এই বৰ্ষৰ শেষৰটো মাহ অৰ্থাৎ ডিচেম্বৰ অহাৰ লগে লগে নতুন বছৰটো উদযাপন কৰিবলৈ মানুহ বিভিন্ন ঠাইলৈ যায় ৷ এই সময়ছোৱাত দিল্লীৰ ওচৰে পাজৰে ভ্ৰমণ কৰিব খোজা লোকসকলৰ বাবে নেইনীতাল উপযুক্ত ঠাই ।
নেইনী হ্ৰদ –সাতটা ভিন্ন পৰ্বতৰ চূড়াৰে আগুৰি থকা নেইনীতালৰ এই নাইনী হ্ৰদ কুমাওন অঞ্চলৰ অন্যতম বিখ্যাত হ্ৰদ। সুন্দৰ প্ৰাকৃতিক দৃশ্যৰ বাবে বিখ্যাত এই ঠাইখন মানুহৰ প্ৰিয় পিকনিক স্থান হিচাপে পৰিচিত। সন্ধিয়া ইয়াত বহি অস্তগামী সূৰ্য্যৰ দৃশ্য উপভোগ কৰিব পাৰি। লগতে মুকলি পৰিবেশত বহি শান্তিৰে প্ৰকৃতি নিৰীক্ষণ কৰিব পাৰি।
মাল ৰ’ড– নাইনী হ্ৰদৰ সহায়ত নিৰ্মিত এই পথটোৱে মল্লিতাল আৰু তল্লিতালক সংযোগ কৰে। অৱশ্যে ইয়াৰ পৰিবেশ কিছু হুলস্থুলীয়া । কোনোবাই দোকানত থিয় যদি শীতকালীন বজাৰ কৰিছে তেন্তে কোনোবাই আকৌ ৰাস্তাৰ খাদ্য উপভোগ কৰিছে আনহাতে ক’ৰবাত আকৌ মানুহে ফটো ক্লিক কৰি আছে আৰু ক’ৰবাত চাহত চুমুক দি কোনোবাই পাহাৰলৈ চাই আছে ।
টিফিন টপ-নৈনিতালৰ পৰ্যটনস্থলীত অন্তৰ্ভুক্ত এই স্থানৰ পৰা সমগ্ৰ নৈনিতালৰ দৃশ্য দেখা যায়। চাৰিওফালে দেৱদাৰু, ওক আৰু পাইন গছবোৰে স্বৰ্গত থকাৰ দৰে অনুভৱ কৰায়। এই গছবোৰ চাই নিশ্চয় সকলোৱে অতি শান্তি অনুভৱ কৰে। আনহাতে প্ৰকৃতিপ্ৰেমীসকলে ইয়াত বহি শান্তি উপভোগ কৰিব পাৰে । ইয়ালৈ পিকনিকৰ বাবে বহু মানুহৰ আগমন ঘটে ।
নেইনা দেৱী মন্দিৰ-কথিত আছে যে এই ঠাইতে সতী দেৱীৰ চকু পৰিল, যাৰ বাবে মন্দিৰৰ নাম নেইনা দেৱী হয়। উল্লেখনীয় যে মন্দিৰৰ নামেৰেই এই ঠাইখনৰ নাম নৈনিতাল ৰখা হৈছিল। এই মন্দিৰ হিন্দুসকলৰ প্ৰধান তীৰ্থ হিচাপে গণ্য কৰা হয়। ইয়ালৈ আহিলে বহু পুৰণি এজোপা পিপাল গছ, দেখা পোৱা যায় যি মন্দিৰৰ দৰেই আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে।