ্ষ ২০২৩ক আদৰিবলৈ সাজু সমগ্ৰ বিশ্ববাসী ৷ উৎসৱমুখৰ এই সময়ছোৱাত গ্ৰন্থ প্ৰেমী সকলৰো উলাহৰ শেষ নাই ৷ কিয়নো এই বৰ্ষৰ ২৯ডিচেম্বৰৰ পৰা ইংৰাজী নৱবৰ্ষ ২০২৩ৰ ৯জানুৱাৰী লৈ ‘গুৱাহাটী গ্ৰন্থমেলাত’ গ্ৰন্ত প্ৰেমী সকলে বিচাৰি পাব তেওঁলোকৰ প্ৰিয় কবি-সাহিত্যক সকলৰ গ্ৰন্থসমূহ ৷ প্ৰকাশিত হ’ব বহু ন-পুৰণি কবি-সাহিত্যিকৰ নতুন নতুন গ্ৰন্থ ৷
এই গুৱাহাটী গ্ৰন্থমেলাতেই এইবাৰ উপলব্ধ হ’ব প্ৰকাশৰ পথত থকা অসমৰ এগৰাকী উচ্চ পদস্থ আৰক্ষী বিষয়া জ্যোতি পি চি শইকীয়াৰ কাব্যসংকলন ‘সান্ধ্য-বিলাস’ ৷ এই সন্দৰ্ভত সামাজিক মাধ্যম ফেচবুকত কাব্য সংকলনখনৰ প্ৰচ্ছদ ফটো আপলোড কৰি কাব্য প্ৰেমী সকলক কিতাপ খন সৃষ্টিৰ আঁৰৰ কিছু কথা জানিবলৈ দিয়ে কবিগৰাকীয়ে ৷তেওঁ কয় যে ক’বলৈ ৰৈ যোৱা কথা বোৰে বুকুৰ বঙিয়াৰে বেঙা মেলি পৃথিবীৰ পোহৰ বিচাৰি থাকে প্ৰতিনিতে। আনহাতে পৰিয়ালৰ প্ৰতিজন সদস্যৰে সহযোগিতাৰ কথা কৈ তেওঁ কয় যে তেওঁৰ স্বামী ,জী আৰু জোঁৱাইৰ আবদাৰৰ বাবেই তেওঁ এই “সান্ধ্য বিলাস” পাঠকলৈ আগবঢ়াই দিয়াৰ বাবে মৰসাহ কৰিব পাৰিছে ।
কবিগৰাকীয়ে পুনৰ কয় যে “সান্ধ্য বিলাস”ৰ কবিতাসমূহ মানদণ্ডত কবিতা হ’ল নে নহ’ল সেয়া পাঠকেহে জানিব।কাৰণ তেওঁ ভাবে যে রএই মানদণ্ডৰ তুলাচনী আছে মাত্ৰ তেওঁৰ মৰমৰ ও শ্ৰদ্ধাৰ পাঠকৰ হাততহে। সেয়েহে পাঠকৰ সঁহাৰি একান্তই বাঞ্ছনীয়। লগতে তেওঁ আশা কৰে যে তেওঁৰ জীৱনৰ প্ৰথম আৰু এই ক্ষুদ্র প্ৰয়াসক কাব্যপ্ৰেমী সকলে আদৰি ল’ব ।
“সান্ধ্য বিলাস”ৰ প্ৰচ্ছদ আৰু বৰ্ণাশুদ্ধি বিজয় বেজবৰুৱাৰ। যাৰ সহায় অবিহনে কবিয়ে এই সংকলন খন প্ৰকাশ কৰাৰ সাহস হয়তো কৰিব নোৱাৰিলেহেঁতেন। বিজয় বেজবৰুৱাক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰি কাব্যসংকলন খনিৰ প্ৰকাশক বি. আৰ. বুক ষ্টলৰ প্ৰকাশক গকুল কলিতাকো ফেচবুক প’ষ্টটোৰ যোগেদি ধন্যবাদ আৰু কৃতজ্ঞতাব জ্ঞাপন কৰে কবিগৰাকীয়ে ৷
তেওঁ আশাবাদী যে নিশ্চয়ককৈ কাব্যসংকলনখনে পাঠকক নিৰাশ নকৰে আৰু পাঠক সমাজে আন্তৰিকতাৰে আদৰি ল’ব “সান্ধ্য বিলাস”ক ৷